ETV Bharat / state

ULFA (I) Letter to DGP GP Singh: আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ বিৰুদ্ধে পুনৰ সৰৱ আলফা (স্বাঃ) - সংযুক্ত মুক্তি বাহিনী অসম

পুুনৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ বিৰুদ্ধে সৰৱ আলফা স্বাধীন ৷ এক প্ৰেছ বিজ্ঞপ্তি যোগে অসম আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰি জি পি সিঙলৈ কেতবোৰ প্ৰশ্ন আলফা (স্বাঃ)ৰ ৷

ULFA Letter to DGP GP Singh
ULFA Letter to DGP GP Singh
author img

By

Published : Jul 26, 2023, 6:03 PM IST

নিউজ ডেস্ক, 26 জুলাই: অসম আৰক্ষীক সঞ্চালক প্ৰধান জি পি সিঙক সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে অসম এৰাৰ বাবে হুংকাৰ দিয়াৰ পাচত পুনৰ তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে নিষিদ্ধ ঘোষিত সংগঠনটো ৷ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীকৈ কেতবোৰ প্ৰশ্ন আলফা (স্বাঃ)ৰ ৷

উল্লেখ্য যে ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ আৰু কিছু লোকক আলফা (স্বাঃ)ৰ লিংকমেন বুলি আটক কৰি গুলীচালনা কৰা সন্দৰ্ভত জি পি সিঙক সকীয়নি প্ৰদান কৰি আলফা (স্বাঃ)ই দুদিন পূৰ্বে এক বিজ্ঞপ্তি জাৰি কৰিছিল ৷ বিবৃতিৰ জৰিয়তে জি পি সিঙক অসম এৰাৰো হুংকাৰ দিছিল ৷

ইয়াৰ প্ৰত্যুত্তৰত জি পি সিঙে এনে বহু ভাবুকি পূৰ্বৰে পৰা পায় অহাৰ কথা উল্লেখ কৰি আলফা (স্বাঃ)ই বিবৃতিত তেওঁৰ নাম ভুল কৈ উল্লেখ কৰা বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰিছিল ৷ লগতে অসমৰ উন্নয়নত বাধা প্ৰদান কৰা শক্তিৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি উল্লেখ কৰিছিল ৷ জি পি সিঙৰ এই প্ৰত্যুত্তৰৰ পাচতেই পুনৰ তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে আলফা স্বাধীন ৷

বুধবাৰে আলফা (স্বাঃ)ই এক বিবৃতিযোগে কয়, ‘‘আমি আপোনাৰ নামটোৰ প্ৰতাপৰ সলনি প্ৰসাদ বুলি উল্লেখ কৰাৰ বাবে আপুনি দুখ পাবলগীয়া একো নাই। কাৰণ আপোনাৰ নামটো হৈছে-জ্ঞানেন্দ্ৰ । অর্থাৎ জ্ঞানৰ অধিকাৰী বা জ্ঞানী। জ্ঞানী মানুহ জানো প্রতাপী হ'ব পাৰে? অসমীয়া ভাষাত জ্ঞানৰ পিছত প্ৰতাপ শব্দ ব্যৱহৃত নহয় ৷ প্ৰতাপ শব্দটো প্ৰকৃততে যুঁজাৰুসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা উচিত। কিন্তু আপোনাৰ শেহতীয়া কৰ্ম-কাণ্ডই আপোনাক জ্ঞানী অথবা যুঁজাৰু কোনোটো শাৰীতেই ৰখা নাই। সেয়েহে আমি ইচ্ছাকৃতভাৱে প্ৰতাপৰ সলনি প্ৰসাদ বুলি উল্লেখ কৰিছোঁ ৷’’

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসমৰ উন্নয়নৰ কথা উল্লেখ কৰা সন্দৰ্ভতো আলফা(স্বাঃ)ই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ আলফা (স্বাঃ)ই বিবৃতিযোগে কয়, ‘‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নেতৃত্ব চলি থকা অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰৰ “সন্মিলিত জাতীয় মুক্তি বিপ্লৱ” অসমৰ উন্নয়নৰ বাবে নহয়। এই বিপ্লৱ অসমৰ থলগিৰি ৰাইজৰ জন্মগত [মাটি আৰু জাতিৰ ৰাজনৈতিক স্বাধীনতা] অধিকাৰৰ বাবেহে। অনাগত দিনত তথা স্বাধীনতা প্রাপ্তিৰ পিচত অসমৰ উন্নয়ন কিদৰে হ'ব সেয়া আমি জানো ৷ আপুনি কৈছে আমি অসমৰ উন্নয়ন হেঙাৰ ৷’’

অসমৰ আৰক্ষীয়ে বিভিন্ন দুৰ্নীতিত জড়িত থকা লোকক আৰক্ষীয়ে ৰক্ষণাৱেক্ষণ দি অহাৰো অভিযোগ উত্থাপন কৰিছে আলফা (স্বাঃ)ই ৷ আৰক্ষীৰ সৰ্বোচ্চ আসনত থাকিও আপুনি আজিলৈ নিশিকিলে সামৰিক অভিধানত Encounter শব্দৰ অৰ্থ কি বুলি জি পি সিঙক প্ৰশ্ন কৰি সংগঠনটোৱে ৰাজ্যত সংঘটিত হোৱা সকলো এনকাউণ্টাৰ শুদ্ধ বুলি প্ৰমাণ কৰিবলৈয়ো প্ৰত্যাহ্বান জনাই সংগঠনটোৱে ৷

আলফা (স্বাঃ)ই কয়, ‘‘আপোনালোকৰ কটকটীয়া নিৰাপত্তাৰ তত্ত্বাবধানত থকা অভিযুক্ত এগৰাকীয়ে হাতকেৰেয়াসহ কেনেকৈ পলাবলৈ সক্ষম আৰু কি পৰিস্থিতিত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় সেয়া ম'বাইলত ধৰি ৰাখি ন্যায়ালয়ত দাখিল কৰিব নোৱাৰে কিয় ? আনহাতে আপোনালোক এনে কি দিব্যদৃষ্টিৰ অধিকাৰী হ'ল যে নিশাৰ ঘোৰ অন্ধকাৰতো অভিযুক্তৰ ভৰি লক্ষ্য কৰি লক্ষ্যভেদ কৰিব পাৰে সেয়া প্ৰমাণিত কৰবিলৈ প্ৰত্যাহ্বান জনালোঁ ৷’’

সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নামত বিগত বছৰৰ পৰা অতি সম্প্ৰতিলৈ যিমানকেইটা ভুৱা এনকাউণ্টাৰ হৈ গ'ল আৰু সেই এনকাউণ্টাৰত গুলীচলোৱা প্ৰতিগৰাকী আৰক্ষীৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে বুলি উল্লেখ কৰি আলফা (স্বাঃ)ই কয় যে আপোনালোকৰ জ্যেষ্ঠজনে নিৰ্দেশ দিলে বুলিয়েই বাচ-বিচাৰ নকৰাকৈ কেৱল কৰ্তব্য আৰু মাহেকীয়া বেতনৰ খাটিৰত থলগিৰি নিৰীহ যুৱকৰ ওপৰত গুলী বৰ্ষণ কৰি ভৱিষ্যতে সংঘাতৰ সৃষ্টি নকৰে যেন ৷

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰতো অসম আৰক্ষীয়ে ৰহস্যজনক স্থিতি গ্ৰহণ কৰি একাংশ অভিযুক্ত আৰক্ষীক ৰক্ষণাৱেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰে আলফা (স্বাঃ)ই ৷

‘‘অসমৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিং ডাঙৰীয়া যদি ইমানেই নিকা আৰু আইনপৰায়ণ তেন্তে প্রয়াত আৰক্ষী বিষয়া জোনমনি ৰাভাৰ ক্ষেত্ৰত বৈষম্য কিয়? জোনমনি ৰাভাৰ হত্যাৰ লগতে ড্ৰাগচ্, নকল সোণ, জাল নোট, চোৰাং কাঠৰ সৰবৰাহ আদিৰ দৰে অপৰাধৰ সৈতে নাম সাঙুৰখোৱা আৰক্ষী কেইগৰাকীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল? এইসকল অভিযুক্তক আটক কৰি বিভিন্ন ঠাইলৈ নিওতে এবাৰো পলাবলৈ চেষ্টা নকৰিলে নে ?’’ প্ৰশ্ন আলফা (স্বাঃ)ৰ ৷

বিধায়ক অখিল গগৈক বাৰে বাৰে NIA আদালতলৈ চমন দিয়াৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা (স্বাঃ)ই ৷ আলফা (স্বাঃ)ই কয়, ‘‘এটা বছৰতকৈ অধিক সময় বন্দীত্ব জীৱন পাৰ কৰাৰ পিচতো বাৰে বাৰে NIA ৰ আদালতলৈ অখিল গগৈক মাতি উদ্দেশ্য প্ৰণোদিতভাৱে মানসিক অত্যাচাৰ কৰিবলৈ এৰা নাই, আৰু এতিয়া সেয়া আপোনালোকৰ চৰিত্ৰলৈ পৰিবৰ্তন ঘটিছে । যদিহে আইন আপোনাৰ মতেই চলিব লাগে তেন্তে আদালত-ন্যায়ালয়ৰ প্ৰয়োজন ক’ত ? সিবোৰ উঠাই নিদিয়ে কিয় ?’’

ইফালে আলফা (স্বাঃ)ৰ নামত ধন সংগ্ৰহত নামি পৰা একাংশ লোককো এনে কৰ্মৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনায় সংগঠনটোৱে ৷ আলফা (স্বাঃ)ৰ এই বিবৃতিৰ উত্তৰ আৰু অভিযোগৰ উত্তৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে কিদৰে দিব সেয়া সময়তহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Extortion in Upper Assam: অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ আলফা স্বাধীনৰ শেষ সকীয়নি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.