ETV Bharat / state

কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী: অব্যাহত অচলাৱস্থা - assam election news

কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী ? নিৰ্বাচনী ফলাফলৰ ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো ৰাজ্যবাসী অপেক্ষাৰত এই প্ৰশ্নৰ উত্তৰ বিচাৰি । ৰাজ্যিক বিজেপিৰ এটা সূত্রই জনোৱা মতে, দিল্লীৰ পৰাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰা হ'ব । বুধবাৰে অসমৰ মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

who-will-next-cm of assam
কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্রী : অব্যাহত অচলাৱস্থা
author img

By

Published : May 4, 2021, 10:49 PM IST

Updated : May 5, 2021, 10:05 AM IST

গুৱাহাটী,4 মে': ৭৫ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি দ্বিতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী হাতত ল'বলৈ সাজু হৈছে বিজেপি নেতৃত্বৰ মিত্ৰজোঁট । কিন্তু শাসনৰ বাঘজৰী ল’বলৈ সাজু হৈও থমকি ৰ'ব লগা হৈছে মুখ্যমন্ত্রী পদৰ বাবে । কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্রী ? ফলাফলৰ পাছৰে পৰাই সৰ্বত্ৰে চলি থকা এই চৰ্চাৰ এতিয়ালৈকে অন্ত পৰা নাই । মুখ্যমন্ত্রীক লৈ এতিয়াও অব্যাহত আছে অচলাৱস্থা । অৱশ্যে মিত্রজোঁটৰ মুখ্যমন্ত্রীৰ চৰ্চা নিৰ্বাচনৰ পূৰ্বৰে পৰাই আছিল । কিন্তু এতিয়া পৰিস্থিতি বেলেগ । নিৰ্বাচনত জয়ী হোৱাৰ দুটা দিনৰ পাছতো এই বিষয়টো এতিয়াও চৰ্চাৰ মাজতেই আছে ।

মঙলবাৰে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ অসমলৈ অহাৰ কথা আছিল । লগত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং অহাৰ কথা আছিল । তেওঁলোকে নৱ নিৰ্বাচিত দলীয় বিধায়ক আৰু মিত্ৰজোঁটৰ বিধায়কসকলৰ মতামত সংগ্ৰহ কৰি বিজেপিৰ সংসদীয় পৰিষদক প্ৰতিবেদন জমা দিয়াৰ কথা আছিল । সেই প্ৰতিবেদনৰ ভিত্তিতেই দিল্লীত কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ কথা । কিন্তু দুয়োজনেই আজি অসমলৈ নাহিল । যাৰ ফলত মুখ্যমন্ত্রীৰ প্ৰসংগটো আজিও চৰ্চিৰ বিষয় হৈয়ে থাকিল । কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী-নিৰ্বাচনী ফলাফলৰ ৪৮ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো ৰাজ্যবাসীয়ে এই প্ৰশ্নৰ উত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্রী : অব্যাহত অচলাৱস্থা

উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্রীৰ প্ৰসংগত সোমবাৰে নিশা দিল্লীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক অনুষ্ঠিত হৈছিল । আনহাতে আজি নিশা নাইবা বুধবাৰে পুৱা দিল্লীত বিজেপিৰ সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে । এই বৈঠকতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । ৰাজ্যিক বিজেপিৰ এটা সূত্রই জনোৱা মতে দিল্লীৰ পৰাই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰা হ'ব । বুধবাৰে মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

ইফালে মুখ্যমন্ত্রী পদক লৈ দুটা শিবিৰ বিশেষভাৱে তৎপৰ হৈ আছে । বিজেপি আৰু মিত্রজোঁটৰ নিৰ্বাচিত বিধায়কসকলৰ এটা পক্ষ হিমন্ত বিশ্ব শৰ্মাৰ লগত থকাৰ বিপৰীতে আন এটা পক্ষ সৰ্বানন্দ সোণোৱালৰ লগত আছে । ফলাফলৰ পাচৰে পৰাই হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থকা শিবিৰে দিছপুৰৰ চৰকাৰী আৱাসলৈ সঘন আহ-যাহ কৰি আছে ।

সেইদৰে সৰ্বানন্দ সোণোৱালৰ পক্ষত থকা শিবিৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ সঘন আহ-যাহ কৰি আছে । সোমবাৰৰ দৰে মঙলবাৰেও দুয়োগৰাকীৰ চৰকাৰী আৱাসত বিধায়ক তথা দলীয় নেতাৰ সমাগম পৰিলক্ষিত হয় । দুই শিবিৰৰ এই তৎপৰতাৰ মাজতে দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব পৰৱৰ্তী মুখ্যমন্ত্রীৰ নাম । সোমবাৰে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পাছত মিত্রদল ইউপিপিএলৰ ছয়গৰাকী বিধায়কক লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে ।

আনহাতে, মঙলবাৰে সন্ধিয়া সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে বিজেপিৰ ৰাজ্যিক উপ-সভাপতি জয়ন্ত কুমাৰ দাসে । একাংশ বিধায়কে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্রী হিচাপে বিচৰাৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত কুমাৰ দাসে কয় যে অন্য দলৰ পৰা অহা একাংশই বিজেপিৰ কালচাৰ নাজানে বাবেই এনেদৰে কৈছে । তিনি-চাৰি দিনৰ ভিতৰত সকলোৰে মতামত লোৱাৰ পাছত দলৰ সংসদীয় পৰিষদে মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰিব আৰু তাৰ পাছতেই শপত গ্ৰহণ অনুষ্ঠিত হ'ব বুলি তেওঁ কয় ।

ইফালে মঙলবাৰে সন্ধিয়া ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি নিৰ্বাচিত বিধায়কৰ তালিকা প্ৰদান কৰে ।

লগতে পঢ়ক: কোন মুখ্যমন্ত্ৰী হোৱাতো বিচাৰে ৰণজিৎ দাসে...

Last Updated : May 5, 2021, 10:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.