গুৱাহাটী, ২৪ মে’: ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰ ষ্টীফেন মেভলিক গ্ৰেপ্তাৰ । জৰ্জ বৰদলৈক অত্মহত্যাৰ বাবে চাপ প্ৰয়োগৰ অভিযোগত গ্ৰেপ্তাৰ ষ্টীফেন মেভলিক (Vice Chancellor of Assam Don Bosco university father Stephen Mavely arrested)। জৰ্জ বৰদলৈক আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খাই পৰিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰৰ । ইয়াৰ পিছতে সোণাপুৰ আৰক্ষীয়ে বহু সময় ধৰি জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ফাডাৰ ষ্টীফেনক ।
ষ্টীফেন মেভলিক মঙলবাৰে আদালত হাজিৰ কৰোৱা হ’ব বুলি জনালে মহানগৰ আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে । জৰ্জ বৰদলৈৰ পুত্ৰ পেট্ৰিক বৰদলৈয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে ফাডাৰজনক । উল্লেখ্য যে সোমবাৰে অভিনেতা, সমাজকৰ্মী তথা ব্যৱসায়ী জৰ্জ বৰদলৈয়ে সোণাপুৰৰ হাতীমূৰাত থকা নিজ বাসগৃহত আত্মহনন কৰিছিল ।
বৰদলৈয়ে লিখি থৈ যোৱা চুইচাইড নোটত প্ৰকাশ পাইছিল বিস্ফোৰক তথ্য । চুইচাইড নোটত আত্মহত্যাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তুলিছিল ডনবস্ক’ বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিৰুদ্ধে । ইয়াৰোপৰি ফাডাৰ ষ্টীফেন মেভলিয়ে (Stephen Mavely) বৰদলৈৰ বিৰুদ্ধে ভুৱা গোচৰ তৰা বুলি উল্লেখ কৰি ৫০ টকীয়া দলিলত জৰ্জ বৰদলৈয়ে লিখি থৈ গৈছে (George Bordoloi suicide note)।
লগতে পঢ়ক: Road accident at Sipajhar : তীব্ৰবেগী ট্ৰাকে মহতিয়ালে প্ৰাতঃভ্ৰমণলৈ অহা লোকক, 5 গৰাকীৰ মৃত্যু