ETV Bharat / state

Shrinkhal Chaliha Granted Bail : 45 দিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা

author img

By

Published : Jun 20, 2023, 6:55 AM IST

45 দিনৰ অন্তত মুকলি হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ৷ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বন্দী হ’ব লগা হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকী ৷

Shrinkhal Chaliha Granted Bail
জেলৰ পৰা মুকলি হ’ল শৃংখল চলিহা

নিউজ ডেস্ক, 20 জুন : অৱশেষত মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ৷ NSA অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বন্দী হৈ থকা শৃংখল চলিহাক 45 দিনৰ অন্তত মুকলি কৰি দিয়া হয় ৷ জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় 11 বজাত ঘৰত আহি উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতাগৰাকী ৷ শৃংখল চলিহা বাসগৃহত উপস্থিত হোৱাৰ পাচতে তেওঁৰ খবৰ ল’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷

উল্লেখ্য যে, বহু সমালোচিত শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰক লৈ শিৱসাগৰ জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে কৰিছিল কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ তথ্য অনুসৰি, শিৱসাগৰ জিলা দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A)ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা 3(2)ৰ অধীনত তিনি মাহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ৷

জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে উল্লেখ কৰা অনুসৰি, শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যৱেক্ষণ কৰি তেওঁক সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ সিঁচিছিল ৷ লগতে সমাজত এক অশান্তিকৰ বাতাৱৰণ সৃষ্টি কৰিছিল শৃংখল চলিহাই ৷ যাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক ৷

লগতে পঢ়ক : Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অখিল গগৈৰ

জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে উল্লেখ কৰা অনুসৰি, শৃংখল চলিহাই শিৱসাগৰৰ একাংশ বিশেষ সম্প্ৰদায় আৰু ভাষা-ভাষী লোকৰ মাজত বিহুকে ধৰি বিভিন্ন উপলক্ষত ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰিছিল ৷ লগতে সেইসকলৰ সুৰক্ষা বিঘ্নিত কৰি বিভিন্ন সময়ত সেইসকল ব্যৱসায়ী সম্প্ৰদায়ক ঘৰ-বাৰি এৰি গুচি যোৱাৰ হুমকি প্ৰদান কৰি আহিছিল ৷

ইয়াৰ উপৰিও চলিহাই বিভিন্ন সময়ত বন্ধ ঘোষণা কৰি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তুলিছিল ৷ একাংশ বিশেষ ব্যৱসায়িক গোষ্ঠীক দাবী-ধমকি, মাৰপিট কৰি সাম্প্ৰদায়িক ঘৃণা, ধৰ্মীয় বিভেদ, ভাষিক অসহিষ্ণুতা বিয়পোৱা শৃংখল চলিহাই একাংশ সহযোগীৰ সৈতে মিলি ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগো উত্থাপন হৈছিল ৷

এনেবোৰ বিষয়বোৰ পৰ্যালোচনা কৰাৰ লগতে শৃংখলৰ শেহতীয়া বক্তব্য আৰু কামৰ প্ৰতি নজৰ ৰাখি শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তাৰ পাচতে তিনি মাহৰ বাবে শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় চলিহাক ৷

লগতে পঢ়ক : Shrinkhal Chaliha case: কিয় ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ল শৃংখলক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.