গুৱাহাটী,11 মাৰ্চ: গুৱাহাটী,11 মাৰ্চ: ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ যো-জা চলোৱা জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক উভতি ধৰিলে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই ৷ কংগ্ৰেছ আৰু AIUDF কেতিয়াৰ পৰা অসমৰ জাতীয় শক্তি হ'ল? এই প্ৰশ্ন উত্থাপন কৰিছে উপমন্যু হাজৰিকাই ৷ অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ'ব খুজিছে হওক সেই অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে তাত কোনো ধৰণৰ আপত্তি থাকিব নোৱাৰে । কিন্তু তেওঁ নিজকে অসমৰ জাতীয় শক্তি সমূহৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটোহে আটাইতকৈ দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷ অজিত কুমাৰ ভূ়ঞাই কংগ্ৰেছ আৰু AIUDF ৰ সমৰ্থন লৈহে প্ৰাৰ্থীত্ব আগবঢ়াইছে, কিন্তু প্ৰশ্ন হল যে, "কংগ্ৰেছ আৰু AIUDF" কেতিয়াৰ পৰা অসমৰ জাতীয় শক্তি হ'ল?
লগতে তেঁও মন্তব্য কৰে যে, আজি অসমৰ 115 টা জাতি-জনগোষ্ঠী বাংলাদেশীৰ হাতত সংখ্যালঘু হবলৈ গৈ আছে আৰু এইয়া সম্ভৱ হৈছে কেৱল জাতীয়তাবাদৰ নামত কৰা সুবিধাবাদ আৰু স্বাৰ্থপৰ ৰাজনীতিৰ বাবে ৷ আজিৰ দিনত বাংলাদেশী মুছলমান সকলে সক্ৰিয় ভাৱে জাতীয় শক্তি সমূহৰ লগত তীব্ৰ ভাৱে আন্দোলন কৰি আছে, সেইবুলি এইটো নহয় যে এই বাংলাদেশী মুছলমান সকলক জাতীয় শক্তি সমুহে আঁকোৱালি লব ৷ এইয়া কোনো কাৰণতে মানি লব নোৱাৰে আৰু গ্ৰহণ যোগ্যও নহয় ৷ লগতে তেঁও মন্তব্য কৰে যে আজিৰ দিনত বাংলাদেশী মুছলমানৰ বাবেই মধ্য আৰু নামনি অসমত খিলঞ্জীয়া সকল সংখ্যালঘু হৈ নিজৰ ঠাইতে ভগনীয়া হৈছে আৰু এই বাংলাদেশী মূলৰ মুছলমান সকলেই 2024 চনত সংখ্যাগৰিষ্ঠ হ'বলৈ গৈ আছে ৷ যোৱা 40 বছৰে অসমত খিলঞ্জীয়াই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে বিকল্পৰ সন্ধানতেই আছে ৷ কিন্তু কংগ্ৰেছে,অগপ কিম্বা বিজেপি য়েই হওঁক কোনো এটা দলেই কিন্তু বাংলাদেশীৰ প্ৰতি আকৰ্ষণ এৰিব নোৱাৰিলে ৷ এয়াই হ'ল অসমৰ দুৰ্ভাগ্য ৷
ইয়াৰ উপৰিও তেঁও মন্তব্য কৰে যে, বৰ্তমানৰ দল বা যি বিকল্প ৰাজনৈতিক দল গঠন হবলৈ গৈ আছে,তথা বাস্তৱিক ৰূপত খিলঞ্জীয়াক প্ৰতিনিধিত্ব কৰিব গৈ আছে তেওঁলোকে হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক সকলো এজনৰ সমৰ্থনত কিন্তু আগবাঢ়িব নোৱাৰিব ৷ লগতে তেঁও উল্লেখ কৰে যে বৰ্তমান সময়ত অনিবাৰ্য হৈছে খিলঞ্জীয়াৰ কৰ্মসূচী, যিয়েই খীলঞ্জীয়াক সংখ্যালঘু হোৱাৰ পৰা বচাব পাৰিব ৷ সেইয়া কেৱল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰেই নহয় ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) ত অন্তৰ্ভুক্ত হোৱা 60 লাখতকৈও অধিক বিদেশীৰ নাম কৰ্তন আৰু লাখ লাখ বিঘা চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখল কৰা বাংলাদেশীক উচ্ছেদৰ জৰিয়তেহে এইয়া সম্ভৱ বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷ কেৱল নাগৰিকত্ব সংশোধনী আইনৰ সুযোগ লৈ কংগ্ৰেছ আৰু AIUDF ৰ কাষ চাপিব খুজিলে বিকল্প ৰাজনীতিও সফল নহব আৰু খিলঞ্জীয়াৰ ভৱিষ্যতো সুৰক্ষিত নহব হ'ব ৷ যদি এই ভুলৰ পুনৰাবৃত্তি কৰে, সেইয়া হ'ব কেৱল সুবিধাবাদৰ ৰাজনীতি হ'ব বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই ৷
লগতে পঢ়ক: সুস্থ হৈ উঠিছে অখিল গগৈ