ETV Bharat / state

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মিত্ৰ বাহিনীয়ে অসম চৰকাৰক উপহাৰ দিয়া টেংকখন এতিয়া ক'ত আছে ?

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত মিত্ৰ বাহিনীয়ে অসম চৰকাৰক উপহাৰ দিছিল এইখন বিশেষ টেংক ৷

চৰকাৰক উপহাৰ দিয়া টেংক
author img

By

Published : May 6, 2019, 11:09 PM IST

গুৱাহাটী, 6 মে' : দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ সময়ত শ্বিলঙত আছিল অসমৰ ৰাজধানী ৷ উপহাৰ স্বৰূপে পোৱা এই টেংকখন দীৰ্ঘদিন ধৰি ৰখা হৈছিল শ্বিলঙত ৷ 1975 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পাচতেই দিছপুৰলৈ লৈ অনা হৈছিল টেংকখন ৷ সেই তেতিয়াৰে পৰা এতিয়ালৈকে প্ৰায় চাৰি দশক জুৰি এনেকৈ ৰ'দে-বৰষুণে পংগু হৈ পৰি ৰৈছে মিত্ৰ বাহিনীয়ে দি থৈ যোৱা এই ঐতিহাসিক উপহাৰ ৷

জনতা ভৱনৰ ঠিক পাচফালে সাধাৰণ জনতাৰ অলক্ষিতে আজি প্ৰায় চাৰি দশকৰো অধিক কাল ধৰি পৰি আছে এই টেংকখন ৷ সাধাৰণ জনতাতো বাদেই, খোদ জনতা ভৱন আৰু বিধানসভা সচিবালয়ৰে বহু বিষয়া-কৰ্মচাৰীয়ে নাজানে এইখন যুদ্ধ টেংকৰ ইতিহাস ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন ...

Intro:ৰাজধানী দিছপুৰত এখন যুদ্ধ টেংক। আচৰিত নহব। দিছপুৰৰ জনতা ভৱনৰ ঠিক পিছফালে সাধাৰণ জনতাৰ অলক্ষিতে আজি প্ৰায় চাৰি দশকৰো অধিক কাল ধৰি পৰি আছে এই টেংকখন। সাধাৰণ জনতাতো বাদেই, খোদ জনতা ভৱন আৰু বিধানসভা সচিবালয়ৰে বহু বিষয়া-কৰ্মচাৰীয়ে নাজানে এইখন যুদ্ধ টেংকৰ ইতিহাস।

Body:সৌ সিদিনালৈকে হাবি জংঘলৰ মাজত পোত খাই পৰিত্যক্ত অৱস্থাত পৰি আছিল এই টেংকখন। ওচৰ চুবুৰীয়া কোনো শিশুৱে ইয়াৰ ওপৰত উঠি, ভিতৰত সোমাই হয়তো শৈশৱৰ ধেমালি কৰিছিল, আনন্দৰে উমলিছিল। আন কাৰোবাৰ বাবে হয়তো ই আছিল আকৌ কাপোৰ শুকুৱাবৰ বাবে উপযুক্ত ঠাই। মুঠতে অনাদৰ, অযত্নত জহি খহি যোৱাৰ উপক্ৰম হৈছিল এই যুদ্ধ টেংকখন। অৱশ্যে এতিয়া নতুনকৈ ৰং সানি আটোমটোকাৰিকৈ ইয়াক ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে।

Conclusion:কৰ পৰা, কেনেকৈ আহি দিছপুৰ পালেহি এইখন যুদ্ধ টেংক ? দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত মিত্ৰ বাহিনীয়ে সেই সময়ৰ অসম চৰকাৰক উপহাৰ হিচাবে দি থৈ গৈছিল এইখন টেংক। সেই সময়ত শ্বিলঙত আছিল অসমৰ ৰাজধানী। উপহাৰ স্বৰূপে পোৱা এই টেংকখন বহুদিন শ্বিলঙতে ৰখা হৈছিল যদিও পিছত দিছপুৰলৈ স্থায়ী ৰাজধানী স্থানান্তৰিত হোৱাত টেংকখনো দিছপুৰলৈ লৈ অহা হয়। সেই তেতিয়াৰে পৰা এতিয়ালৈকে প্ৰায় চাৰি দশক জুৰি এনেকৈ ৰদে বৰষুণে পৰি ৰৈছে মিত্ৰ বাহিনীয়ে দি থৈ যোৱা উপহাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.