ETV Bharat / state

বৰঝাৰ বিমান বন্দৰ চৌহদত COVID-19ৰ দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ - গুৱাহাটী শাখাৰ সম্পাদক

বৰঝাৰ বিমান বন্দৰত প্ৰথম পৰ্যায়ৰ টীকাকৰণত ২,৬০০ গৰাকী লোকক প্ৰথম পালি COVID-19 ভেকছিন প্ৰদান কৰা হৈছে । অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ ।

vaccination-camp-in-airport-guwahati
বৰঝাৰ বিমান বন্দৰ চৌহদত COVID-19ৰ দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ অব্যাহত
author img

By

Published : Jun 19, 2021, 9:59 PM IST

গুৱাহাটী, ১৯ জুন : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ কমিউনিটি হ’লত ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমৰ সহযোগত ৩ মে'ৰ পৰা আৰম্ভ হোৱা ক'ভিড প্ৰতিষেধক প্ৰদানৰ প্ৰথম পৰ্যায়ৰ শিবিৰৰ সামৰণিৰ পাছত বৰ্তমান দ্বিতীয় পৰ্যায়ৰ শিবিৰ চলি আছে ।

ইতিমধ্যে ৪ জুনত সামৰণি পৰা প্ৰথম পৰ্যায়ৰ শিবিৰত মুঠ ২,৬০০ গৰাকী লোকে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰে । আনহাতে ৪ জুনৰ পৰা চলি থকা দ্বিতীয় পৰ্যায়ৰ শিবিৰত শুকুৰবাৰলৈ ১,৪৮২ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰিছে । ১৮ জুনৰ দিনা ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক ৰবি কান্ত, মহাপ্ৰবন্ধক বি মুৰুলীধৰণ, বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ, সহকাৰী মহাপ্ৰবন্ধক বিপুল চন্দ্ৰ দাস উপস্থিত থাকে ৷

vaccination-camp-in-airport-guwahati
বৰঝাৰ বিমান বন্দৰ চৌহদত COVID-19ৰ দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ অব্যাহত

একেদৰে সহকাৰী প্ৰবন্ধক ( এ টি চি ) পাৰ্থজ্যোতি গগৈ, এয়াৰপ’ৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ ( এ এ ই ইউ ) উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস, গুৱাহাটী শাখাৰ সম্পাদকদ্বয় সুশীল লাল চৌধুৰী আৰু ৰাজু কুমাৰ দাসে শিবিৰ পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত আটাইকেইজনে স্বাস্থ্যকর্মী আৰু টিকা গ্ৰহণ কৰিবলৈ অহা কেইবাজনো লোকৰ সৈতে মত বিনিময় কৰি দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ বুজ লয় ।

উল্লেখযোগ্য যে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত আক্ৰান্তৰ হাৰ হৈছে ২.২১ শতাংশ । মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈয়ে আছে । শনিবাৰৰ দিনটোত Covid-19ৰ বাবে মৃত্যুক আকোঁৱালি ল’ব লগীয়া হৈছে ৪০ গৰাকী আক্ৰান্তই । সম্প্ৰতি ৰাজ্যখনত ক’ভিড-19ৰ পৰা আৰোগ্য লাভ কৰাৰ হাৰ হৈছে ৯১.৭৭ শতাংশ । একেদৰে শনিবাৰে কামৰূপ মহানগৰ জিলাত ১৯৯ গৰাকী লোকৰ দেহত ক’ভিড-19 পজিটিভ পোৱা গৈছে ৷

মনকৰিবলগীয়া যে, এই মহামাৰী ক’ভিড-19ৰ ভয়াৱহ সংক্ৰমণৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিছে ৷

লগতে পঢ়ক : পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.