ETV Bharat / state

ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ সময়ত কি কি কৰিব ? - ছেনিটাইজাৰ

UNICEF ৰ স্বাস্থ্য কৰ্মী সকলেল ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ সময়ত আৰু ভেকচিন গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত কি কি কৰিব লাগে তাৰ বিষয়ে কেইবাটাও বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা সদৰি কৰিছে ৷ যি সময়ত ভেকচিন গ্ৰহণ কৰিবলৈ যায় সেই সময়ত নিজৰ পৰিচয় প্ৰত্ৰ নিয়াৰ লগতে ছেনিটাইজাৰকে ধৰি নিজৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ লগত লৈ যাব লাগে ৷ ইপিনেদি প্ৰতিষেধক গ্ৰহণ কৰাৰ সময়ত সকলোৱে নিজৰ সুবিধাজনক হোৱাকৈ সহজতে আৰাম পোৱা ধৰণে কাপোৰ পৰিধান কৰি যাব লাগে যাতে স্বাস্থ্য কৰ্মীয়ে ভেকচিন প্ৰদান কৰাৰ সময়ত কোনোধৰণৰ অসুবিধা নাপায় ৷

ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ সময়ত কি কি কৰিব লাগে !

author img

By

Published : Apr 24, 2021, 10:36 PM IST

নিউজ ডেস্ক, 24 এপ্ৰিল : দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী ক’ৰণাৰ দ্বিতীয় ঢৌৱে ৷ তাৰ মাজতে সমগ্ৰ দেশজুৰি ক’ভিড ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু সম্প্ৰতি সকলোৱে ক’ভিড ভেকচিন ল’বলৈ আগ্ৰহী হোৱা দেখা গৈছে ৷ সেই হেতুকে আগন্তুক 1 মে’ৰ পৰা 18 উৰ্ধৰ সকলোকে ক’ভিড-19 ভেকচিন প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইপিনে বহু লোক ভেকচিন ল’বলৈ আগ্ৰহী হৈছে যদিও আন তাৰ মাজতে এতিয়াও একাংশৰ মনত ভয় সংশয় আৰু সন্দেহৰ ভাব থকা দেখা গৈছে ৷ সেই সময়তে UNICEF ৰ স্বাস্থ্য কৰ্মী সকলে ভেকচিন গ্ৰহণ কৰাৰ সময়তে আৰু ভেকচিন গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত কেইবাটাও বিশেষ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ কথা সদৰি কৰিছে ৷ যি সময়ত ভেকচিন ল’বলৈ ক’ভিড কেয়াৰ চেন্টাৰ অথবা চিকিৎসালয়লৈ যায় সেই সময়ত নাক আৰু মুখ ভালদৰে ঢাকি লোৱাৰ লগতে মাস্ক পৰিধান কৰি থাকিব লাগে ৷

একেদৰে যি সময়ত ভেকচিন গ্ৰহণ কৰিবলৈ যায় সেই সময়ত নিজৰ পৰিচয় প্ৰত্ৰ নিয়াৰ লগতে ছেনিটাইজাৰকে ধৰি নিজৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ লগত লৈ যাব লাগে ৷ ভেকচিন গ্ৰহণ কৰাৰ সময়ত সকলোৱে নিজৰ সুবিধাজনক হোৱাকৈ সহজতে আৰাম পোৱা ধৰণে কাপোৰ পৰিধান কৰি যাব লাগে যাতে স্বাস্থ্য কৰ্মীয়ে ভেকচিন প্ৰদান কৰাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নাপায় ৷ অন্য এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে, যি সময়ত আপুনি ভেকচিন গ্ৰহণ কৰিবলৈ যায় সেই সময়ত যদি অন্য কোনো বেমাৰৰ ঔষধ গ্ৰহণ কৰি গৈছে সেয়া তাত থকা স্বাস্থ্য কৰ্মীক পোন প্ৰথমে অৱগত কৰিব লাগে ৷

এইখিনেতে মনকৰিব লগীয়া আনএটা গুৰুত্বপূৰ্ণ কথা হ’ল যে, ভেকচিন গ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে যদি আপুনি নিজৰ দেহত কৰ’ণাৰ লক্ষণ দেখা পায় তেন্তে ভেকচিন গ্ৰহণ কৰিব নালাগে ৷ যেতিয়া আপোনাৰ দেহৰ পৰা ক’ভিড লক্ষণ সমূহ নাইকিয়া হ’ব তেতিয়াহে ভেকচিন গ্ৰহণ কৰিব লাগে ৷ ভেকচিন গ্ৰহণ কৰাৰ সময়ত আপুনি যদি আন কিবা বস্তু স্পৰ্শ কৰিছে লগে লগে হাত ছেনিটাইজ কৰিব লাগে ৷

আন এটা মনকৰিবলগীয়া কথা যে, ভেকচিন লোৱাৰ সময়ত আপোনাৰ কিছু সময়ৰ বাবে জ্বৰ বা অলপ বিষ হ’ব পাৰে ৷ কিন্তু পৰৱৰ্তী সময়ত ই ৰোগ প্ৰতিৰোধ কৰাৰ লগতে ক’ৰণা সৈতে যুদ্ধ কৰাত আপোনাৰ শৰীৰটোক শক্তিশালী কৰি তুলিব ৷ গতিকে আপুনি ভয় অথবা সংশয় কৰিব নালাগে ৷ ভেকচিন লোৱাৰ সময়ত স্বাভাৱিকতে পাৰ্শ্বক্ৰিয়া থাকিব কিন্তু এই পাৰ্শ্বক্ৰিয়াই মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰাব ৷

ভেকচিন লোৱাৰ সময়ত স্বাভাৱিকতে সৃষ্টি হোৱা কেইটামান লক্ষণ হৈছে, ভেকচিন লোৱাৰ পিছতে বিষ, ঠাণ্ডা লগা, সাধাৰণ জ্বৰ, মাংসপেশীৰ বিষ হ’ব পাৰে যদিও কিছু দিনৰ পিছত ঠিক হৈ যায় ৷ তাৰমাজতে যদি গভীৰ পাৰ্শ্বক্ৰিয়া যেনে খজুৱতি, মূৰ্চা যোৱা, এলাৰ্জী, উশাহ লোৱাত কিছু সমস্যাৰ সৃষ্টি হয় লগে লগে স্বাস্থ্য কৰ্মীক অৱগত কৰিব লাগে ।

লগতে পঢ়কঃ অৱশেষত আৰক্ষীৰ জালত পুৰণিগুদামৰ নৱজ্যোতি গায়নৰ হত্যাকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.