ETV Bharat / state

Nitin Gadkari meet Governor: ৰাজ্যপালক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে (Nitin Gadkari meeting Jagdish Mukhi) ৷ সাক্ষাৎকালত সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা প্ৰকল্পৰ আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে । মন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক পৰিবহণ আৰু বিকাশৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ নিহিত শক্তি ব্যৱহাৰ কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপ আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ অধীনস্থ বিভাগৰ কৰ্ম আৰু সম্ভাৱনাৰ বিষয়ে অৱগত কৰে ।

author img

By

Published : Nov 11, 2022, 12:15 PM IST

Nitin Gadkari
Nitin Gadkari

গুৱাহাটী, ১১ নৱেম্বৰ : অসম ভ্ৰমণলৈ অহা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে (Union Minister for Road Transport Nitin Gadkari) বৃস্পতিবাৰে সন্ধিয়া ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে ৷ সাক্ষাৎকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যতে গ্ৰহণ কৰা প্ৰকল্পৰ আন্তঃগাঁথনিৰ বিষয়ে আলোচনা কৰে (Nitin Gadkari meeting Jagdish Mukhi) ।

Nitin Gadkari Assam Visit : ৰাজ্যপালক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ
ৰাজ্যপালক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

উক্ত বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যপালক পৰিবহণ আৰু বিকাশৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ নিহিত শক্তি ব্যৱহাৰ কৰাৰ লগতে বাণিজ্যিক কাৰ্যকলাপ আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ অধীনস্থ বিভাগৰ কৰ্ম আৰু সম্ভাৱনাৰ বিষয়ে অৱগত কৰে (Resources of Brahmaputra) । উল্লেখ্য, ৰাজ্যপালক সাক্ষাতৰ সময়ত গাডকাৰীৰ সৈতে আছিল কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভি কে সিঙো (Minister VK Singh) ৷

গাডকাৰীয়ে লগতে ৰাজ্যপালক কয় যে তেওঁৰ মন্ত্ৰালয়ে অত্যাধুনিক ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ, চালকৰ দক্ষতা প্ৰশিক্ষণ আদি স্থাপনৰ বাবেও কাম কৰি আছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শেহতীয়া স্ক্ৰেপিং নীতি আৰু উৎপাদনৰ বিষয়েও ৰাজ্যপালক অৱগত কৰায় ৷ আনহাতে, বাঁহ আৰু অন্যান্য জৈৱবস্তুৰ পৰা ইথানল আৰু মিথানলৰ উৎপাদনৰ বিষয়েও ৰাজ্যপালক জনায় কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ।

উক্ত বৈঠকতে অসমত বাঁহৰ এটা আন্তঃৰাষ্ট্ৰীয় ডিজাইন আৰু উৎপাদন কেন্দ্ৰ স্থাপনৰ প্ৰয়োজনীয়তাৰ কথাও গাডকাৰীয়ে উল্লেখ কৰে ৷ যাৰ বাবে বাঁহ আৰু বেত ভিত্তিক উদ্যোগক আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা থকা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷ লগতে উক্ত উদ্যোগসমূহত উত্তৰ-পূব ভাৰতৰ প্ৰচুৰ বাঁহ আৰু বেতৰ সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰৰ সদ্দিচ্ছাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷

আনহাতে, সীমান্তৱৰ্তী অঞ্চলসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও আশ্বাস দিয়ে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে । উল্লেখ্য, তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ অহা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শুকুৰবাৰে তেওঁৰ ভ্ৰমণসূচীৰ অন্তিম দিনটোত বিয়লি এখন সংবাদমেল সম্বোধন কৰি দিল্লীলৈ উৰা মাৰিব ৷

লগতে পঢ়ক :Assam Bangladesh Border seal: অসম-বাংলাদেশৰ সীমান্ত ছীল কৰাৰ নামত পুনৰ চৰকাৰৰ ললিপপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.