বকো, 23 নৱেম্বৰ: খেলুৱৈৰ শাৰীৰিক আৰু মানসিক দিশ সমূহ তনকিয়াল কৰাৰ লক্ষ্য আগত ৰাখি বকোৰ হাৰিভাঙা ক্ৰীড়া সন্থাই আয়োজন কৰা সপ্তম বাৰ্ষিক দুদিনীয় প্ৰাইজমানী ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা এই আকৰ্ষণীয় প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দহটা দলে ৷ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অৱতীৰ্ণ হয় আৰিয়ান মিৰ্জা ভলীবল দল আৰু এ এচ ই বি গুৱাহাটী ভলীবল দল ৷ চূড়ান্ত মেচখনত এ এচ ই বি দলে 28-27, 25-19, আৰু 25-21 ব্যৱধানত মিৰ্জা আৰিয়ান দলক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে ৷
![vollyball-tournament-over-at-boko](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9632077_3x2_img.jpg)
খেলখন সূচাৰুৰূপে পৰিচালনা কৰে হাৰিভাঙা ক্ৰীড়া সন্থাৰ সভাপতি দিলদাৰ হুছেইন,উপ সভাপতি আনোৱাৰ আলী,সম্পাদক জমীৰ আলী,উপ সম্পাদক তৌফিকুল ইছলামে ৷ চূড়ান্ত খেলখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সমাজসেৱক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সক্ৰিয় সদস্য ভৱেশ দাস,বকো বব্ল কংগ্ৰেছ কমিটীৰ সভাপতি অৰবিন্দ ৰাভা সহিতে অঞ্চলতোৰ ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ৷