ETV Bharat / state

Kharghuli water pipe burst: খাৰঘূলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ, মৃতকৰ পৰিয়াললৈ এককালীন ক্ষতিপূৰণ, ক্ষতিগ্ৰস্তসকলকো প্ৰদান কৰা হ’ব যথোপযুক্ত সাহায্য ৷ আই আই টি, গুৱাহাটীৰ তত্ত্বাৱধানত অচিৰেই কৰা হ’ব জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ বিস্তৃত সুৰক্ষা পৰীক্ষণৰ কাম (Ghy kharghuli water pipe incident) ৷

Ghy Kharghuli water pipe incident
তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
author img

By

Published : May 26, 2023, 8:18 PM IST

দিছপুৰ, ২৬ মে’ : গুৱাহাটীৰ খাৰঘূলিত বৃহস্পতিবাৰে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি সন্ধিয়া খাৰঘূলিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি দুৰ্গতসকলক সাক্ষাৎ কৰাৰ সময়ত ঘটনাৰ উপযুক্ত তদন্তৰ ব্যৱস্থা কৰা হ’ব বুলি অৱগত কৰিছিল ৷

সেই অনুসৰি জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান প্ৰকল্পৰ খাৰঘূলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পৰা ৰামচা হিল মূল জলাধাৰলৈ পানী কঢ়িয়াই নিয়া মূল পাইপলাইন ফাটি হোৱা জল বিস্ফোৰণৰ এই ঘটনাৰ অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে আজি বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰি দিছে (Govt announces inquiry in pipe blast incident) ৷ সমিতিৰ আন সদস্য দুগৰাকী হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব তথা ‘অম্ৰুট’ৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক ৰমেন সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা ‘অম্ৰুট’ৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক সঞ্জয় মহন্ত (Kharghuli water pipe blast) ৷

Ghy Kharghuli water pipe incident
তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

ঘটনাৰ বিস্তৃত অনুসন্ধানৰ অন্তত অহা তিনিদিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ সমিতিক নিৰ্দেশ দিয়া হৈছে ৷ আনহাতে, কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষইয়ো খাৰঘূলিৰ ঘটনাৰ নিজাববীয়া তদন্তৰ ব্যৱস্থা কৰিছে ৷ এই উদ্দেশ্যে উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ মুখ্য কাৰ্যবাহী সদস্য অজিত কুমাৰ শৰ্মাক ঘটনাৰ যথোপযুক্ত তদন্ত কৰি পৰৱৰ্তী ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে জিলা দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তৰফৰ পৰা ইতিমধ্যেই এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ নিকটাত্মীয়ক ২ লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰাৰ লগতে ঘটনাৰ অন্যান্য ভুক্তভোগীসকলৰো ক্ষয়-ক্ষতিৰ বুজ লৈ যাৱতীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে (Water pipe explosion) ৷

অন্যহাতে জাইকাৰ গুৱাহাটী পানীযোগান প্ৰকল্পৰ প্ৰকল্প ৰূপায়ণ গোটৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক পঞ্চমী চৌধুৰীয়ে কালি সংঘটিত ঘটনাৰ কাৰণ সন্দৰ্ভত আজিৰ দিনটোৰ ভিতৰতে বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ প্ৰকল্পটোৰ অভিযন্তাৰ দায়িত্ববাহী তথা প্ৰকল্প পৰিচালনা পৰামৰ্শদাতা (পি এম চি) মেছাৰ্চ এন জে এছ কনচালটেণ্ট কোঃ লিমিটেডক নিৰ্দেশ দিছে ৷ লগতে এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে সেয়া সুনিশ্চিত কৰাৰ স্বাৰ্থত প্ৰকল্পৰ সুৰক্ষা পৰীক্ষণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰিবলৈও তেওঁ সংস্থাটোক নিৰ্দেশ দিছে (Water pipe explosion at Kharghuli Guwahati ) ৷

ইফালে, আই আই টি, গুৱাহাটীৰ সহযোগত জাইকা পানীযোগান প্ৰকল্পৰ বিস্তৃত সুৰক্ষা পৰীক্ষণৰ কাম হাতত লোৱাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ৷ প্ৰকল্প ৰূপায়ণ গোটৰ প্ৰকল্প সঞ্চালক পল্লৱ গোপাল ঝাই এই সন্দৰ্ভত ইতিমধ্যেই আই আই টি, গুৱাহাটীৰ সঞ্চালকলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে ৷ প্ৰকল্পৰ সমগ্ৰ পাইপলাইন, ভাল্‌ভ, জলাধাৰ আদিৰ সুৰক্ষা ব্যৱস্থাৱলীৰ পুংখানুপুংখ অধ্যয়ন কৰি ভৱিষ্যতে এনেধৰণৰ অনাকাংক্ষিত দুৰ্যোগ এৰাই চলাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে প্ৰতিষ্ঠানখনৰ বিশেষজ্ঞসকলৰ সহযোগিতা কামনা কৰা হৈছে ৷ প্ৰকল্পৰ জলাধাৰস্থিত এলেকাৰ সম্ভাব্য ভূমিস্খলন, পানী পৰিবাহী মূল পাইপলাইন তথা সংবহন আৰু বিতৰণ নেটৱৰ্কৰ সম্ভাব্য লীকেজ, ভাল্‌ভৰ লীকেজ আদি সকলো দিশ বিবেচনা কৰি গ্ৰহণ কৰিবলগীয়া উপযুক্ত পদক্ষেপ সম্বন্ধেও প্ৰতিষ্ঠানটোক নিজৰ প্ৰতিবেদনত পৰামৰ্শ প্ৰদানৰ বাবে আহ্বান জনোৱা হৈছে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে দুৰ্ঘটনা সংঘটিত হোৱা জাইকা সাহায্যপ্ৰাপ্ত দক্ষিণ-মধ্য গুৱাহাটী পানীযোগান প্ৰকল্পৰ ২০৪০ মিটাৰ দৈৰ্ঘ্যৰ পাইপলাইনডালৰ জৰিয়তে খাৰঘূলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পৰা ৰামচা হিল মূল জলাধাৰলৈ পানী কঢ়িয়াই নিয়া হয় ৷ ২০১৫-২০১৯ চনৰ সময়ছোৱাত মেছাৰ্চ গেমন ইণ্ডিয়া লিমিটেডে নিমাৰ্ণ কৰা এই পাইপলাইনৰ জল পৰীক্ষণ ২০১৯ চনতে সম্পন্ন কৰা হৈছিল আৰু ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা এই পাইপলাইন ৰামচা হিল জলাধাৰলৈ পানী উত্তোলনৰ কামত ব্যৱহৃত হৈ আছিল ৷

লগতে পঢ়ক : Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.