ETV Bharat / state

Vitali Das Award: ভিতালী দাস সোঁৱৰণি শিল্পী বঁটা গ্ৰহণ কৰি শোক প্ৰকাশ জুবলী বৰুৱাৰ

author img

By

Published : Apr 21, 2023, 10:24 PM IST

ৰাজ্যত বলিছে বসন্তৰ বা । পিছে দুবছৰ আগতে এই বসন্ততে অসমৰ সংগীত জগতখনক উকা কৰি গুচি গৈছিল বসন্তৰ ৰাণী ভিতালী দাস । আজি তেওঁৰ দুবছৰীয়া মৃত্যুবাৰ্ষিকীত ভিতালী দাস সোঁৱৰণী শিল্পী বঁটা আগবঢ়োৱা হয় কণ্ঠশিল্পী জুবলী বৰুৱালৈ (Vitali Das Sonwarani Shilpi Award to Jubilee Barua) ।

Vitali Das Sonwarani Shilpi Award to Jubilee Barua
জুবলী বৰুৱালৈ ভিতালী দাস সোঁৱৰণী শিল্পী বঁটা

গুৱাহাটী, ২১ এপ্ৰিল: ২০২১ চনৰ ২১ এপ্ৰিল । বসন্তৰ জুইকুৰা যেন ম্লান পৰিছিল সিদিনা । এই দিনটোতে অসমৰ সংগীত জগতৰ বাবে চিহ্নিত হৈছিল এটা ক'লা দিন হিচাপে । এই দিনটোতে দুবছৰ পূৰ্বে অসমবাসীয়ে চিৰদিনৰ বাবে হেৰুৱাইছিল ব'হাগৰ ৰাণী জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসক (Vitali Das passed away in 2021) ।

জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, আইমণি, মইনাজান, গামোচা, তগৰৰ দৰে একাধিক জনশ্ৰাব্য কেছেটৰ লগতে কেইবা সহস্ৰাধিক গীতত কণ্ঠদান কৰিছিল ভিতালী দাসে । অকালতে জীৱন নাটৰ সামৰণি পৰা প্ৰয়াত শিল্পী গৰাকীৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী । শিল্পী গৰাকীৰ জন্মস্থান উত্তৰ গুৱাহাটীৰ উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে বিগত বৰ্ষৰ পৰা শিল্পীগৰাকীৰ স্মৃতিত বঁটা প্ৰদান কৰি আহিছে (Vitali Das Sonwarani Shilpi Award presented) ।

শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত অনুষ্ঠানত কণ্ঠশিল্পী জুবলী বৰুৱাক প্ৰদান কৰা হয় ভিতালী দাস সোঁৱৰণী শিল্পী বঁটা (Vitali Das Sonwarani Shilpi Award to Jubilee Barua) । এই বঁটাত আছে মুগা ৰিহা, জাপি, প্ৰশস্তি পত্ৰ, স্মাৰক আৰু শৰাই । বঁটা গ্ৰহণ কৰি কণ্ঠশিল্পী জুবলীয়ে সংবাদ মাধ্যমৰ আগত কয়, তেওঁক এই বঁটা প্ৰদান কৰাৰ বাবে আয়োজক ধন্যবাদ জনায় ।

ভিতালী দাসৰ স্মৰণত এই বঁটা গ্ৰহণ কৰি এফালে আনন্দিত হ’লেও তেওঁৰ স্মৃতি সুঁৱৰি শোক প্ৰকাশ কৰে জুবলীয়ে ৷ তেওঁ উল্লেখ কৰে, ‘‘ভিতালী দাসে ইমান সোনকালে আমাক এৰি যাব বুলি কেতিয়াও ভবা নাছিলোঁ । তেওঁ কেতিয়াও নোহোৱা হ'ব নোৱাৰে । সংগীতৰ মাজেৰে তেওঁ ৰাইজৰ মাজত জীয়াই থাকিব ।’’ তেওঁ লগতে ভিতালী দাস নাই যদিও তেওঁৰ কন্যা জুনিয়ৰ ভিতালি দাস আমাৰ মাজত আছে বুলি মন্তব্য কৰে ।

আনহাতে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপেও অংশগ্ৰহণ কৰে অনুষ্ঠানটোত । সংবাদ মাধ্যমৰ আগত এটি গানৰ কলি গুণগুণাই কমলিকাই । উৎপল ৰঞ্জন মেধীয়ে আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে ভিতালী দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে ভিতালী দাসৰ স্বামী শিল্পী ভূপেন দাসে (Tribute to Vitali Das) । অনুষ্ঠানত উপস্থিত থাকে চিকিৎসক, শিল্পী, সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, আৰক্ষী বিষয়া ড° নন্দ সিং বৰকলাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: Ankita Dutta updates: নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক; জবাবদিহি হ’ব কমলাক্ষ্য দে’ পুৰকায়স্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.