ETV Bharat / state

AASU President in Charge: উৎপল শৰ্মাক আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব - মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য

দুবাৰকৈ আছুৰ নেতৃত্ব বহন কৰা দীপাংক নাথে বৃহস্পতিবাৰে আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে(AASU president Dipanka Kumar Nath resigns) ৷ দীপাংক নাথৰ পদত্যাগৰ পাছতেই আছুৰ উপ-সভাপতি উৎপল শৰ্মাক প্ৰদান কৰা হয় আছুৰ দায়িত্ব ৷ আছুৰ পৰৱৰ্তী অধিবেশনত পৰ্যন্ত আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ পদত থাকিব শৰ্মা ৷

AASU New president
উৎপল শৰ্মাক আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব
author img

By

Published : Dec 8, 2022, 8:01 PM IST

গুৱাহাটী, 8 নৱেম্বৰ: আছুৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে উৎপল শৰ্মাক । উৎপল শৰ্মাই আছুৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল(AASU VP Utpal Sharma) ৷ আছুৰ সভাপতি দীপাংক নাথে বৃহস্পতিবাৰে সভাপতি পদৰ পৰা পদত্যাগ কৰাত সাময়িকভাৱে আছুৰ দায়িত্ব অৰ্পণ কৰা হয় উৎপল শৰ্মাক ।

উৎপল শৰ্মাক আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত বৃহস্পতিবাৰে আহ্বান কৰা হৈছিল আছুৰ জৰুৰী কাৰ্যনিবাহক বৈঠক । এই বৈঠকতে আছুৰ সভাপতি দীপাংক নাথে আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে(AASU President Dipanka Kumar Nath) ৷ তেওঁ সাংবাদিকৰ আগত ব্যক্তিগত কাৰণত আছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ কথা জানিবলৈ দিয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিবাহক আৰু প্ৰতিনিধি সভাত উপস্থিত আছিল মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে সকলো কাৰ্যনিবাহক সদস্যসকল । সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰা হয় ।

আছুৰ পৰবৰ্তী কেন্দ্ৰীয় অধিবেশন মৰিগাঁৱত অনুষ্ঠিত হ‘ব । সেই সময়লৈকে উৎপল শৰ্মাই আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব । উল্লেখ্য যে, যোৱা দুলীয়াজানৰ আছুৰ কেন্দ্ৰীয় অধিৱেশনত দীপাংক নাথে দ্বিতীয়বাৰৰ বাবে আছুৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷

লগতে পঢ়ক: AASU President Dipanka Kumar Nath: আছুৰ সভাপতি পদ এৰিলে দীপাংক নাথে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.