গুৱাহাটী, 1 নবেম্বৰ : দেওবাৰে চানমাৰি আৰক্ষীৰ জালত পৰে দুটাকৈ দুৰ্ধৰ্ষ চোৰ । যোৱা এদিন পূৰ্বে সন্তোষ আলী নামৰ এজন লোকৰ বাহনৰ পৰা বেটাৰী চুৰি কৰিছিল এই দুই চোৰে । ঘটনা সন্দৰ্ভত ভুক্তভোগী সন্তোষ আলীয়ে চানমাৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ভাস্কৰ নগৰত অভিযান চলাই দুটাকৈ চোৰক গ্ৰেপ্তাৰ কৰে । ধৃত চোৰ দুটাৰ নাম লাল মহম্মদ শইকীয়া আৰু ৰিংকু আলী বুলি জানিব পৰা গৈছে । ইফালে আটকাধীন দুই চোৰৰ পৰা বহুটো চুৰি সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে এই দুই চোৰে পূৰ্বেও বহু চুৰিকাণ্ড সংঘটিত কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ।
লগতে পঢ়ক : ৰে'লৱে ক'পাৰ্টিভৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল পাণ্ডু