ETV Bharat / state

এতিয়াৰে পৰা ভোটাৰ কাৰ্ডত সম্পৰ্কীয় ব্যক্তিৰ নামৰ পৰিৱৰ্তে থাকিব পিতৃ অথবা স্বামীৰ নাম

author img

By

Published : Sep 24, 2022, 5:44 PM IST

এতিয়াৰে পৰা ভোটাৰ পৰিচয় পত্ৰত সম্পৰ্কীয় ব্যক্তিৰ পৰিৱৰ্তে পিতৃ অথবা স্বামীৰ নাম বুলি উল্লেখ থাকিব ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰদান কৰিলে ৰায় (HC on Voter ID of Assam)৷

এতিয়াৰে পৰা ভোটাৰ কাৰ্ডত সম্পৰ্কীয় ব্যক্তিৰ নামৰ পৰিৱৰ্তে থাকিব পিতৃ অথবা স্বামীৰ নাম
এতিয়াৰে পৰা ভোটাৰ কাৰ্ডত সম্পৰ্কীয় ব্যক্তিৰ নামৰ পৰিৱৰ্তে থাকিব পিতৃ অথবা স্বামীৰ নাম

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: গুৱাহাটী উচ্চ ন্যায়ালয়ে(Gauhati High Court) প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায় । এই ৰায় অনুসৰি এতিয়াৰে পৰা ভোটাৰ কাৰ্ডত সম্পৰ্কীয় ব্যক্তিৰ স্থানত থাকিব পিতৃ বা স্বামীৰ নাম । থাকিব ফৰ্ম ৬ ৰ ব্যৱস্থা ।

উল্লেখ্য যে, অসমৰ ভোটাৰ কাৰ্ডসমূহত বৰ্তমানলৈ সম্পৰ্কীয় ব্যক্তিৰ নাম আছিল । ইয়াকে লৈ ড৹ জয়শ্ৰী গোস্বামী মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত WP(C)/4255/2016 নম্বৰত এখন লেখ আবেদন দাখিল কৰিছিল । গুৱাহাটী উচ্চ ন্যায়লয়ে ২১ ছেপ্টেম্বৰত উক্ত লেখ আবেদনৰ ৰায় প্ৰদান কৰে (HC on Voter ID of Assam)।

এই সন্দৰ্ভত শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত(Dispur Press Club) সংবাদমেল সম্বোধন কৰে প্ৰাক্তন সাংসদ তথা সাহিত্যিক ড৹ জয়শ্ৰী গোস্বামী মহন্তই ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসমত থকা ভাৰতীয় নাগৰিকসকলৰ পৰিচয়পত্ৰত পিতৃ/স্বামীৰ ঠাইত আত্মীয়ৰ নাম বুলি উল্লেখ থকা কথাষাৰে অসমৰ জনগণক কেৱল ব্যথিত কৰিছে ৷ ইয়াৰোপৰি পিতৃ বা স্বামীৰ পৰিচয়ৰ পৰা তথা পৰিয়ালৰ পৰিচয়ৰ পৰাও বঞ্চিত কৰি স্বকীয় পৰিচয়ৰ লগতে আৱেগত আঘাত দিছিল ।

ভাৰতবৰ্ষৰ আন আন ৰাজ্যত থকা বাসিন্দাসকলৰ ভোটাৰ পৰিচয়পত্ৰত পিতৃ আৰু স্বামীৰ পৰিচয় উল্লেখ আছে । কিন্তু অসমৰ ক্ষেত্ৰত সম্পৰ্কীয় শব্দটোহে আছে । কাৰ ষড়যন্ত্ৰৰ বাবে কেৱল অসমৰ জনতা পিতৃ, স্বামীৰ পৰিচয়ৰ পৰা বঞ্চিত হ’ল ? ইয়াত নিৰ্বাচন আয়োগ অথবা ৰাজনৈতিক মেৰপেচ সোমাই থকাৰ সন্দেহ ব্যক্ত কৰে ড৹ জয়শ্ৰী গোস্বামী মহন্তই (Dr Jayashree Goswami Mahanta)।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘত পুনৰ পাকিস্তানক সকীয়নি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.