ETV Bharat / state

আলফাৰ নাম লৈ কোনে চলাইছে ধন সংগ্ৰহ অভিযান ?

author img

By

Published : Jul 22, 2021, 1:45 PM IST

নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ নাম লৈ এচাম দুষ্ট চক্ৰই ধন সংগ্ৰহ অভিযান চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷ যুদ্ধ বিৰতি(ceasefire) প্ৰক্ৰিয়াৰ অংশ স্বৰূপে সংগঠনটোৱে বৰ্তমান পৰ্যন্ত হিংসাত্মক কাৰ্যসূচী তথা ধন সংগ্ৰহৰ পৰা বিৰত হৈ আছে এনে সময়ত জনমানসত আলফাৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলা বুলি এক বিবৃতি যোগে দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷

ulfa's press release on thugs collecting money in the name of the banned organisation
যুদ্ধবিৰতিৰ সময়ত আলফাৰ নামলৈ ধন সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে সৰৱ আলফা

নিউজ ডেস্ক, 22 জুলাই : ৰাজ্যত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতেই শান্তি আলোচনাৰ এক সৌহাদ্যপূৰ্ণ পদক্ষেপ হিচাপে সংযুক্ত মুক্তি বাহিনী অসমে(united liberation front of Assam) যুদ্ধ বিৰতি(ceasefire) ঘোষণা কৰিছিল ৷ চলিত বৰ্ষৰ 15 মে’ তাৰিখৰ পৰা নিষিদ্ধ ঘোষিত সংগঠনটোৱে এই যুদ্ধ বিৰতিৰ পক্ৰিয়াত অটল হৈ আছে ৷ এই পক্ৰিয়াৰ অংশ স্বৰূপে সংগঠনটোৱে বৰ্তমান পৰ্যন্ত হিংসাত্মক কাৰ্যসূচী তথা ধন সংগ্ৰহৰ পৰা বিৰত হৈ আছে ৷

কিন্তু, বৃহস্পতিবাৰে সংগঠনটোৱে এক বিবৃতি যোগে জানিবলৈ দিছে যে, আলফাৰ নাম লৈ এচাম দুষ্ট চক্ৰই ধন সংগ্ৰহ অভিযান চলাই আছে ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে জনমানসত আলফাৰ ভাৱমূৰ্তি ম্লান কৰাৰ অপচেষ্টা চলা বুলি দাবী উত্থাপন কৰিছে সংগঠনটোৱে ৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নাম লৈ দুষ্ট চক্ৰই এই কাৰ্য চলাই থকাৰ কথা সংগঠনটোৰ অৱগত হৈছে বুলিও উল্লেখ আছে বিবৃতিটোত ৷

চেম্বাৰ্চ অৱ কমাৰ্চ(chambers of commerce) নামৰ এক প্ৰতিষ্ঠান খুলি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ নামত দুষ্ট চক্ৰটোৱে এই কাৰ্য সমাপন কৰি আছে ৷

এই কাৰ্যৰ সৈতে এচাম অসাধু আৰক্ষী বিষয়া তথা ব্যৱসায়ী জড়িত থকা বুলি দাবী কৰিছে আলফাই ৷ অনা অসমীয়া ব্যৱসায়ী কিম্বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এই দৰে এচাম অসাধু আৰক্ষী বিষয়া তথা ব্যৱসায়ীয়ে ধন সংগ্ৰহ কৰি বিদ্ৰোহী সংগঠনটোৰ ভাৱমূৰ্তি ম্লান কৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে বিদ্ৰোহী সংগঠনটো ৷ ইয়াৰ লগতে, এই কাৰ্য বন্ধ নহ’লে ভয়াৱহ শাস্তি প্ৰদানৰ ভাবুকিও বিবৃতি যোগে প্ৰেৰণ কৰিছে নিষিদ্ধ ঘোষিত সংগঠনটোৱে ৷

লগতে পঢ়ক : আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.