ETV Bharat / state

ৰাংঢালী-২০২৪ত কণ্ঠদান ভিটালী দাসৰ কন্যা কমলিকা দাসৰ

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 5:48 PM IST

Rangdhali Album 2024: কন্যাৰ কণ্ঠত পুনৰ ৰাইজৰ মাজলৈ ঘূৰি আহিল প্ৰয়াত কণ্ঠশিল্পী ভিটালী দাস । ৰাংঢালী-২০২৪'ৰ গীতত কণ্ঠদান কৰিছে ভিটালী দাসৰ কন্যা কমলিকা দাসে ৷

Etv BharatVitali Das's daughter sings in Rangdhali Album 2024
কন্যাৰ কণ্ঠত ৰাংঢালীলৈ উভতিল ভিটালী দাস
কন্যাৰ কণ্ঠত ৰাংঢালীলৈ উভতিল ভিটালী দাস

গুৱাহাটী, ৯ জানুৱাৰী: ২০০১ চনত ৰাইজৰ মাজলৈ অহা বিহুসুৰীয়া এলবাম ৰাংঢালীয়ে ভৰি দিলে ২৪ বর্ষত । ৰাংঢালীৰ প্ৰায়সমূহ গীত আজিও ৰাইজৰ মুখে মুখে । এলবামখনৰ প্ৰায় ৭৫% গীততে কণ্ঠদান কৰিছিল প্ৰয়াত কণ্ঠশিল্পী ভিটালী দাসে । কিন্তু ৰাংঢালিৰ গীতসমূহ ভিটালী দাসৰ কণ্ঠ অবিহনে আধৰুৱা ৷ তোমাৰ চকুৰ কাজলত, চকুৱে কথা ক’লে আদি গীতত ভিটালী দাসৰ সেই সুৰ আজিও শ্ৰোতাৰ মাজত জনপ্ৰিয় ৷

কিন্তু তেওঁৰ মৃত্যুৰ পিচত যেন আধৰুৱা হৈ পৰিছিল এলবাম ৰাংঢালী ৷ কিন্তু এতিয়া কন্যাৰ কণ্ঠত পুনৰ ৰাইজৰ মাজলৈ ঘূৰি আহিল 'ৰাংঢালী'ৰ প্ৰয়াত কণ্ঠশিল্পী ভিটালী দাস । ৰাংঢালী-২০২৪'ত গীতত কণ্ঠদান কৰিছে ভিটালী দাসৰ কন্যা কমলিকা দাসে । সামাজিক মাধ্যমযোগে কৃষ্ণমণি চুতীয়াই ব্যক্ত কৰিলে এই কথা ।

শিল্পী কৃষ্ণমণি চুতীয়াই সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি উল্লেখ কৰে,‘‘ভিটালী দাস আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও, আমি সকলোৱে কৈছিলোঁ তেওঁৰ আধৰুৱা সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিব লাগে । ৰাংঢালীৰ প্ৰথমটো গীত আৰম্ভ কৰিছিলো ভিটালী দাসৰ কণ্ঠৰে আৰু ২০২৪ বর্ষৰ ৰাংঢালীৰ প্ৰথমটো গীত আৰম্ভ কৰিবলৈ ওলাইছোঁ ভিটালী দাসৰ একমাত্ৰ কন্যা কমলিকাৰ কণ্ঠৰে । এইটো আমাৰ বাবে আটাইতকৈ গৌৰৱৰ দিন । আমি এনেদৰেই ভিটালী দাসক জীয়াই ৰাখিব লাগিব ।’’

উল্লেখযোগ্য যে, ২০২১ চনৰ ২১ এপ্ৰিলত অসমবাসীয়ে চিৰদিনৰ বাবে হেৰুৱাইছিল ব’হাগৰ ৰাণী জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসক । ৰাংঢালী, জানমণি, অঞ্জনা, বগীতৰা, আইমণি, মইনাজান, গামোচা, তগৰৰ দৰে একাধিক জনশ্ৰাব্য কেছেটৰ লগতে কেইবা সহস্ৰাধিক বিহুসুৰীয়া গীতত কণ্ঠদান কৰিছিল ভিটালী দাসে । মাতৃৰ মৃত্যুৰ পাচত মাতৃয়ে কণ্ঠদান কৰা গীতত কণ্ঠদান কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ভিটালী দাসৰ কন্যা কমলিকা । যেন এতিয়া কন্যাৰ কণ্ঠত পুনৰ অসমবাসীয়ে বিচাৰি পাইছে ভিটালী দাসক । ৰাংঢালীৰ আহিবলগীয়া এই নতুন গীতটোকো ৰাইজে আদৰি ল’ব বুলি আশাবাদী কমলিকাৰ লগতে সমূহ ৰাংঢালী পৰিয়াল ।

লগতে পঢ়ক: ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.