ETV Bharat / state

উগ্ৰতাৰাত কাছৰ মৃত্যু

author img

By

Published : Apr 28, 2020, 6:35 PM IST

উগ্ৰতাৰা দেৱালয়ত জীৱ কুলৰ খাদ্য সংকট,লক ডাউনৰ বাবে ব্যাহত খাদ্য যোগান ৷

ugratara turtle death assam guwahati
উগ্ৰতাৰাত কাছৰ মৃত্যু

গুৱাহাটী, 28 এপ্ৰিলঃ উগ্ৰতাৰা দেৱালয়ত কাছৰ মৃত্যু ৷ মঙলবাৰে দেৱালয়ৰ কতৃপক্ষই দেৱালয়ৰ সমীপত থকা দিনীয়া যোৰ পুখুৰীত প্ৰত্যক্ষ কৰে মৃত কাছটো ৷ দেৱালয়ৰ কৰ্তৃপক্ষই সন্দেহ কৰা অনুসৰি খাদ্যৰ অভাৱৰ ফলত মৃত্যু হৈছে কাছটোৰ । জানিব পৰা অনুসৰি হেলপিং আৰ্থ নামৰ এক বেচৰকাৰী সংস্থা আৰু প্ৰশাসনৰ তত্বাৱধানত যোৰ পুখুৰীৰ কাছ সমূহ চোৱা চিতা কৰি আছিল। আনহাতে মন্দিৰ কৰ্তৃপক্ষই কাছৰ মৃত্যু সন্দৰ্ভত প্ৰাণী বিশেষজ্ঞ জয়াদিত্য পুৰকায়স্থক অৱগত কৰায় ৷

উগ্ৰতাৰাত কাছৰ মৃত্যু

আনহাতে বিশেষজ্ঞ জয়াদিত্য পুৰকায়স্থই মৃত কাছটো সন্দৰ্ভত জানিবলৈ দিয়ে যে খাদ্যৰ লগতে বয়সৰ বাবে কাছটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে তেওঁ। কাছই কণী পৰা সময়ত পাৰলৈ উঠি আহে গতিকে কেতিয়াবা কংক্ৰীত পাৰ হোৱাৰ বাবে আঘাত প্ৰাপ্ত হৈ কণী পাৰিব নোৱাৰা ফলতো মৃত্যু মুখত পৰিব পাৰে কাছ বুলি জানিবলৈ দিলে বিশেষজ্ঞ গৰাকীয়ে। গুৰুত্বপূৰ্ণ কথা এই যে লক ডাউনৰ ফলত খাদ্যৰ সংকটত পৰিছে দেৱালয়ত থকা জীৱকূল ৷ আনহাতে বিশেষকৈ দেৱালয়ত থকা ৰাজহাঁহ,পাৰ আৰু,মাছ-কাছ সমূহক পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব পৰা নাই আৰু জীৱ কুলৰ বাবে প্ৰয়োজনীয় ঔষধও যোগান ধৰিব পৰা নাই দেৱালয়ত এই কথা জনালে মন্দিৰ কৰ্তৃপক্ষই ৷

লগতে পঢকঃ লক ডাউনৰ মাজতো এজন কৃষকৰ মুখত বিৰিঙি উঠিছে হাঁহি!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.