ETV Bharat / state

ইৰাণৰ উপৰাষ্ট্ৰপতি মহম্মদ মোখবাৰক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Indian Ports Global Chabahar Free Trade Area

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাৰত আৰু ইৰাণে নাবিকৰ সুচল ভ্ৰমণৰ সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে (India Iran signed MoU on the smooth travel of sailors) । চাবাহাৰ বন্দৰৰ উন্নয়নৰ জৰিয়তে পাৰস্পৰিক বাণিজ্যিক সম্ভাৱনা উন্মুক্ত কৰাৰ বাবে দুয়োখন ৰাষ্ট্ৰই সহযোগিতাৰে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে (Union Minister Sarbananda Sonowal in Iran) ।

union minister sarbananda sonowal meets iranian vice president mohammad mokhbar
ইৰাণৰ উপৰাষ্ট্ৰপতি মহম্মদ মোখবাৰক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Aug 22, 2022, 8:12 PM IST

নিউজ ডেস্ক,২২ আগষ্ট: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেহৰানত ইৰাণৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ মোখবাৰক সাক্ষাৎ কৰে (Union Minister Sarbananda Sonowal in Iran)। দুয়োগৰাকী নেতাই ইণ্ডো-ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে । ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত ইৰাণৰ বিশেষ দূত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভ্ৰমণক ভূয়সী প্ৰশংসা কৰে ৷

কিয়নো ই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে প্ৰয়োজনীয় গতিশীলতা প্ৰদান কৰিব । চাবাহাৰ বন্দৰৰ উন্নয়নৰ ফলত পাৰস্পৰিক বাণিজ্য আৰু আনুষংগিক দিশসমূহ বৃদ্ধি পাব বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে (India and Iran sign MoU on the smooth travel of sailors) ।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবাহাৰ বন্দৰক বাণিজ্য বৃদ্ধি আৰু আমদানি-ৰপ্তানিৰ এক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী পদক্ষেপসমূহত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, ভাৰত চৰকাৰে ইৰাণৰ সৈতে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ ফলত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হৈ গৈছে ।

union minister sarbananda sonowal meets iranian vice president mohammad mokhbar
দুয়োগৰাকী নেতাই ইণ্ডো-ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে

লগতে তেওঁ উল্লেখ কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিকভাৱে লাভজনক আৰু গভীৰ সম্পৰ্ক গঢ় দিয়াত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷ তাৰ বাবে সামুদ্ৰিক তথা বাণিজ্যিক পথ আদিকে ধৰি বিভিন্ন সুযোগ-সম্ভাৱনা উন্মুক্ত কৰাৰ ক্ষেত্ৰত ইৰাণ চৰকাৰৰ সৈতে উচ্চ পৰ্যায়ত আলোচনা কৰিবলৈ তেওঁক নিৰ্দেশ প্ৰদান কৰিছে ।

এই সন্দৰ্ভত ভাৰত তথা ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ দিশত ইৰাণৰ আকাংক্ষাৰ সৈতে ভাৰতৰ ইচ্ছা, আশা-আকাংক্ষা আৰু সহযোগিতাৰ সমন্বয় বৃদ্ধিত ভাৰত চতৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণৰ ৰাজধানী তেহৰানত ইৰাণ চৰকাৰৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী ৰ'ষ্টম ঘাছেমিৰ সৈতেও এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকতে দুয়োখন দেশে নাবিকসকলৰ সুচল ভ্ৰমণৰ বাবে দক্ষতাৰ প্ৰমাণপত্ৰৰ স্বীকৃতিৰ ক্ষেত্ৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে যাতে দুয়োখন দেশৰ নাবিকসকলে আন্তৰ্জাতিক সন্মিলন (১৯৭৮)ৰ ব্যৱস্থা অনুসৰি পৰ্যাপ্ত সহায়-সহযোগিতা লাভ কৰিব পাৰে ।

লগতে সৰ্বানন্দ সোণোৱাল আৰু ৰ'ষ্টম ঘাছেমিয়ে ইণ্ডো-ইৰাণৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে এক ফলপ্ৰসূ দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ নাবিকসকলৰ চলাচল মসৃণ কৰা । সৰ্বানন্দ সোণোৱালে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বৰ কথা দোহাৰে । বৈঠকত সোণোৱালে বাণিজ্যিক সম্ভাৱনা উন্মুক্তকৰণৰ ক্ষেত্ৰত চাবাহাৰৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে কিয়নো মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ মাজত দ্ৰুত আৰু ব্যয়সন্মত বাণিজ্যিক পথ মুকলিকৰণৰ ক্ষেত্ৰত চাবাহাৰ বন্দৰে সম্ভাৱনাময় বন্দৰ হিচাপে কাম কৰিব ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভ্ৰমণক ভূয়সী প্ৰশংসা ইৰাণৰ বিশেষ দূত উপ-ৰাষ্ট্ৰপতিৰ

উল্লেখযোগ্য যে, ২০২০ চনত ভাৰতে মানৱীয় সহায় কাৰ্যসূচীৰ অংশ হিচাপে আফগানিস্তানলৈ ৭৫,০০০ টন ঘেঁহু যোগান ধৰিছিল আৰু লগতে ইৰাণত খাদ্য সুৰক্ষা বৃদ্ধি কৰাৰ এক সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে চাবাহাৰ বন্দৰৰ মাধ্যমেৰে ইৰাণক ৪০,০০০ লিটাৰ মালাথিয়ন ৯৬% ইউএলভি কীটনাশক প্ৰদান কৰিছিল । চাবাহাৰ বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি "ভাৰতীয় বন্দৰ গোলকীয় চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ" (Indian Ports Global Chabahar Free Trade Area)ক ছয়খন ভ্ৰাম্যমাণ বন্দৰ ক্ৰেন হস্তান্তৰ কৰিছিল ।

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ইৰাণ আৰু UAEলৈ গৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰিও তেওঁ UAEৰ জেবেল আলী বন্দৰ ভ্ৰমণ কৰিব আৰু দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ উপৰিও বিনিয়োগকাৰীৰ সৈতেও বৈঠকত মিলিত হ'ব । এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, ইউ.এ.ই.ৰ মাজৰ সামুদ্ৰিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা ।

লগতে পঢ়ক: ডিঙিত জীৱন্ত সাপ ওলমাই বীৰকুছিৰ ৰাজপথত ধনে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.