ETV Bharat / state

জলজীৱন মিছনত উত্তৰ-পূৱৰ বাবে ৯,৮০০ কোটি : গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱট

author img

By

Published : Sep 17, 2021, 6:48 PM IST

জলজীৱন মিছনৰ অধীনত অসম তথা উত্তৰ-পূৱলৈ কেন্দ্ৰই ৯,৮০০ কোটি টকা আৱণ্টন দিছে ৷ গুৱাহাটীত উপস্থিত হৈ এই কথা জনালে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ৷ ২০২৪ চনৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ যোগান সম্পূৰ্ণ হৈ উঠিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

Gajendra Singh Shekhawat
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট

গুৱাহাটী, 17 ছেপ্টেম্বৰ : ২০২৪ চনৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ যোগান সম্পূৰ্ণ হৈ উঠিব । এই দাবী কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ । গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূৱৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী সকলৰ এক বৈঠকত ভাগ লোৱাৰ পিছত বৃহস্পতিবাৰে সন্ধিয়া এখন সংবাদমেলত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱটে এইদৰে মন্তব্য কৰে । তেওঁ আৰু কয় যে, জলজীৱন মিছনৰ অধীনত অসম তথা উত্তৰ-পূৱলৈ ৯,৮০০ কোটি টকা কেন্দ্ৰই আৱণ্টন দিছে ।

ইয়াৰ উপৰিও ৰাজ্যিক অংশসহ এই পৰিমাণ প্ৰায় ১৫ হাজাৰ কোটি টকা হ’ব বুলিও তেওঁ কয় । দেশৰ প্ৰতিজন নাগৰিকে যাতে নিয়মীয়াকৈ দৈনিক ৫৫ লিটাৰ পানী লাভ কৰে সেয়াই জলজীৱন মিছনৰ অন্যতম লক্ষ্য । ২০২৪ চনৰ পূৰ্বেই অসম এই লক্ষ্যত উপনীত হ’ব বুলি তেওঁ মন্তব্য কৰে । দেশৰ ৭৮ খন জিলা, ২ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত প্ৰদেশত ইতিমধ্যে জলজীৱন মিছনে লক্ষ্যত উপনীত হৈছে বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, খোৱা পানী বিশুদ্ধতাৰ পৰীক্ষাৰ বাবে প্ৰতিখন গাঁৱৰ প্ৰায় সাত হাজাৰটা উন্নয়ন খণ্ডত একোটাকৈ পৰীক্ষাগাৰ স্থাপন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আজি প্ৰকাশ কৰে । তাৰোপৰি ঘৰে ঘৰে গৈ খোৱাপানীৰ বিশুদ্ধতাৰ পৰীক্ষা কৰিবলৈ ইতিমধ্যে পাঁচ লাখ মহিলাক প্ৰশিক্ষিত কৰি তোলা হৈছে । প্ৰথম পৰ্যায়ত ছয় লাখ খন গাৱঁক এই আঁচনিত সামৰি লোৱা হ’ব ‌।

লগতে পঢ়ক : ৫ খন অত্যাধুনিক জাহাজ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.