গুৱাহাটী, ৩০ এপ্ৰিল : এই পৰ্যন্ত চৰকাৰে আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা যে পূৰ্বৰ সময়সূচী মতে অনুষ্ঠিত নহ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে । শুকুৰবাৰে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শীৰ্ষ সুত্ৰই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে ছাত্ৰ জীৱনৰ এই দুয়োটা গুৰুত্বপূৰ্ণ পৰীক্ষা এইবাৰ সময়মতে অনুষ্ঠিত নহ’ব । কিন্তু আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত চৰকাৰী কোনো ঘোষণা এতিয়াও হোৱা নাই । সূত্ৰ দুটাই লগতে এইবুলিও জানিবলৈ দিয়ে যে, ২ মে'ত নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত দিছপুৰত অধিষ্ঠিত হবলগীয়া নতুন চৰকাৰখনেহে ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে ।
উল্লেখযোগ্য যে, ১১ মে'ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা । কিন্তু মন কৰিবলগীয়া কথাটো হ'ল, বৰ্দ্ধিত ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বহু জিলাত স্থানীয় প্ৰশাসনে ১২ মে' পৰ্যন্ত শিক্ষানুষ্ঠান সমূহ বন্ধ ঘোষণা কৰি থৈছে । দ্বিতীয়তে দুয়োটা পৰীক্ষা সুকলমে পৰিচালনা কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰীৰ এটা বৃহৎ দলৰ প্ৰয়োজন । সমানে প্ৰয়োজন তেওঁলোকৰ ক'ভিড পৰীক্ষা আৰু দুয়ো পালি প্ৰতিষেধকৰ । গতিকে স্বাভাৱিকতে ১১ মে'ৰ পূৰ্বে ইয়াৰে কোনো এটা ব্যৱস্থাই সম্পূৰ্ণ হৈ উঠাৰ আশা নাই ৷
লগতে পঢ়ক :অসমীয়াৰ অপহৰণ অসহনীয়: জীৱন মৰাণ