ETV Bharat / state

Water pipe bursts: মহানগৰীৰ জু ৰোডত ফুটিল পানীৰ পাইপ

author img

By

Published : Jul 29, 2023, 4:16 PM IST

মহানগৰীৰ ইটোৰ পিচত সিটো স্থানত ফুটিছে পানীৰ পাইপ । এইবাৰ পানীৰ পাইপ ফুটিছে মহানগৰীৰ জু ৰোডত ।

Water pipe bursts at Zoo road
মহানগৰীৰ জু ৰোডত ফুটিল পানীৰ পাইপ

মহানগৰীৰ জু ৰোডত ফুটিল পানীৰ পাইপ

গুৱাহাটী, 29 জুলাই : গুৱাহাটী মহানগৰীত এটুপি খোৱা পানীৰ বাবে জনতাই হাহাকাৰ কৰাৰ সময়তে মহানগৰীৰ ইটোৰ পিচত সিটো স্থানত ফুটিছে পানীৰ পাইপ । এইবাৰ পানীৰ পাইপ ফুটিছে মহানগৰীৰ জু ৰোডত । শনিবাৰে জু ৰোড তিনি আলিত জাইকাৰ পানীৰ পাইপ ফুটি জলমগ্ন হৈ পৰে বাট পথ। দুপৰীয়া প্ৰায় 12 বজাত পানীৰ পাইপ ফুটাত জু ৰোড তিনিআলিৰ পথত কৃত্ৰিম বানৰ সৃষ্টি হয়।

খাৰঘূলি, ৰাজগড়, মালিগাঁও , দক্ষিণশৰণীয়া, শিলপুখুৰীৰ পাচতে এইবাৰ পুনৰ জু ৰোড তিনি আলিত পানীৰ পাইপ ফুটে ৷ এফালে এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীৰ বাবে হাঁহাকাৰ, আনফালে গুৱাহাটীত চৰকাৰী উদ্যোগত পানীৰ অপচয়। পৰিৱৰ্তনৰ কথা কোৱা বিজেপি শাসিত চৰকাৰখনৰ দিনত এতিয়া এইদৰে হাঁহাকাৰময় কৰিব লগা হৈছে সাধাৰণ জনতাই। বাৰে বাৰে এইদৰে জাইকাৰ পানীৰ পাইপ ফাটি অপচয় হৈছে পানী ।

চৰকাৰে যধে-মধে অপৰিকল্পিতভাৱে কৰা কামৰ ফল এতিয়া ভুগিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে। শেহতীয়াকৈ জাইকাৰ পানীৰ পাইপ ফুটি খাৰঘুলি আৰু ৰাজগড়ত সৃষ্টি হৈছিল জলপ্ৰলয়ৰ ৷ খাৰঘুলিত এগৰাকী নিৰিহ মহিলাই প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী সম্পত্তি বিধ্বস্ত হৈ পৰিছিল । ইফালে কমাৰ্চ পইণ্টত হোৱা জলপ্ৰলয়ৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাঘৰো লোকৰ নাজল নাথল অৱস্থা হৈছিল ৷ এই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালক থকা সৰকা কৰিছিল সাধাৰণ জনতাই ৷

এক কথাত ক'বলৈ গ'লে গুৱাহাটীৰ উন্নয়ন এতিয়া ফুটি থকা পানীৰ পাইপত জলজল পটপট হৈ পৰিছে। পানীৰ পাইপৰ কাষেৰে যাবলৈ এতিয়া মানুহৰ ভয় হৈছে।

লগতে পঢ়ক:Ghy Water pipe burst: পানীৰ পাইপ দিল্লী, কেৰালাতো ফুটে; মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.