ETV Bharat / state

Charaideo Maidam : চৰাইদেউ মৈদাম সম্পৰ্কত মন্ত্ৰীগোটৰে বৈঠক ইউনেস্কোৰ ঐতিহ্য বিশেষজ্ঞ লিম চেন ছিয়ানৰ - UNESCO expert at Charaideo

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ ঐতিহ্য-বিশেষজ্ঞ লিম চেন ছিয়ানৰ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বিষয়ক সকলো বিধিগত দায়বদ্ধতা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি ৰাজ্য চৰকাৰৰ ৷ মন্ত্ৰী কেশৱ মহন্ত, বিমল বড়া, যোগেন মহন, জয়ন্ত মল্ল বৰুৱা, মুখ্য সচিব পৱন বৰঠাকুৰৰ অংশগ্ৰহণ দিছপুৰৰ বৈঠকত । ভাগ ল'লে এএছআইৰ অতিৰিক্ত সঞ্চালক প্ৰধানেও ৷

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 9:50 PM IST

গুৱাহাটী, ১০ অক্টোবৰ : চৰাইদেউৰ আহোম ৰাজত্বৰ ৬০০ ছশ বছৰীয়া সোণালী ঐতিহ্য বহনকাৰী স্বৰ্গদেউসকলৰ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ দিশে আৰু এখোজ আগবাঢ়িল ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে আবেদন জনাই ভাৰত চৰকাৰে ইউনেস্কোৰ ওচৰত দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ বাবে অহা ইউনেস্কোৰ ঐতিহ্য-বিশেষজ্ঞ লিম চেন ছিয়ানে মঙলবাৰে সন্ধিয়া দিছপুৰত অসম চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয় ।

জনতা ভৱনৰ এ ব্লকত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ সঞ্চালনাত সম্পন্ন হয় এই বৈঠক৷ বৈঠকত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ প্ৰস্তুতি তদাৰকৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ সদস্য ৰাজহ মন্ত্ৰী যোগেন মহন, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে ৷

UNESCO expert meets Assam Ministers
মন্ত্ৰীগোটৰে বৈঠক ইউনেস্কোৰ ঐতিহ্য বিশেষজ্ঞ লিম চেন ছিয়ানৰ

ইয়াৰোপৰি ভাৰত চৰকাৰৰ আৰ্কিঅ'লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়া (এএছআই)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড৹ জানৱিজ শৰ্মা, যুটীয়া সঞ্চালক প্ৰধান (উত্তৰ পূব) টি আৰ শৰ্মা, সংৰক্ষণ সঞ্চালক ভীমা আজমেৰা, এএছআইৰ বিশেষজ্ঞ ড৹ জি এল কাটাডে আৰু ড৹ কাঞ্চনলতা ৰায়, অসম চৰকাৰৰ থলুৱা জনগোষ্ঠী আৰু বিশ্বাস বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মা, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড৹ দীপিৰেখা কুলী, ঐতিহ্য বিশেষজ্ঞ ড৹ কে চি নৌৰিয়েলেও অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন কৰি ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি প্ৰদান কৰাৰ প্ৰসংগত যাৱতীয় প্ৰস্তুতি গ্ৰহণৰ বাবে ইউনেস্ক’ৰ আন্তঃৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু স্থান পৰিষদৰ বিশেষজ্ঞ লিম চেন ছিয়ানসহ এটি দল শনিবাৰে বিয়লি মৈদাম ক্ষেত্ৰত আহি উপস্থিত হৈছিল । উত্তৰ পূব এছিয়াৰ ইউনেস্কৰ বিশেষজ্ঞ প্ৰতিনিধি ছিংগাপুৰৰ লিম চিং চিয়াঙ সহিতে দলটোৱে সোমবাৰে চৰাইদেউৰ পৰা গুৱাহাটীলৈ ৰাওনা হয় ৷ তাৰ পাছতে মঙলবাৰে তেওঁ অসম চৰকাৰৰ প্ৰতিনিধিৰ সৈতে বৈঠকখনত মিলিত হয় ৷

ইউনেস্কোৰ অধীনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যোগ্যতা পৰীক্ষণ প্ৰক্ৰিয়াৰ দায়িত্বত থকা 'ইণ্টাৰনেছনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড ছাইটছ' (ইক'ম'ছ)ৰ ঐতিহ্য-বিশেষজ্ঞ ছিয়ানে অসম চৰকাৰৰ মন্ত্ৰীগোটৰে হোৱা বৈঠকখনত বিগত তিনিদিনত চৰাইদেউ মৈদামথলী পৰ্যবেক্ষণ কৰি লাভ কৰা অভিজ্ঞতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যোগ্যতাৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ সন্দৰ্ভত বিশেষ কোনো কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকিও ইক'ম'চৰ বিশেষজ্ঞগৰাকীয়ে আহোম স্বৰ্গদেউসকলৰ এই মৈদামে চহকী ঐতিহ্যক প্ৰতিফলিত কৰা বুলি মতপোষণ কৰে ।

যোৱা ৭ অক্টোবৰৰ বিয়লি চৰাইদেউত উপস্থিত হৈ বিগত তিনিদিন মৈদামথলীৰ প্ৰায় আটাইকেইটা মৈদামেই পৰিদৰ্শন কৰা বিশেষজ্ঞগৰাকীয়ে মৈদামথলীৰ পুৰণি ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ বিপুল উৎসাহ আৰু সক্ৰিয় অংশগ্ৰহণৰ বিশেষ প্ৰশংসা কৰে । বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু মুখ্য সচিব বৰঠাকুৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্ৰযোজ্য সকলো বিধিগত বাধ্যবাধকতা অসম চৰকাৰে সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যতেও এই দিশত পূৰ্ণ দায়বদ্ধতা পালন কৰিব বুলি ঐতিহ্য বিশেষজ্ঞ ছিয়ানক চৰকাৰৰ ফালৰ পৰা নিশ্চয়তা প্ৰদান কৰে ।

একেদৰে, ভাৰত চৰকাৰৰ আৰ্কিঅ'লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়াৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড৹ শৰ্মায়ো চৰাইদেউ মৈদামথলীক ঐতিহ্য ক্ষেত্ৰৰূপে ভৱিষ্যতেও সম্পূৰ্ণ সংৰক্ষণ-সংবৰ্দ্ধনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পালন কৰিব লগা সকলো দায়িত্ব পালন কৰা হ'ব বুলি ইউনেস্কোৰ সহযোগী সংস্থা ইক'ম'ছৰ বিশেষজ্ঞগৰাকীক আশ্বস্ত কৰে । চৰাইদেউ মৈদাম সন্দৰ্ভত ইউনেস্কোৰ বিশেষজ্ঞগৰাকীক যদি আৰু অধিক তথ্যৰ প্ৰয়োজন হয়, তেন্তে সেয়া ক্ষিপ্ৰতাৰে তেওঁলৈ আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু এএছআইৰ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে লিম চেন ছিয়ানক বৈঠকত প্ৰতিশ্ৰুতি দিয়ে ।

উল্লেখ্য যে ইতিমধ্যে মৈদামথলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে আবেদন জনাই ভাৰত চৰকাৰে ইউনেস্কোৰ ওচৰত দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ বাবে ইউনেস্কো-ইক'ম'ছৰ ঐতিহ্য বিশেষজ্ঞগৰাকীয়ে যোৱা শুকুৰবাৰেই ছিংগাপুৰ পৰা আহি নতুন দিল্লীত উপস্থিত হয়৷ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ ৰাজ্য মন্ত্ৰী মীনাক্ষী লেখীৰ লগতে মন্ত্ৰালয় আৰু এএছআইৰ শীৰ্ষ বিষয়াসকলৰ সৈতে চৰাইদেউ মৈদামক লৈ ভাৰত চৰকাৰছ ইউনেস্কোৰ ওচৰত আনুষ্ঠানিকভাৱে দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰে৷ তাৰ পাছতহে শনিবাৰে বিয়লি চৰাইদেউত উপস্থিত হৈ পোনে পোনে মৈদামথলীৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে ।

পৰৱৰ্তী দুটা দিনত মৈদামথলীত থকা প্ৰায় আটাইকেইটা মৈদাম ঘূৰি ঘূৰি পৰিদৰ্শন কৰাৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসন, প্ৰত্নতত্ব বিভাগ, এএছআইৰ বিষয়াবৰ্গ আৰু স্থানীয় ৰাইজৰ সৈতে মৈদামৰ ঐতিহ্য আৰু আহোম ৰাজত্বকালৰ বিভিন্ন পৰম্পৰা সন্দৰ্ভত মতবিনিময় কৰে । আজি দিছপুৰত মন্ত্ৰীগোটৰে বৈঠকৰ অন্তত ঐতিহ্য-বিশেষজ্ঞ ছিয়ানে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে ।

লগতে পঢ়ক: UNESCO expert leaves Charaideo: বহু তথ্যৰ সম্ভাৰ লৈ চৰাইদেউ এৰিলে ইউনেস্ক’ৰ পৰ্যবেক্ষকে ! অপেক্ষা ভাল খবৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.