ETV Bharat / state

অনুশাসন ভংগৰ অভিযোগত আলফা সদস্যক মৃত্যুদণ্ড - ULFA head quarter

প্ৰেছ বিবৃতিটোত আলফাই প্ৰকাশ কৰিছে, "সদস্যগৰাকীক সংগঠনে সৰলতাপূৰ্ণ, অকৃত্ৰিম মানৱীয় দৃষ্টিৰে আত্মসংশোধনৰ বাবে আগবঢ়োৱা সুৱৰ্ণ সুযোগক বাৰম্বাৰ ভেঙুচালি কৰা আৰু ব্যক্তিগত পৰিচয়-পত্ৰত (Biodata) ভুৱা তথ্যাৱলী সন্নিৱিষ্ট কৰি সংগঠনক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্য সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱৰ মহান স্বাৰ্থৰ পৰিপন্থী । গতিকে সদস্যজনৰ দোষসমূহ ক্ষমাৰ অযোগ্য হোৱাৰ হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি আজি ইংৰাজী ৩১-০৮-২০২২ তাৰিখে এনে অবাঞ্ছিত মৃত্যদণ্ড বিহা হ'ল (ULFA member sentenced to death) ।"

Paresh Baruah
Paresh Baruah
author img

By

Published : Aug 31, 2022, 1:49 PM IST

Updated : Aug 31, 2022, 2:36 PM IST

গুৱাহাটী, ৩১ আগষ্ট : ক্ষমাৰ অযোগ্য দোষৰ বাবে আলফা সদস্যক মৃত্যুদণ্ড সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা (স্বা)ৰ (Death penalty for ULFA member) । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফাই (স্বা) এই কথা প্ৰকাশ কৰিছে (press release by ULFA) ।

প্ৰেছ বিবৃতিটোত আলফাই প্ৰকাশ কৰিছে, "সদস্যগৰাকীক সংগঠনে সৰলতাপূৰ্ণ, অকৃত্ৰিম মানৱীয় দৃষ্টিৰে আত্মসংশোধনৰ বাবে আগবঢ়োৱা সুৱৰ্ণ সুযোগক বাৰম্বাৰ ভেঙুচালি কৰা আৰু ব্যক্তিগত পৰিচয়-পত্ৰত (Biodata) ভুৱা তথ্যাৱলী সন্নিৱিষ্ট কৰি সংগঠনক বিপথে পৰিচালিত কৰিব বিচৰা কাৰ্য সশস্ত্ৰ জাতীয় মুক্তি বিপ্লৱৰ মহান স্বাৰ্থৰ পৰিপন্থী । গতিকে সদস্যজনৰ দোষসমূহ ক্ষমাৰ অযোগ্য হোৱাৰ হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি আজি ইংৰাজী ৩১-০৮-২০২২ তাৰিখে এনে অবাঞ্ছিত মৃত্যদণ্ড বিহা হ'ল (ULFA member sentenced to death) ।"

উল্লেখ্য, আলফাই (স্বা) প্ৰকাশ কৰা প্ৰেছ বিবৃতি অনুযায়ী, যোৱা ২৮ জুলাইত ইষ্টাৰ্ণ কমাণ্ড মুখ্য কাৰ্যালয়স্থিত কৰ্প'ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছালামে (পিতৃ- কলিম উদ্দিন মণ্ডল, গাঁও- বাউৰাৰতল, থানা- লক্ষীপুৰ, জিলা- গোৱালপাৰা) নিশা ৮ বজাত পলায়ন কৰে (Death penalty for ULFA member Rihan Asom) । কিন্তু পিছদিনা পুৱা ৫ বজাত আলফাৰ টহলদাৰী গোটে তেওঁক কৰায়ত্ত কৰে ।

উক্ত অপৰাধৰ বাবে ৯ আগষ্টৰ পৰা ১০ আগষ্টলৈ সদস্যগৰাকীৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয় নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত । উক্ত বিচাৰ সদনত সদস্যজনে নিজৰ অপৰাধ স্বীকাৰ কৰি ভৱিষ্যতে আত্মসংশোধনৰ জৰিয়তে সংগঠনত সেৱা আগবঢ়াই যাব বুলি সদিচ্ছা ব্যক্ত কৰি তেওঁ লিখিত তথা দৃশ্য-শ্ৰাব্য প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেয়েহে তেওঁৰ সকলো দিশ বিবেচনা কৰি লঘু শাস্তি প্ৰদানেৰে তেওঁক পুনৰ আলফাত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰা হয় ।

প্ৰেছ বিবৃত্তিটেত উল্লেখ কৰা মতে, কিন্তু সদস্যজনে পুনৰ ২৩ আগষ্টত পলায়ন কৰে (ULFA member Flees from camp) যদিও সেইদিনা আবেলিয়ে তেওঁক পুনৰ কৰায়ত্ত কৰা হয় । কিন্তু তেওঁক মুখ্য কাৰ্যালয়লৈ আনি থকাৰ পথত অচম্বিতে পুনৰ পাহাৰৰ থিয় গৰাৰে জঁপিয়াই পলায়নৰ চেষ্টা কৰে (ULFA head quarter) । এনেদৰে তৃতীয়বাৰ পলায়নৰ চেষ্টা কৰাৰ পিছত পুনৰ ২৫ আগষ্টত কৰায়ত্ত কৰা হয় ।

পিছত যোৱা ৩০ আগষ্টত পুনৰবাৰ নিম্ন বিচাৰ সদনৰ অধ্যক্ষতাত অনুষ্ঠিত আন এক বিচাৰ সদনত ৰিহন অসমে একাধিক দোষ স্বীকাৰ কৰে । লগতে একাংশ আৰক্ষী বিষয়াৰ লগত সংগোপনে জড়িত হৈ নাগা মুক্তাঞ্চললৈ অহাৰ কথা অকপটে স্বাকীৰ কৰে । লগতে তেওঁ স্বীকাৰ কৰে যে স্বদেশ প্ৰেমত উদ্বুদ্ধ হৈ নহয়, কেৱল ব্যক্তিগত স্বাৰ্থ আৰু প্ৰতিশোধ পূৰণৰ বাবেহে তেওঁ সংগঠনত যোগদান কৰিছিল ।

সেয়ে অপৰাধীৰ এনে দ্বিধাহীন স্বীকাৰোক্তিৰ ভিত্তিত সংগঠনৰ সংবিধানৰ নিয়ম অনুযায়ী ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ চেষ্টা চলোৱা, প্ৰতি বিপ্লৱী কাৰ্যত জড়িত হোৱা, সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত সদস্যজনৰ বিৰুদ্ধে মৃত্যদণ্ড ঘোষণা কৰা হয় ।

লগতে পঢ়ক :বৰপেটাৰ পিছত এইবাৰ যোগীঘোপা মাদ্ৰাছাত চলিল উচ্ছেদ অভিযান

Last Updated : Aug 31, 2022, 2:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.