ETV Bharat / state

শুভ বিশ্বকৰ্মা পূজা... - বিশ্বকৰ্মা পূজা

সৰ্বত্ৰে বিশ্বকৰ্মা পূজাক(Vishwakarma Puja) লৈ ব্যস্ততা ৷ সমগ্ৰ দেশৰ হিন্দু সম্প্ৰদায়ৰ লোকে বিশ্ব খনিকৰক পূজা কৰে ৷ এই দিনটো অসমীয়া ভাদ মাহৰ অন্তিমটো দিনত পৰে, যাক ভদ্ৰ সংক্ৰান্তি বুলিও জনা যায় ৷ চাওক এই বিশেষ প্ৰতিবেদন...

vishwakarma puja
বিশ্বকৰ্মা পূজা
author img

By

Published : Sep 17, 2021, 2:15 PM IST

নিউজ ডেস্ক, 17 ছেপ্তেম্বৰ : আজি বিশ্বকৰ্মা পূজা(Vishwakarma Puja) । বিশ্ব খনিকৰৰ পূজাক লৈ পুৱাৰে পৰা ব্যস্ততা ৰাজ্যবাসীৰ । নিজ নিজ প্ৰতিষ্ঠানৰ পূজা মণ্ডপসমূহ আকৰ্ষণীয়ভাৱে সজাই-পৰাই তোলা পৰিলক্ষিত হৈছে । উদ্যোগ, কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান আদি সকলোতে বিৰাজ কৰিছে এক ব্যস্ততাময় পৰিৱেশে ।

পূজা উপলক্ষে ঢাক-ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । সকলো প্ৰতিষ্ঠানৰ লেখীয়াকৈ বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়তো চলিছে পূজাৰ ব্যাপক আয়োজন । সকলোৱে আৰাধনা কৰিছে বিশ্ব খনিকৰ বিশ্বকৰ্মাক । বিশ্বকৰ্মা পূজাই ধৰালৈ উৎসৱৰ আগমনৰ বতৰা কঢ়িয়াই আনে । বিশ্বকৰ্মা পূজাক ‘বিশ্বকৰ্মা জয়ন্তী’ বুলিও জনা যায় ৷

সমগ্ৰ দেশৰ হিন্দু সম্প্ৰদায়ৰ লোকে পূজা কৰে বিশ্ব খনিকৰক ৷ সাধাৰণতে এই দিনটো অসমীয়া ভাদ মাহৰ অন্তিমটো দিনত পৰে, যাক ভদ্ৰ সংক্ৰান্তি অথবা কন্যা সংক্ৰান্তি বুলি কোৱা হয় । এই দিনটোত ভক্তসকলে ভগৱান বিশ্বৰ সৃষ্টিকৰ্তা বিশ্বকৰ্মাৰ উপাসনা কৰে ৷ বিশ্বকৰ্মা পূজা উপলক্ষে কাৰখানা আৰু ঔদ্যোগিক শ্ৰমিকসকলে তেওঁলোকৰ সঁজুলি, বাহন আদিৰ উপাসনা কৰে ।

তেওঁলোকে ব্যৱহৃত যন্ত্ৰসমূহৰ মসৃণ কাৰ্যকলাপ আৰু সুৰক্ষিত কৰি ৰাখিবৰ বাবে ভগৱান বিশ্বকৰ্মাক প্ৰাৰ্থনা কৰে । বিশ্বকৰ্মা পূজাৰ দিনা দৰাচলতে কোনো সঁজুলি বা যন্ত্ৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সেইসমূহৰ পূজা কৰা হয় ৷ এই উৎসৱ মুখ্যতঃ বিহাৰ, অসম, পশ্চিমবংগ, ঝাৰখণ্ড, ওড়িশা আদি পূৱৰ ৰাজ্যসমূহত উলহ-মালহেৰে উদযাপন কৰা হয় ।

লগতে নেপালতো বিশ্বকৰ্মা পূজা উদযাপন কৰা হয় । অৱশ্যে ক’ভিড(Covid) মহামাৰীৰ বাবে বিগত বছৰৰ পৰা পূজাৰ কোনো বিশাল আয়োজন কৰা হোৱা নাই ৷ বিশ্বকৰ্মাৰ আশীৰ্বাদত বিশেষকৈ ব্যৱসায় আৰু চাকৰি তথা সাংসাৰিক জীৱনত পদোন্নতি হোৱা বুলি ধাৰণা কৰা হয় ।

ভগৱান বিশ্বকৰ্মাই সকলোৰে বাবে কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা । নিখুঁত ভাস্কৰ্যৰ দৰেই বিশ্ব খনিকৰে মানুহৰ জীৱনটোও গঢ়ি তোলক, তাৰেই কামনা ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ শাসনকালৰ মাইলৰ খুঁটিসমূহৰ চমু আভাষ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.