ETV Bharat / state

শ্বেতা হত্যাকাণ্ড : ন্যায়ৰ অপেক্ষাত ভোক্তভোগীৰ পৰিয়াল ! - what will be the high court decision

সমগ্ৰ ৰাজ্য জোঁকাৰি গৈছিল 2015 বৰ্ষৰ উচ্চতৰ মাধ্যমৰ বাণিজ্য শাষাত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰী স্বেতা আগৰৱাল হত্যাকাণ্ডই ৷ 90 শতাংশ অগ্নিদগ্ধ অৱস্থাত প্ৰেমিক গোবিন্দ সিংঘালৰ বাসগৃহত বাথৰূমত উদ্ধাৰ হৈছিল স্বেতাৰ মৃতদেহ ৷ হাত্যাকাৰী গোবিন্দৰ মাতৃ কমলা সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালেও সহযোগ কৰিছিল হত্যাকাণ্ডত ৷ আদালতে মৃত্যুদণ্ড বিহিলে গোবিন্দক ৷ তাৰ পাচতেই অভিযুক্ত দ্বাৰস্থ হ'ল উচ্চ ন্যায়ালয়ৰ ৷ কি হ'ব উচ্চ ন্যায়ালয়ৰ ৰায় !

sweta murder in guwahati
শ্বেতা হত্যাকাণ্ড
author img

By

Published : Feb 3, 2020, 5:45 PM IST

Updated : Feb 4, 2020, 11:59 AM IST

গুৱাহাটী, ফেব্ৰুৱাৰী 3 : 2017 বৰ্ষৰ 4 ডিচেম্বৰত সংঘটিত হৈছিল স্বেতা আগৰৱালা হত্যাকাণ্ড ৷ 2015 বৰ্ষৰ উচ্চতৰ মাধ্যমৰ বাণিজ্য শাষাত প্ৰথম স্থান দখল কৰা মেধাৱী ছাত্ৰী স্বেতা আগৰৱাল হত্যাকাণ্ডই জোঁকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ প্ৰেমিক গোবিন্দ সিংঘালৰ বাসগৃহৰ বাথৰূমত 90 শতাংশ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল স্বেতাৰ মৃতদেহ ৷ স্বেতাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চালই সন্ধিয়া 6.30 বজাত উদ্ধাৰ কৰিছিল স্বেতাৰ মৃতদেহ ৷ গোবিন্দ সিংঘালৰ বাসগৃহত 90% অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল মেধাৱী ছাত্ৰী গৰাকীৰ মৃতদেহ ৷ লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সেই সময়ত ঘৰত উপস্থিত থকা গোবিন্দ সিংঘাল মাতৃ কমলা সিংঘাল আৰু জ্যেষ্ঠ ভগ্নী ভৱানী সিংঘালক ৷

আৰক্ষীয়ে সেইদিনা ওৰেটো নিশা জেৰা কৰিলে গোবিন্দ সিংঘালক ৷ জেৰাৰ অন্তত গোবিন্দ সিংঘালে স্বীকাৰ কৰিলে হত্যাকাণ্ডৰ কথা ৷ তাৰপাচত আৰক্ষীয়ে একেলগে মুখামুখিকৈ জেৰা কৰিলে মাতৃ ভগ্নী কমলা সিংহাল আৰু ভৱানী সিংঘালক ৷ আৰক্ষীৰ জেৰাত স্পষ্ট হৈ পৰিল স্বেতা আগৰৱাল হত্যাকাণ্ডত গোবিন্দ সিংঘালক মাতৃ আৰু ভগ্নীয়ে সহায় কৰাৰ কথা ৷ তদন্তকাৰী আৰক্ষীয়ে আদালতত জমা দিয়া কেছ ডায়েৰীৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰকাশ পাইছিল ঘাতক গোবিন্দ সিংঘালৰ নৃশংসতা ৷ হাত্যাকাৰী গোবিন্দৰ মাতৃ কমলা সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালেও সহযোগ কৰিছিল হত্যাকাণ্ডত ৷

শ্বেতা হত্যাকাণ্ড

কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতে 19 মাহজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই গোচৰৰ বাবে দোষী সাব্যস্ত কৰিলে গোবিন্দ সিংহাল, কমলা দেৱী আৰু ভৱানী সিংহালক ৷ তিনিওকে প্ৰেৰণ কৰা হ'ল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ দোষী সাব্যস্ত হোৱাৰ চাৰি দিনৰ পাছত 3 আগষ্ট 2019ত শান্তি ঘোষণা কৰিলে আদালতে ৷ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে স্বেতা আগৰৱাল হত্যাকাণ্ডৰ মূল দোষী গোবিন্দ সিংহালক মৃত্যুদণ্ড আৰু মাতৃ কমলা সিংঘাল আৰু জেষ্ঠ ভগ্নী ভাৱনী সিংহালক যাৱজ্জীৱন কাৰাদণ্ডৰ
শাস্তি প্ৰদান কৰে৷

মেধাৱী ছাত্ৰী স্বেতা আগৰৱাল হত্যাকাৰীক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ পাছত স্বস্তিৰ নিশ্বাস এৰিলে স্বেতাৰ আত্মীয়ই ৷ পিছে এইবাৰ দোষী গোবিন্দ সিংহালৰ পৰিয়াল কাষ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ ইতিমধ্যে উচ্চ ন্যায়ালয়ে জামিনত মুক্তি দিছে গোবিন্দ সিংহালৰ মাতৃ কমলা দেৱী আৰু ভগ্নী ভৱানী সিংহালক ৷ একেদৰে মূল হত্যাকাৰী গোবিন্দ সিংহালৰ ফাঁচীৰ ক্ষেত্ৰত এই পৰ্যন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই কোনো ৰায় ৷ এতিয়াও উচ্চ ন্যায়ালয়ৰ ৰায়দানলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে শ্বেতা আগৰৱালৰ পৰিয়ালে ৷ এই বৰ্বৰ হত্যাকাণ্ডৰ উচিত ন্যায়ৰ বাবে আগ্ৰহেৰে বাট চাইছে ৰাজ্যাবাসীয়েও ৷

লগতে পঢ়ক : বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড

Intro:(GFX) ২০১৭ চনৰ ৪ ডিচেম্বৰ এক চাঞ্চল‍্যকৰ ঘটনা।

(GFX) মেধাৱী ছাত্ৰী স্বেতা আগৰৱালাৰ নৃশংস ভাৱে হত্যা।

প্ৰথমে প্ৰেম ভালপোৱা তাৰ পিছত ঘৰলৈ মাতি নি নিৰ্মমভাৱে হত্যা।

২০১৭ চনৰ ৪ ডিচেম্বৰ পিতৃৰ এজাহাৰৰ ভিত্তিত সন্ধিয়া ৬ বজাৰ পৰা আৰক্ষীয়ে অভিযান চলাই ৬.৫০ বজাত আৰক্ষীয়ে স্বেতাৰ মৃতদেহ প্ৰেমিক গোবিন্দ সিংহালৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
তাৎক্ষণিক ভাৱে সেই সময়তে গোবিন্দ সিংহাল আৰু তেওঁৰ মাতৃ আৰু ভগ্নীক আটক কৰা হয়।

Body:বাথৰূমত পৰি থকা স্বেতাৰ মৃতদেহ ৯০% অগ্নিদগ্ধ অৱস্হাত উদ্ধাৰ কৰিছিল। সেই সময়ত গোবিন্দ সিংহালৰ ঘৰত আছিল মাক কমলা দেৱী আৰু ভনীয়েক ভৱানী সিংহাল।

আৰক্ষীয়ে সেইদিনা ওৰেটো নিশা জেৰা কৰিছিল গোবিন্দ সিংহালক । আৰক্ষীৰ জেৰাত গোবিন্দই হত্যা কৰা কথা স্বীকাৰ কৰিছিল।

৯ ডিচেম্বৰ ২০১৭ মাতৃ, ভগ্নীক একেলগে মুখামুখিকৈ জেৰা।

কামৰূপ জিলা সত্ৰ ন‍্যায়ধীশ আদালতে এই গোচৰত ৩০ জুলাই ২০১৯ গোবিন্দ সিংহাল, কমলা দেৱী আৰু ভৱানী সিংহালী তিনিও গৰাকীকে দোষী সাব্যস্ত কৰে।

দোষী সাব্যস্ত হোৱাৰ লগে লগে তিনিওগৰাকীক লৈ যোৱা হৈছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ। তাৰ ৪দিনৰ পাছত অৰ্থাৎ ৩ আগষ্ট ২০১৯ ত দোষী সাব্যস্ত হোৱা তিনিও গৰাকীকে শাস্তি ঘোষণা কৰিছিল আদালতে। প্ৰায় ১৯ মাহৰ পিছত স্বেতা আগৰৱালাৰ হত‍্যাকাণ্ড চূড়ান্ত ৰায়দান কৰা হল।
এই ৰায়দানত মূল অভিযুক্ত গোবিন্দ সিংহালক ফাঁচীৰ নিৰ্দেশ দিয়াৰ বিপৰীতে ভগ্নী আৰু মাতৃক বিহা হ'ল যাৱজ্জীৱন কাৰাদণ্ড । ন‍্যায়াধীশ অপৰেশ চক্ৰৱৰ্তী আদালতে এই ৰায়দান প্ৰদান কৰাৰ লগে লগে শ্বেতাৰ পিতৃ আৰু মাতৃৰ লগতে আত্মীয়ই সন্তুষ্টি ব‍্যক্ত কৰে।
আদালতে হত‍্যাকাৰী গোবিন্দ আৰু মাতৃ আৰু ভগ্নীক ভালশৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত আদালতে দোষী সাব্যস্ত কৰে।
এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ২০১৮ চনৰ মে' মাহৰ পৰা । মুঠ ২২ জন সাক্ষীৰ সাক্ষ‍্যদান লৈছিল আদালতে।

Conclusion:শ্বেতা আগৰৱালা আছিল ২০১৫ চনৰ বানিজ‍্য শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান দখল কৰা ছাত্ৰী।
Last Updated : Feb 4, 2020, 11:59 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.