গুৱাহাটী, 6 এপ্ৰিল : মহানগৰীৰ মহানাগৰিকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে খোৱাপানীৰ সমস্যাৰ বাবে(Water Crisis in Guwahati) ৷ দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে এটোপাল বিশুদ্ধ খোৱাপানীৰ সমস্যা ৷ চৰকাৰৰ বৃহৎ জনস্বাস্থ্য কাৰিকৰী বিভাগে মহানাগৰিকৰ খোৱাপানীৰ সমস্যা হ্ৰাস কৰাৰ বাবে ব্যয়বহুল আঁচনিৰে স্থাপন কৰিছিল কেইবাটাও পানীযোগান প্ৰকল্প ৷ কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে, অধিকাংশ পানী যোগান আঁচনিয়ে এতিয়া আছে বিকল অৱস্থাত ৷
লগতে চাওক: Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত
জৱাহৰলাল নেহৰু আৰবান ৰিনিউৱেল মিছন, জাপান ইণ্টাৰনেচনেল কো-অপাৰেচন এজেন্সী চমুকৈ জাইকা আৰু এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যৰ দ্বাৰা গুৱাহাটীত যোৱা দুটা দশক ধৰি আৰম্ভ কৰা পানী যোগান আঁচনিসমূহ আজিও পৰি ৰৈছে নিৰ্মীয়মান অৱস্থাত ৷ যাৰ ফলত মহানগৰীত বৃদ্ধি পাইছে জল সংকট ৷
এনে জল সংকটৰ মাজতে মহানগৰীত দেখা গৈছে এক বিপৰীত ছবি ৷ গুৱাহাটী পৌৰ নিগমৰ অধীনষ্ঠ এখন পানী যোগান আঁচনি হৈছে 40-50 বছৰীয়া পুৰণি খাৰঘূলিৰ সাতপুখুৰী পানী যোগান আঁচনি ৷ এই আঁচনিখনৰ প্ৰায় 15 নিযুত লিটাৰ পানী যোগান ধৰাৰ ক্ষমতা আছে ৷ এই আঁচনিৰ জৰিয়তে নিজৰাপাৰ, নৱগ্ৰহ, খাৰঘূলি, লুইতপুৰ, কৈলাশপুৰ আদিকে ধৰি এক বৃহত্তৰ অঞ্চলৰ প্ৰায় 10-12 হাজাৰ পৰিয়ালক পূৰ্বে পানী যোগান ধৰা হৈছিল ৷
সম্প্ৰতি প্ৰকল্পটোৰ অধীনত স্থাপন কৰা পানীৰ টেংকীটোৰ বেৰৰ কেইবাস্থানতো ফাঁট মেলাত অপচয়(Water wastage at Satpukhuri water supply project) ঘটিছে হাজাৰ হাজাৰ লিটাৰ পানীৰ ৷ তদুপৰি পানী যোগান ধৰা পাইপসমূহৰো ঠায়ে ঠায়ে ছিদ্ৰৰ সৃষ্টি হোৱাত লেতেৰা পানীহে লাভ কৰিছে মহানগৰবাসীয়ে ৷
লগতে চাওক: AASU Protest in Guwahati : বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত মহানগৰীত আছুৰ প্ৰতিবাদ
বিগত প্ৰায় 5-6 বছৰ পূৰ্বৰে পৰা এই সমস্যাৰ উদ্ভৱ হোৱা বুলি জানিব পৰা গৈছে ৷ ফলত এটোপা বিশুদ্ধ খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ আহিছে অঞ্চলটোৰ বাসিন্দাসকল ৷ 2017-18 চনত প্ৰকল্পটোৰ অধীনত 3 টা পাম্প স্থাপন কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত প্ৰকল্পটোৰ অধীনত কোনো ধৰণৰ মেৰামতিৰ কাম সম্পন্ন নোহোৱা বুলি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে ৷
লগতে চাওক: Drinking Water Problem : নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে মাধৱদেৱ নগৰৰ বাসিন্দাই
বৰ্তমান গুৱাহাটী পৌৰ নিগমৰ অধীনত তিনিটাকৈ পানী যোগান প্ৰকল্পৰ কাম অব্যাহত আছে ৷ গুৱাহাটী পৌৰ নিগমৰ এই পানী যোগান প্ৰকল্প তিনিটা হৈছে ক্ৰমে- পাণবজাৰ পানী যোগান প্ৰকল্প, খাৰঘূলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানীযোগান প্ৰকল্প ৷ এই প্ৰকল্প তিনিটাত 85 টাকৈ পানীৰ পাম্প আছে যদিও, তিনিওটা প্ৰকল্প মিলি মাত্ৰ 30 টা পাম্পহে বৰ্তমান সক্ৰিয় হৈ আছে ৷ মুঠৰ ওপৰত ৰাজ্য চৰকাৰৰ অধীনষ্ঠ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ অৱহেলাৰ বাবে মহানগৰীত দৈনিক অপচয়(Water wastage in Guwahati) ঘটিছে হাজাৰ হাজাৰ লিটাৰ খোৱাপানীৰ ৷
লগতে চাওক: ৫২ লাখ টকা দৰমহাৰ বিষয়াই সমাধান কৰিব গুৱাহাটীৰ খোৱা পানীৰ সমস্যা !