গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহতো শেহতীয়াকৈ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে । আনকি বিগত তিনি সপ্তাহৰ ভিতৰত মানুহৰ হাতত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে হাতীৰ আক্ৰমণতো এজন লোকৰ মৃত্যু হৈছে । আনকি, সন্ধিয়া হোৱাৰ লগে লগে বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰে আৰু কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধানৰ খেতি খাই তহিলং কৰে । ফলত কৃষক ৰাইজ দিশহাৰা হৈ পৰিছে ।
![Villagers demand solution for wild elephant menace at Rani](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-protest-in-rani-for-elephant-disturb-7209925_23092021203250_2309f_1632409370_812.jpg)
সেয়ে, হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি বৃহস্পতিবাৰে দিনৰ ভাগত অসম-মেঘালয় সীমান্তৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখত ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিয়ে এঘন্টাযোৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । সমিতিৰ সভাপতি দীনেশ নাথ আৰু সম্পাদক বিনয় দাসৰ নেতৃত্বত বহু কৃষকে হাতে হাতে প্লে-কাৰ্ড, পোষ্টাৰ লৈ বিক্ষোভ প্ৰদৰ্শন কৰে ।
"বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰক", "ভুক্তভোগী কৃষকক ক্ষতিপূৰণ দিয়ক" আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । পাছত আঞ্চলিক বন বিষয়াৰ জৰিয়তে পূৱ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় । উক্ত স্মাৰকপত্ৰত বৃহত্তৰ অঞ্চলটোৰ ১৫ খন গাঁৱৰ ৰাইজৰ কৃষিভূমি ৰক্ষাৰ বাবে হাতীৰ প্ৰৱেশ পথ সৌৰশক্তি চালিত বেৰৰে বন্ধ কৰা, ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ আদায় দিয়া, বনকৰ্মীৰ জৰিয়তে হাতী খেদি পঠিওৱাৰ ব্যৱস্থা কৰা আৰু ৰাইজক উচ্চ শক্তি সম্পন্ন টৰ্চলাইট যোগান ধৰাৰ বাবে দাবী জনোৱা হয় ।
লগতে পঢ়ক:সওঁপুৰত গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ