ETV Bharat / state

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কোন এই গৰ্গ চেটাৰ্জী !

বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিছিল গৰ্গ চেটাৰ্জীয়ে ৷ কিন্তু আহোম জনজাতিক অপমান কৰি অত্যুৎসাহ দেখুওৱা গৰ্গক গ্ৰেপ্তাৰ কৰিবলৈ গৈ অধোমুখে উলটিল অসম আৰক্ষীৰ বিশেষ দল ৷ কোন এই গৰ্গ চেটাৰ্জী? কিয় আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে তেওঁক? পশ্চিম বংগ আৰক্ষীয়ে কিয় আগ নবঢ়ালে সহায়ৰ হাত? পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কিবা ভূমিকা আছে নেকি এই ক্ষেত্ৰত ? এনে ধৰণৰ অনেক প্ৰশ্নৰ অতৱতাৰণা হৈছে বৰ্তমান সময়ত ৷

author img

By

Published : Jun 24, 2020, 9:19 PM IST

Updated : Jun 24, 2020, 10:49 PM IST

who is garga chatarjee
who is garga chatarjee

গুৱাহাটী, 24 জুন : বিগত কেইদিনত সংবাদ শিৰোনাম দখল কৰিছে গৰ্গ চেটাৰ্জীয়ে ৷ পশ্চিমবংগৰ এইগৰাকী বাঙালী জাতীয়তাবাদৰ প্ৰৱক্তাৰ এটা মন্তব্যই কঁপাইছে সমগ্ৰ অসম ৷ বৰ অসমৰ প্ৰতিষ্ঠাতা চাওলুং চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিছিল গৰ্গ চেটাৰ্জীয়ে ৷ এই মন্তব্য বিয়পি পৰাৰ পাচতেই গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অসমীয়া সচেতন মহল ৷ সৰ্বত্ৰে দাবী উঠিল তথাকথিত বাঙালী বুদ্ধিজীৱীক গ্ৰেপ্তাৰৰ ৷ স্বৰ্গদেউ চ্যুকাফাক অপমান কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ এটা চাৰিজনীয়া দল ৰাওনা হৈছিল পশ্চিমবংগলৈ ৷

কিন্তু আহোম জনজাতিক অপমান কৰি অত্যুৎসাহ দেখুওৱা গৰ্গক গ্ৰেপ্তাৰ কৰা বাদেই, তাৰ বিপৰীতে অসম আৰক্ষীৰ দলতো কলকতাৰ অসম ভৱনৰ পৰা ওলাবলৈকে দিয়া নহ'ল । গৰ্গৰ সমৰ্থকে আহি কলকতাৰ অসম ভৱনৰ ঘেৰাও কৰি অসম আৰক্ষীক অপদস্থ কৰিলে । আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বাঙালী বিদ্বেষী আখ্যা দি প্ৰতিকৃতি দাহ কৰে গৰ্গ চেটাৰ্জীৰ সমৰ্থকে ৷ বিফল মনোৰথেৰে অসম আৰক্ষীৰ দলটো সোমবাৰে গুৱাহাটী পোৱাৰ পিছত মহানগৰীৰ আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই এক সংবাদ মেল দি কয় যে, গুৱাহাটী হাইক'ৰ্টৰ পৰা গ্ৰেপ্তাৰী পাৰোৱানা লৈ যোৱাৰ পিছতো পশ্চিমবংগ আৰক্ষীয়ে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ নিদিলে । গতিকে ইয়াতকৈও অধিক নথি-পত্ৰ লৈ পুনৰ একে উদ্দেশ্যেৰে অসম আৰক্ষী গৰ্গক গ্ৰেপ্তাৰ কৰিবলৈ কলকতাত উপস্থিত হ'বগৈ ।

কোন এই গৰ্গ চেটাৰ্জী? কিয় আৰক্ষীয়ে আটক কৰিব নোৱাৰিলে তেওঁক? পশ্চিম বংগ আৰক্ষীয়ে কিয় আগ নবঢ়ালে সহায়ৰ হাত? পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কিবা ভূমিকা আছে নেকি এই ক্ষেত্ৰত ? এনে ধৰণৰ অনেক প্ৰশ্নৰ অতৱতাৰণা হৈছে বৰ্তমান সময়ত ৷

1228 খ্ৰীষ্টাব্দত ব্ৰহ্মদেশ হৈ পাটকাই পৰ্বত লংঘী সৌমাৰপীঠত ভৰি থৈছিল চাওলুং চ্যুকাফাই ৷ সেইসময়ত অসম মুলুক সুসংগঠিত এখন ৰাজ্য নাছিল ৷ চাওলুং চ্যুকাফাই সকলোকে একগোট কৰি বৰ অসমৰ ভেটি স্থাপন কৰিছিল আৰু তেওঁৱেই আছিল বিখ্যাৎ আহোম ৰাজ্যৰ প্ৰথমগৰাকী স্বৰ্গদেউ ৷

বিগত কেইবাবছৰ ধৰি বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি আহিছে গৰ্গ চেটাৰ্জীয়ে ৷ পেছাত গৰ্গ চেটাৰ্জী এগৰাকী অধ্যাপক ৷ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, কলিকতাৰ এগৰকাৰী সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত গৰ্গ চেটাৰ্জী ৷ 1997 চনত কলিকতাৰ ব'ৰ্ড পৰীক্ষাত চতুৰ্থস্থান অধিকাৰ কৰি মেট্ৰিক উত্তীৰ্ণ হৈছিল গৰ্গ চেটাৰ্জী ৷ তাৰ পাচত মেডিচিন আৰু চাৰ্জাৰী বিষয়ত কলিকতা মেডিকেল কলেজৰ চিকিৎসা বিজ্ঞানৰ পঢ়া শেষ কৰে ৷ তাৰ পাচত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু পি এই ডি ডিগ্ৰী লাভ কৰে ৷ তাৰ পাচতেই হাভাৰ্ড আৰু মাছ্যাছুচেট ইনষ্টিটিউট অৱ টেকন'ল'জি (MIT)ৰ পৰা প'ষ্ট ডক্টৰেট হিচাপে ব্ৰেইন এণ্ড কগনিছন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে ৷

আনুষ্ঠানিক শিক্ষা সাং কৰি লেছ্লি বিশ্ববিদ্যালয়ত কিছু দিন অধ্যাপনা কৰি 2015 চনত ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, কলিকতাত সহকাৰী অধ্যাপকৰূপে যোগদান কৰে ৷ মনকৰিব লগীয়া যে, বিগত পাঁচ বছৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ নিয়মীয়াকৈ অহাযোৱা কৰিছে গৰ্গ চেটাৰ্জীয়ে ৷ অতিথি প্ৰৱক্তা হিচাপে তেজপুৰ বিশ্ববিদ্যালয়স্থিত ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, বড়োলেণ্ড বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ আদিত অধ্যাপনা কৰিছে এইগৰাকী বিতৰ্কিত প্ৰবক্তাই ৷

এইগৰাকী অত্যন্ত মেধাবী যুৱকে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰাৰ কাৰণ কি ? অসমত অসমীয়া আৰু বঙালীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত কৰাৰ নিমিত্তে অনুঘটক হিচাপে ব্যৱহাৰ কৰিছে নেকি কোনো ৰাজনৈতিক দলে ? এইসমূহ প্ৰশ্নৰ অৱকাশ ৰাখিছে গৰ্গ চেটাৰ্জীৰ শেহতীয়া কৰ্মকাণ্ডই ৷

2019 বৰ্ষত এন আৰ চিৰ চূড়ান্ত তালিকাৰ কাম-কাজ চলি থকাৰ সময়তে "ছলো পাল্টাই" অভিযান আৰম্ভ কৰি অসমত থকা বঙালীসকলক উচতনি দিয়াৰ অভিযোগ উঠিছিল গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ৷ বাঙালী ভাষিক জাতীয়তাবাদৰ উগ্ৰ প্ৰবক্তা গৰ্গৰ দাবী- অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ চুকে কোণে তেওঁৰ হাজাৰ হাজাৰ সমৰ্থক আছে । 2017 চনত "বাংলা পক্ষ" নামৰ এটা সংগঠনৰ মঞ্চৰ পৰা তেওঁ জাতীয়তাবাদী অভিযান আৰম্ভ কৰে ৷ ইতিমধ্যে স্ক্ৰ'ল ডট ইন, হাফিংটন পষ্ট, দী বেংগল ষ্টৰী আদি কেইবাখনো পত্ৰিকাত নিবন্ধ লিখা এই যুৱকজনে মুকলিকৈ হিন্দী বলয়ৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতি আহিছে । তেওঁৰ মতে কবিগুৰু ৰবীন্দ্ৰনাথৰ "জন' গণ' মন' অধি.." ৰ দৰে সৃষ্টিকো বিকৃত কৰিছে হিন্দী বলয়ৰ আধিপত্যবাদী সকলে ।

গৰ্গ চেটাৰ্জী কোন, কিয় আটক নহ'ল গৰ্গ চেটাৰজী

গৰ্গ আৰু তেওঁৰ অনুৰাগী সকলৰ এই স্থিতিক ৰাজনৈতিক লাভালাভৰ অংকত লগোৱাৰ বাবেও যে একাংশ লোক উঠি পৰি লাগিছে সেয়াও এই মূহুৰ্তত স্পষ্ট হৈছে । বংগৰ সমাগত বিধানসভা নিৰ্বাচনত গৰ্গৰ দৰে ভাষিক উগ্ৰ জাতীয়তাবাদীৰ ভূমিকা কি হ'ব সেয়াও লক্ষ্যণীয় হব । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আওপকীয়াকৈ হলেও এই সময়ত গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে থিয় দিয়া বুলি ওলোৱা বাতৰিয়ে যেন তাৰেই ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক : গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল টাইপা

Last Updated : Jun 24, 2020, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.