গুৱাহাটী, ১০ ছেপ্টেম্বৰ : কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বাছনি পৰীক্ষা অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ধনৰ লেনদেনৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা কোন এইগৰাকী ভিক্টৰ দাস (Victor Das alleged corruption in recruitment) নিশ্চিতভাৱে এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ বাবে হৈ পৰিছে এইটো ডাঙৰ প্ৰশ্ন ।
উল্লেখ্য যে ভিক্টৰ দাসে অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত (Assam Govt Recruitment 2022) ধনৰ লেনদেন হোৱা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান, বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক উদ্দেশ্যি এক টুইট কৰিছিল । ইয়াৰ পাছতেই উৰাবাতৰি বিয়পোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক ৷
ভিক্টৰ দাস হৈছে ক'চিং ইনষ্টিটিউটৰ শিক্ষক । তেওঁৰ প্ৰকৃত ঘৰ কামৰূপৰ দদৰাত যদিও ভিক্টৰ দাসে মহানগৰীৰ মালিগাঁৱতে জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছে । তেওঁ Scordemy নামৰ ক'চিং ইনষ্টিটিউখন বিগত তিনিমাহ ধৰি লাচিত নগৰত চলাই আহিছে । ক'চিং ইনষ্টিটিউখন আৰম্ভ কৰাৰ পূৰ্বৰে পৰা তেওঁ Scordemy নামেৰে শিক্ষামূলক Blog এটা চলাই আহিছে ।
তেওঁ ২০১৭ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সমাপ্ত কৰে (Educational Blogger Victor Das) । উল্লেখ্য যে দিনজোৰা জেৰাৰ পিছত শুকুৰবাৰে নিশা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । ছ'চিয়েল মিডিয়াত ভিক্টৰ দাসৰ জীৱনৰ নিৰাপত্তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে একাংশ লোকে ।
কাৰণ ভিক্টৰ দাসৰ পিতৃ কুমুদ চন্দ্র দাসেও ৰে'ল বিভাগৰ কোটিটকীয়া কেলেংকাৰী ফাদিল কৰাৰ পিছত প্ৰাণ হেৰুৱাবলগা হৈছিল । ২০২০ চনৰ আগষ্ট মাহত কুমুদ চন্দ্ৰ দাসৰ মৃতদেহ ৰহস্যজনকভাৱে ৰে'ল লাইনত উদ্ধাৰ হৈছিল । এইবাৰ প্ৰয়াত কুমুদ চন্দ্ৰ দাসৰ পুত্ৰ ভিক্টৰ দাসো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছে ।
উল্লেখ্য, ক'চিং ইনষ্টিটিউটৰ শিক্ষক ভিক্টৰ দাসৰ অভিযোগৰ সত্যতা এতিয়াও প্ৰমাণ হোৱা নাই যদিও এই অভিযোগে চৰকাৰে নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰা বুলি দাবী কৰা নিযুক্তি প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে ।
ইফালে ভিক্টৰ দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (Victor Das arrested by Guwahati police) ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক অখিল গগৈয়ে এটা অভিযোগৰ ভিত্তিত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাটো নাভুত-নাশ্ৰুত কাণ্ড বুলি উল্লেখ কৰে (Akhil Gogoi reaction on Victor Das) ৷
তেওঁ লগতে কয় যে অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰি চৰকাৰে স্পষ্টভাৱে জনাই দিছে যে অসমত এতিয়া গণতন্ত্ৰ নাই । জীয়াই থকাটোৱে এতিয়া কঠিন কাম । ভিক্টৰ দাসৰ অভিযোগ তদন্তত মিছা প্ৰতিপন্ন হ’লেও তেওঁক গ্ৰেপ্তাৰ কৰাটো বেআইনী বুলি উল্লেখ কৰি তেওঁক মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ৷