ETV Bharat / state

Recruitment of new DGP : কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান

৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব । নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে দিছপুৰত আৰম্ভ হৈছে তৎপৰতা (Recruitment of new DGP of Assam) । চৰ্চাত আছে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াৰ নাম । চৰ্চাৰ শীৰ্ষত আছে আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম । লগতে আন কেইবাগৰাকী বিষয়াৰ নামো আছে চৰ্চাত ।

DGP
DGP
author img

By

Published : Dec 15, 2022, 1:02 PM IST

Updated : Dec 15, 2022, 1:42 PM IST

গুৱাহাটী, ১৫ ডিচেম্বৰ : অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব তাকে লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা (Recruitment of new DGP of Assam) । উল্লেখ্য, অহা ৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব । ৩১ জানুৱাৰীত অৱসৰ ল’ব ভাস্কৰজ্যোতি মহন্তই (DGP Bhaskarjyoti Mahanta retirement) ।

কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

গতিকে এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে দিছপুৰত আৰম্ভ হৈছে তৎপৰতা । দিছপুৰৰ এই তৎপৰতাক লৈ আৰক্ষী মহলত নতুন সঞ্চালক প্ৰধানক সন্দৰ্ভত ব্যাপক চৰ্চা চলিছে (discussion begins for new DGP of Assam) । নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব কাক অৰ্পণ কৰিব তাকে লৈ চিন্তা-চৰ্চা আৰম্ভ কৰাৰ লগতে এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ সন্ধানত ৰাজ্যৰ গৃহ বিভাগ ব্যস্ত হৈ পৰিছে (Home Department of Assam) ।

জি পি সিং, হৰমিত সিং আৰু এছ এন সিং

উক্ত চৰ্চাৰ শীৰ্ষত আছে আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম (special DGP GP Singh) । ১৯৯১ চনৰ আই পি এছ বিষয়া হৈছে জি পি সিং ৷ দ্বিতীয়তে চৰ্চাত আছে একে বৰ্ষৰে আই পি এছ বিষয়া কমিউনিকেচন শাখাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এছ এন সিঙৰ নাম । আনহাতে, তৃতীয়তে চৰ্চাত আছে ১৯৯২ বৰ্ষৰ বিষয়া হৰমিত সিঙৰ নাম ।

শেহতীয়াকৈ মহানগৰ আৰক্ষী আয়ুক্ত আছিল হৰমিত সিং । অলপতে হৰমিত সিঙক অসম আৰক্ষীৰ প্ৰশাসন শাখাৰ বিশেষ সঞ্চালক হিচাপে বদলি কৰা হৈছে ৷ চতুৰ্থ স্থানত আছে কেন্দ্ৰীয় ডেপুটেচনত থকা ১৯৯৩ বৰ্ষৰ বিষয়া ৰামপ্ৰসাদ মিনাৰ নাম । সেইদৰে পঞ্চম স্থানত নাম আছে এন ই পি এৰ সঞ্চালক, ১৯৯৪ চনৰ আই পি এছ দীপক কুমাৰৰ নাম ।

আনহাতে, ইয়াৰ উপৰি চৰ্চাত আছে এল আৰ বিষ্ণইৰ নামো ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান আছিল এল আৰ বিষ্ণই । বৰ্তমান মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত আছে এল আৰ বিষ্ণই । অৱশ্যে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত (Home Minister Himanta Biswa Sarma) ।

লগতে পঢ়ক :Lachit Barphukan Memorial and Cultural Project : টীয়কত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূজন

Last Updated : Dec 15, 2022, 1:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.