গুৱাহাটী, ৩০ অক্টোবৰ: "ডিজেল,পেট্ৰ'ল আদি জীৱাষ্মজাত ইন্ধনে আমাৰ পৰিৱেশতন্ত্ৰৰ ওপৰত পেলোৱা কুপ্ৰভাৱৰ বাবে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰি উদ্ভিদজাত ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।" আজি পানীখাইটীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিশেষ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন জয়ৰাম গাডকাৰীয়ে এইদৰে কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় দেশত জীৱাষ্মজাত ইন্ধনৰ বিকল্প হিচাপে উদ্ভিদজাত ইন্ধনৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে ১৮৬ টা প্ৰকল্পৰ কাম চলি আছে । ইয়াৰে ভালেসংখ্যক সফলতাৰে সম্পূৰ্ণ হৈছে বুলিও তেওঁ কয় । তেওঁ কয় যে ইথানল হৈছে এতিয়াৰ সময়ৰ আৱশ্যকতা ।
আজি আবেলি বিশ্ববিদ্যালয়খনৰ এই অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁ ২০১৪ চনত মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ সময়ত ভাৰত যান-বাহন উদ্যোগৰ ক্ষেত্ৰত বিশ্বৰ সপ্তম স্থানত আছিল আৰু আজি ভাৰতৰ স্থান চীন আৰু আমেৰিকাৰ পিছতে তৃতীয় । অহা পাচঁ বছৰৰ ভিতৰত এইক্ষেত্ৰত দেশৰ স্থান এক নম্বৰ কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি তেওঁ উল্লেখ কৰে । দেশক পাঁচ ত্ৰিলিয়ন অৰ্থনীতিৰ স্থানলৈ উন্নীত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা 'আত্মনিৰ্ভৰ ভাৰত'ৰ ধাৰণাক সফল ৰূপ দিবলৈ যুৱচামক নতুন উদ্ভাৱনী সৃষ্টিশীলতাৰে আৰু প্ৰযুক্তিগত জ্ঞান বৃদ্ধিৰে সমৃদ্ধ হৈ আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায় ।
তেওঁ কয়,"যেতিয়াই ইচ্ছা থাকে তেতিয়াই উপায়ো ওলায় ।" এই অনুষ্ঠানতে তেওঁক অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডি-লিট সন্মান প্ৰদান কৰা হয় । জ্যেষ্ঠ নেতাগৰাকীয়ে উৎসৰ্গীকৃত মনোভাৱেৰে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস প্ৰয়াস, উদ্ভাৱনীমূলক ইতিবাচক পদক্ষেপ, কৰ্মদক্ষতা আৰু লাভ কৰা সফলতাৰ বাবে এই সন্মান প্ৰদান কৰা বুলি বিশ্ববিদ্যালয়খনৰ আচাৰ্য ডাঃ নৰেন্দ্ৰ নাথ দত্তই কয় । এই সন্মানে তেওঁক দেশৰ দৰিদ্ৰ জনতাৰ বাবে কাম কৰি যাবলৈ অধিক প্ৰেৰণা আৰু উৎসাহ যোগাব বুলি গাডকাৰীয়ে মন্তব্য কৰে ।
উক্ত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ কেবাগৰাকী কৃতি গৱেষক-শিক্ষক তথা ছাত্ৰ-ছাত্ৰীক ডাউন টাউন বিশ্ববিদ্যালয় বঁটা প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পানীখাইটীৰ গান্ধী নগৰত থকা বিশ্ববিদ্যালয়খনৰ চৌহদতে স্থাপন কৰা এলানি নতুন ভৱন উদ্ধোধন কৰে । সভাৰ আৰম্ভণিতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ নাৰায়ন তালুকদাৰে আদৰণি ভাষণ দিয়ে। উল্লেখযোগ্য যে আজি আবেলি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হোৱা মন্ত্ৰী গৰাকীয়ে পোনতে কামাখ্যা মন্দিৰ দৰ্শন কৰে ।
লগতে পঢ়ক:ULFA leader in Rajiv Bhawan: ৰাজীৱ ভৱনত কিয় উপস্থিত হ’ল আলফা নেতা অৰবিন্দ ৰাজখোৱা ?