গুৱাহাটী,22 জুন: ক'ভিড-১৯ মহামাৰীৰে যুঁজ দিবলৈ আমেৰিকাৰ আয়বিহীন সংস্থা চিডিচি ফাউণ্ডেচনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ আমেৰিকাৰ চিডিচি ফাউণ্ডেচনে অসমৰ বাবে আগবঢ়াইছে ৯৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক (Cryogenic Oxygen Tanks)। ইয়াৰে ৭৮ টা টেংক ২০০ লিটাৰ ক্ষমতাৰ আৰু ২০ টা টেংক ৫০০ লিটাৰ ক্ষমতা সম্পন্ন ৷
জানিব পৰা মতে, এই ক্ৰেঅ'জেনিক টেংক হৈছে এক তৰল অক্সিজেনৰ ভাণ্ডাৰ ৷ ইয়াৰ পৰা নিজৰ ক্ষমতাত কৈ ৮০০ গুণ বেছি গেছীয় অক্সিজেন উৎপন্ন হয় । ২০০লিটাৰৰ প্ৰতিটো টেংকৰ পৰা ১.৬০ লাখ লিটাৰ গেছীয় অক্সিজেন উৎপন্ন হয় ৷ আনহাতে, ৫০০ লিটাৰ প্ৰতিটো টেংকৰ পৰা ৪ লাখ লিটাৰ গেছীয় অক্সিজেন উৎপন্ন হয় বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, এই ক্ৰেঅ'জেনিক টেংক সমূহক ডাঙৰ চিকিৎসালয়ৰ অক্সিজেন পাইপ লাইনৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰিব পাৰি ৷
উল্লেখ্য যে, অন্য অক্সিজেন টেংসমূহক সঘনে সলনি কৰি থাকিব লাগে ৷ কিন্তু এই ক্ৰেঅ'জেনিক টেংক সমূহক আই চি ইউ বিছনাৰ সৈতে সংযোগ কৰি বহু দিনলৈ অক্সিজেনৰ যোগান নিয়মীয়কৈ বৰ্তাই ৰাখিব পাৰি । যাৰ ফলত জৰুৰীকালীন সময়ত এই টেংকসমূহ অক্সিজেন যোগানৰ ক্ষেত্ৰত বিশেষ সহায়ক হ'ব বুলি আশা কৰিব পাৰি ৷
লগতে পঢ়ক: ২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ