ETV Bharat / state

International workers day: নুনমাটিত ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ মে’ দিৱস উদযাপন - শ্ৰমিক নেতা বীৰেন কলিতা

নুনমাটিত উদযাপন কৰা মে’ দিৱসত শ্ৰমিক নেতা বীৰেন কলিতাৰ জীৱনী গ্ৰন্থ উন্মোচন কৰা হয় (Workers Day at Noonmati) ৷

united workmen union
মে’ দিৱস উদযাপন
author img

By

Published : May 1, 2023, 10:58 PM IST

মে’ দিৱস উদযাপন

গুৱাহাটী, ১ মে’: আন্তৰ্জাতিক মে’ দিৱসৰ লগৰ সংগতি ৰাখি ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ ২৪ সংখ্যক বাৰ্ষিক অধিবেশনখনি সোমবাৰে নুনমাটিস্থিত ইউনিয়নৰ কাৰ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় (International workers day)। এই উপলক্ষে আজি পুৱা ৮ বজাত শ্ৰমিক সমাৱেশ আৰু শোভাযাত্ৰাৰ আয়োজন কৰা হয় ৷ ১০ বজাত পতাকা উত্তোলন কৰে ইউনাইটেড ৱৰ্কমেনৰ ইউনিয়নৰ সভাপতি বীৰেন কলিতা আৰু শ্বহীদ তৰ্পণ কৰে ইউনিয়নৰ কাৰ্যকৰী সভাপতি দেৱজিৎ ভাগৱতীয়ে (United workmen union) ।

লগতে পঢ়ক : Protest in Nagaon: শ্ৰমিক দিৱসৰ দিনাই পেটত গামোচা বান্ধি প্ৰতিবাদত বহিল আৰ্টফেড জাগৰণৰ বেটন বঞ্চিত কৰ্মচাৰী

দিনৰ ১১ বজাত ইউনিয়নৰ সভাপতি বীৰেন কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচন আৰু মুকলি সভাত উপস্থিত থাকে থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড৹ দিলীপ বৰা, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমৰেন্দ্ৰ কলিতা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নেত্ৰী জুনু বৰা, গুৱাহাটী শোধনাগাৰ (মানৱ সম্পদ বিভাগ) মহাপ্ৰবন্ধক এন, জে দাস, ট্ৰেড ইউনিয়নৰ নেতা ৰঞ্জিত দাস, বিশিষ্ট লোক শিল্পী লোকনাথ গোস্বামী প্ৰমুখ্যে উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি (International workers day at Noonmati) ।

উক্ত সভাতেই মৰম কুমাৰৰ সম্পাদনাত প্ৰকাশ পোৱা "শ্ৰমিক বন্ধু বীৰেন কলিতা" শীৰ্ষক অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰা হয় । গ্ৰন্থখনি উন্মোচন কৰে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় অধক্ষ ড৹ অমৰেন্দ্ৰ কলিতাই । উন্মোচনী সভাত গ্ৰন্থ উন্মোচকগৰাকীয়ে এই গ্ৰন্থখন অসমীয়া ভাষাতেই সীমাবদ্ধ নাথাকি ইংৰাজীৰ লগতে অন্য ভাষালৈ অনুবাদ কৰি মানুহৰ মাজলৈ লৈ যোৱাৰ বাবে আহ্বান জনায় । আনহাতে শ্ৰমকিৰ কল্যাণৰ বাবে ৰাইজ আৰু চৰকাৰে চিন্তা কৰা উচিত বুলি তেওঁ ভাষণ প্ৰসংগত প্ৰকাশ কৰে (International workers day) ।

লগতে পঢ়ক : Workers Day at Kaliabor: আজি তেওঁলোকৰ ছুটী; শ্ৰমিক দিৱস বুলি মাদলৰ ছেৱত ঝুমুৰ নাচিলে বুধুৱা চামেলীহঁতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.