ETV Bharat / state

9 বছৰত 54 টা প্ৰকল্পৰ ভিতৰত‌ 44 টা প্ৰকল্পই অসম্পূৰ্ণ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 10:47 PM IST

ৰাজ্যত অতি ধীৰ গতিত আগবাঢ়িছে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাম ৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ অধীনত 2014 চনৰ পৰা ৰাজ্যত গ্ৰহণ কৰা 54 টা প্ৰকল্পৰ ভিতৰত‌ মাত্ৰ 10 টা প্ৰকল্পৰ কামহে এই পর্যন্ত সম্পূৰ্ণ হৈছে ৷

Various Projects of NHIDCL in Assam
54 টা প্ৰকল্পৰ 44 টাই অসম্পূৰ্ণ

গুৱাহাটী, 24 নৱেম্বৰ : ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাম অসমত অতি ধীৰ গতিত আগবাঢ়িছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ (এন এইচ আই ডি চি এল) অধীনত 2014 চনৰ পৰা ৰাজ্যত গ্ৰহণ কৰা 54 টা প্ৰকল্পৰ ভিতৰত‌ মাত্ৰ 10 টা প্ৰকল্পৰ কামহে এই পর্যন্ত সম্পূৰ্ণ হৈছে ৷ Ministery of Road Transport and Highways ৰ শেহতীয়া তথ্য মতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ (এন এইচ আই ডি চি এল) অধীনত 2014 চনৰ পৰা ৰাজ্যত 16,663 কোটি টকাৰ 54 টা প্ৰকল্পৰ অধীনত 1,128 কিঃ মিঃ ৰাস্তা আৰু দলং আদি নিৰ্মাণৰ কাম চলি আছে ৷

ইয়াৰ ভিতৰত যোৱা 9 বছৰত মাত্ৰ 1290.52 কোটি টকাৰ 10 টা প্ৰকল্পৰ 133.34 কিঃ মিঃ ৰাস্তাৰ কামহে এই পর্যন্ত সম্পূৰ্ণ হৈছে ৷ আনহাতে ইয়াৰ ভিতৰত চলিত বৰ্ষৰ 256 কিঃ মিঃ দৈৰ্ঘ্যৰ পথ-দলং আদিৰ কাম এই পর্যন্ত আৰম্ভ হোৱাই নাই ৷ মন কৰিবলগীয়া যে ৰাজ্যৰ এই 54 টা প্ৰকল্পৰ বাবে 35,189 কোটি টকা মুঠ প্ৰকল্প ব্যয় আছিল‌ বা আবণ্টন দিয়া হৈছিল যদিও 16,663 কোটি টকাৰহে কাম হৈছে ৷

এন এইচ আই ডি চি এলৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে, বাকী থকা কামকেইটাৰ ভিতৰত 50 শতাংশৰো কমকৈ কাম সম্পন্ন হোৱা প্ৰকল্পৰ সংখ্যা 12 ৷ তথ্য মতে ডিমাপুৰ-ডবকা অংশৰ চাৰিলেনৰ কাম চলিত বৰ্ষৰ 31 ডিচেম্বৰত শেষ হোৱাৰ কথা আছিল যদিও 141.46 কোটিটকীয়া প্ৰকল্পটোৰ যোৱা 31 অক্টোবৰ পর্যন্ত 38.79 শতাংশ কামহে সম্পন্ন হৈছে ৷ অথচ চলিত বৰ্ষৰ 12 জানুৱাৰীতে এই কাম সম্পূর্ণ হোৱাৰ কথা আছিল ৷

ইফালে টোল প্লাজাসহ জাঁজী-ডিমৌ অংশৰ 88.075 কিঃ মিঃ পথৰ 234.20 কোটিটকীয়া প্ৰকল্পৰ 27.81 শতাংশ কামহে যোৱা 31 অক্টোবৰ পৰ্যন্ত সম্পন্ন হৈছে ৷ বিগত প্ৰায় এবছৰত এই কামটোৰ মাত্ৰ 27.81 শতাংশহে সম্পন্ন হৈছে ৷ বাকী থকা 72.91 শতাংশ কামৰ বাবে হাতত সময় আছে মাত্ৰ 5 মাহ ৷ আগন্তুক 5 মাহত এই কাম সম্পূর্ণ নোহোৱাটোৱেই স্বাভাৱিক ৷ উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে গুৱাহাটীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিছিল ৷ তেওঁ আধৰুৱা কামসমূহ 2024 চনৰ‌ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল ৷ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ আধৰুৱা কামবোৰ অসমত 2024 চনত সম্পূৰ্ণ হ'ব নে সেয়া নিশ্চয় সময়হে ক'ব ৷

লগতে পঢ়ক : ৰাজহ সংগ্ৰহৰ বাবে বিভাগ চলোৱা নাই : পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.