ETV Bharat / state

কেন্দ্ৰৰ অৱহেলাৰ বাবে দেশত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড-19ৰ সংক্ৰমণ - ভেকচিন প্ৰদান

ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটো যি দৰে আগবাঢ়িব লাগিছিল সেইদৰে আগবঢ়া নাই । সৰ্বসাধাৰণ ৰাইজ টিকাকৰণৰ বাবে আগবাঢ়ি আহিছে যদিও চাহিদা অনুপাতে যোগানৰ অভাৱ ঘটিছে । অসমত ১৮ বছৰকে ধৰি ইয়াৰ উৰ্ধৰ লোকৰ সংখ্যা হৈছে ২,৩৩,৪৭,০৪৭ গৰাকী । এই বৃহৎ জনসংখ্যাৰ বিপৰীতে এতিয়ালৈকে মাত্র ২৯,১৮,১৭৪ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । ৰাজ্যত  ৩,৮২,৬৭০ পালি ভেকচিন মজুত আছে । কেন্দ্ৰই যোগান ধৰা নাই পৰ্যাপ্ত ভেকচিন ।

কেন্দ্ৰৰ অবহেলাৰ বাবে দেশত বৃদ্ধি পাৱলৈ ধৰি ক’ভিড-19ৰ সংক্ৰমণ

author img

By

Published : May 8, 2021, 10:25 PM IST

Updated : May 9, 2021, 6:22 AM IST

গুৱাহাটী,৮ মে : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো কৰ'ণাৰ দ্বিতীয় ঢৌৱে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৫,৬২৬ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । দিনক দিনে ক'ভিড আক্ৰান্তৰ লগতে মৃত্যুৰ হাৰ বৃদ্ধি পাব ধৰিছে । ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াটো যি দৰে আগবাঢ়িব লাগিছিল সেইদৰে আগবঢ়া নাই । সৰ্বসাধাৰণ ৰাইজ টিকাকৰণৰ বাবে আগবাঢ়ি আহিছে যদিও চাহিদা অনুপাতে যোগানৰ অভাৱ ঘটিছে । দেশৰ লগতে অসমতো পৰ্যায়ক্ৰমে ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰি বৰ্তমান ১৮ বছৰৰ পৰা আৰম্ভ কৰি ইয়াৰ ঊৰ্ধৰ সকলোৰে বাবে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে যদিও সহজলভ্য হোৱা নাই ।

আনহাতে, বহু ঠাইত ভেকচিনৰ যোগান চাহিদা অনুপাতে হোৱা নাই । ৩.৩৩ কোটি জনসংখ্যাৰ অসমত ১৮ বছৰকে ধৰি ইয়াৰ উৰ্ধৰ লোকৰ সংখ্যা হৈছে ২,৩৩,৪৭,০৪৭ গৰাকী । এই তথ্য সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ । এই বৃহৎ জনসংখ্যাৰ বিপৰীতে এতিয়ালৈকে মাত্র ২৯,১৮,১৭৪ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে । আনহাতে, ইয়াৰে ২২,৭৬,৪৩২ গৰাকীক প্ৰথম পালি আৰু ৬,৪১,৭৪২ গৰাকীক দ্বিতীয় পালি প্ৰদান কৰা হৈছে । ৰাজ্যখনত শেহতীয়াকৈ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ বাবে ২৪৪ টা চেণ্টাৰৰ ব্যৱস্থা কৰা হৈছে । কিন্তু সকলো চেণ্টাৰতে ভেকচিন পৰ্যাপ্ত পৰিমাণে উপলব্ধ হোৱা নাই । চৰকাৰী তথ্য মতে বৰ্তমান ৰাজ্যত ৩,৮২,৬৭০ পালি ভেকচিন মজুত আছে ।

কেন্দ্ৰৰ অবহেলাৰ বাবে দেশত বৃদ্ধি পাৱলৈ ধৰি ক’ভিড-19ৰ সংক্ৰমণ

শেহতীয়াকৈ কেন্দ্ৰই এক লাখ পালি ভেকচিন প্ৰদান কৰিছে । এক কথাত চাবলৈ গ'লে এতিয়াও ৰাজ্যৰ দুই কোটিৰো অধিক লোকে ভেকচিন পাবলৈ বাকী আছে । অতি লেহেমগতিত চলি আছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া । কিন্তু ইয়াৰ বিপৰীতে দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । ৰাজ্যৰ এই ভয়ংকৰ বিপদৰ সময়ত কেন্দ্ৰই পৰ্যাপ্ত সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

উল্লখযোগ্য বিষয় যে, ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাজেটত ৩৫ হাজাৰ কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছিল । কিন্তু এই ধাৰ্য কৰা পুঁজিৰ মাত্র ১৩.৬৫ শতাংশ অৰ্থাৎ ৪,৭৪৪ কোটি টকা ব্যয় কৰিছে । আনহাতে তথ্য মতে, কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ভেকচিনৰ মাত্র ১৭.১৫ কোটি ড'জ বিনামূলীয়াকৈ প্ৰদান কৰিছে । তেনেস্থলত ভেকচিন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰিছে । বৰ্তমান সময়ত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ভেকচিন প্ৰদানৰ প্ৰয়োজনীয়তা অতি জৰুৰী হৈ পৰিছে যদিও কেন্দ্ৰই ঘোষিত পুঁজি ব্যয় কৰিবলৈ সক্ষম হোৱা নাই । যাৰ ফলত ক'ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যই কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে কেন্দ্ৰই গ্ৰহণ কৰা এই স্থিতিক বিভিন্নজনে কঠোৰ ভাষাৰে সমালোচনা কৰিছে ।

লগতে পঢ়ক : আমাৰ দলত সকলোৱে সম্পদ : ৰঞ্জিৎ দাস

Last Updated : May 9, 2021, 6:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.