ETV Bharat / state

কৰ'ণা আৰু লক ডাউনক লৈ বিভিন্ন পদক্ষেপ মন্ত্ৰী, আৰক্ষীৰ

author img

By

Published : Mar 26, 2020, 7:26 PM IST

সাংসদ ভুৱনেশ্বৰ কলিতাই কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰলৈ ১ কোটি টকা আগবঢ়ায় ৷ চিকিৎসক-নাৰ্চক ভাৰাঘৰৰ মালিকে ঘৰ খালি কৰিবলৈ কোৱা বা বেয়া ব্যৱহাৰ কৰা ঘটনাক গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে ।

কৰ'ণা আৰু লক ডাউন
কৰ'ণা আৰু লক ডাউন

গুৱাহাটী, 26 মাৰ্চঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰলৈ আৰ্থিক সাহায্য প্ৰদান সাংসদ ভুৱনেশ্বৰ কলিতাৰ। সাংসদ পুঁজিৰ পৰা ১ কোটি টকা আগবঢ়ায় সাংসদগৰাকীয়ে । তাৰোপৰি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত নিৰ্মাণ হৈ থকা আইচিইউৰ বাবে ব্যক্তিগতভাৱে ১০ লাখ টকা আগবঢ়োৱাৰ কথাও প্ৰকাশ কৰে ৷

ৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰলৈ আৰ্থিক সাহায্য প্ৰদান সাংসদ ভুৱনেশ্বৰ কলিতাৰ

ৰাজ্যৰ কেতবোৰ ঠাইত ভাৰাঘৰত থকা একাংশ চিকিৎসক-নাৰ্চক ভাৰাঘৰৰ মালিকে ঘৰ খালি কৰিবলৈ কোৱা বা বেয়া ব্যৱহাৰ কৰা ঘটনাক গুৰুত্ব সহকাৰে লৈছে ৰাজ্য চৰকাৰে । আজি এই কথা স্পষ্ট কৰি দিছে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই । বিভাগীয় মন্ত্ৰী গৰাকীয়ে এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজি কয় যে, এনে ঘটনা সংঘটিত কৰা ভাৰাঘৰৰ মালিকৰ বিৰুদ্ধে কঠোৰ হ'বলৈ চৰকাৰ বাধ্য হ'ব । উল্লেখযোগ্য যে, স্বাস্থ্য বিভাগৰ উপৰি নগৰ উন্নয়ন বিভাগৰো দায়িত্বত আছে মন্ত্ৰী পীযুষ হাজৰিকা ।

মন্ত্ৰী পীযুষ হাজৰিকা

অসম আৰক্ষীয়ে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলক প্ৰদান কৰিব বিশেষ পাছ । অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে নিজ নিজ অঞ্চলৰ আৰক্ষী চকীৰ সংগ্ৰহ কৰিব লাগিব বিশেষ পাছ ।

অসম আৰক্ষীয়ে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তি সকলক প্ৰদান কৰিব বিশেষ পাছ

এতিয়াও একাংশ লোক অনাহাৰে ঘুৰি ফুৰিছে মন্দিৰ, ৰে'ল ষ্টেচন আদিৰ বাহিৰত । এই গৃহহীন লোকৰ বাবে আগবাঢ়ি আহিছে মহানগৰ আৰক্ষী । বৃহস্পতিবাৰে শুক্লেশ্বৰ মন্দিৰ, গুৱাহাটী ৰে'লৱে ষ্টেচনৰ আদিৰ বাহিৰত থকা গৃহহীন লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী । প্ৰতিদিনেই এনেদৰেই এইসকল লোকৰ মাজত খাদ্য বিতৰণৰ পদক্ষেপ হাতত লৈছে মহানগৰ আৰক্ষীয়ে ।

গৃহহীন লোকৰ বাবে আগবাঢ়ি আহিছে মহানগৰ আৰক্ষী
লক ডাউনৰ সময়চোৱাত গুৱাহাটী মহানগৰীৰ গেলামালৰ দোকান সমূহ খোলা ৰখাৰ সময়সীমা সন্দৰ্ভত কামৰূপ (ম) জিলা প্ৰশাসনে আজি বিয়লি এক নতুন নিৰ্দেশনা জাৰি কৰে । সেই অনুসৰি মহানগৰৰ সকলো গেলামাল দোকান আৰু শ্বপিং মলসমূহৰ গেলামাল শাখাসমূহৰ ক্ষেত্ৰত এই নতুন নিৰ্দেশনা প্ৰযোজ্য হ'ব । নিৰ্দেশনা অনুসৰি পাইকাৰী দোকানসমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু খুচুৰা দোকানসমূহ পুৱা ৯ বজাৰ পৰা ৬ বজালৈ খোলা ৰাখিব পাৰিব । এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দোকানসমূহ চেনিটাইজ কৰি ৰাখিব লাগিব স্বত্বাধিকাৰী সকলে ।
গেলামালৰ দোকান সমূহ খোলা ৰখাৰ সময়সীমা সন্দৰ্ভত কামৰূপ (ম) জিলা প্ৰশাসনৰ নিৰ্দেশনা জাৰি

লক ডাউনৰ মাজতো মহানগৰীত মাৰাত্মক ড্ৰাগছ বেহা অব্যাহত আছে । বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীত আৰক্ষীৰ জালত পৰে এজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীজন কামাখ্যা গেটৰ ৰাজীৱ দাস বুলি জানিব পৰা গৈছে । ধাৰাপুৰৰ জয়ন্ত নামৰ এজন যুৱকৰ পৰা ড্ৰাগছখিনি লৈ আহোতেই জালুকবাৰীত ধৰা পৰে লোকজন । ইফালে ধৃত ৰাজীৱ দাসৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ১২ হাজাৰ নগধ ধন জব্দ কৰে আৰক্ষীয়ে ।

লক ডাউনৰ মাজতো মহানগৰীত মাৰাত্মক ড্ৰাগছ বেহা অব্যাহত আছে

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ আৰু ধুবুৰীৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.