ETV Bharat / state

Dr Birendranath Dutta : বীৰেন্দ্ৰ নাথ দত্তৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসগৃহত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সাহিত্যিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণোৱালে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:30 PM IST

Union Minister Sarbananda Sonowal
বীৰেন্দ্ৰ নাথ দত্তলৈ শ্ৰদ্ধাঞ্জলি সৰ্বানন্দ সোণোৱালৰ
বীৰেন্দ্ৰ নাথ দত্তৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, 28 অক্টোবৰ : সদ্যপ্ৰয়াত লোকসংস্কৃতিৰ গৱেষক পণ্ডিত তথা সাহিত্যিক, শিক্ষাবিদ ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ গুৱাহাটীৰ শিলপুখুৰীস্থিত বাসগৃহত শনিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ স্বনামধন্য সাহিত্যিকগৰাকীৰ বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সাহিত্যিকগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনায় ৷

সংবাদ মাধ্যমৰ আগত সোণোৱালে কয় যে ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ অম্লান কৰ্মৰাজি আৰু যুগমীয়া গীতবোৰ অসমীয়া জাতিৰ হৃদস্পন্দন হৈ জীয়াই থাকিব ৷ বকুলৰ গোন্ধৰ দৰেই অসমৰ কলা-সংস্কৃতিৰ বাটত সৃষ্টিৰ সুবাস বিলাই ড৹ বীৰেন্দ্ৰ নাথ দত্তই বহুতৰ মনত গভীৰ সাঁচ বহুৱাই থৈ গৈছে ৷ পোৱা-নোপোৱাৰ সংজ্ঞাৰ মাজত আবদ্ধ নাথাকি তেখেতে জীৱনৰ প্ৰকৃত মাদকতা বিচাৰি ফুৰাৰ ব্যাপ্ত দৰ্শন গীতৰ মাজেৰে জনসমাজত সিঁচি দিছিল বুলি সোণোৱালে কয় ৷

সোণোৱালে লগতে কয় যে লোক সংস্কৃতিৰ সাধক, সংগীতজ্ঞ তথা বিশিষ্ট শিক্ষাবিদ ড৹ বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগ অসমৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেওঁ এগৰাকী লোক সংস্কৃতিৰ মহান শিল্পী আছিল, গৱেষক আছিল ৷ অসমীয়া সমাজখনক তেওঁ বহুত সবল কৰি গ’ল বুলি উল্লেখ কৰে সোণোৱালে ৷ সোণোৱালে লগতে কয় যে, তেখেতে অসমীয়া কৃষ্টি-সংস্কৃতিক বিশেষভাৱে আগুৱাই নিবৰ নিমিত্তে জীৱনকালত যিখিনি প্ৰচেষ্টা হাতত ল’লে, অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে ৷ এই ক্ষেত্ৰত তেখেত সদায়ে আদৰ্শ হৈ থাকিব ৷ লগতে উঠি অহা প্ৰজন্মক তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমৰ কলা-সংস্কৃতিক, লোক সংস্কৃতিক আগুৱাই নিয়াৰ প্ৰয়াস কৰাৰ বাবে আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে ৷

উল্লেখ্য যে দুৰ্গোৎসৱৰ নৱমীৰ পুৱাই অসমবাসীয়ে হেৰুৱাইছিল এইগৰাকী স্বনামধন্য অসমীয়াক ৷ 'বহুদিন বকুলৰ গোন্ধ পোৱা নাই’, 'ৰহিমলা ওৰণিৰ মাজেৰে', 'বগলী বগা ফোঁট দি যা' আদি চিৰসেউজ গীতৰ স্ৰষ্টাগৰাকীয়ে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ বাৰ্ধক্যজনিত কাৰণত শাৰিৰীকভাৱে অসুস্থ হৈ থকা বীৰেন্দ্ৰনাথ দত্তই 88 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷

লগতে পঢ়ক : Eli Ahmed Under Treatment : কাষত কোনো নাই, অকলশৰীয়া হৈ হাস্পতালৰ বিচনাত পৰি আছে পদ্মশ্ৰী এলি আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.