ETV Bharat / state

Division in KLO : কেএলঅ’ৰ নেতাক বহিষ্কাৰ; জীৱন সিংহক ৰ’ৰ এজেণ্ট আখ্যা - conflict amongst KLO leasers

কে এল অ’ত উলম্ব বিভাজন ! দুজন জ্যেষ্ঠ নেতাক বহিষ্কাৰ কৰিলে জীৱন সিংহই ! জীৱন সিংহক ৰ’ৰ এজেণ্ট আখ্যা মুক্ত হৈ থকা কে এল অ’ৰ সদস্যৰ (conflict amongst KLO leasers) ৷

KLO
KLO
author img

By

Published : Apr 18, 2023, 5:10 PM IST

জীৱন সিংহ সন্দৰ্ভত বিস্ফোৰক অভিযোগ

গুৱাহাটী, ১৮ এপ্ৰিল : শান্তিচুক্তি স্বাক্ষৰ কৰিবলৈ আহি বৰ্তমান ভাৰত চৰকাৰৰ জিম্মাত থকা জীৱন সিংহৰ নেতৃত্বাধীন কে এল অ’ত আৰম্ভ হৈছে এক উলম্ব বিভাজন (division in KLO) ৷ জীৱন সিংহই দলবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত কে এল অ’ৰ পৰা বহিষ্কাৰ কৰিছে দুজনকৈ জ্যেষ্ঠ নেতাক ৷ আনহাতে, জীৱন সিংহক ৰ’ৰ এজেণ্ট আখ্যা দিছে কে এল অ’ৰ আন একাংশ জ্যেষ্ঠ নেতাই (KLO Chief Jiban Singha) ৷ শেহতীয়াভাৱে কে এল অ’ৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ কোচ আৰু জয় প্ৰকাশ বৰ্মনক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰা হয় (two leaders expelled from KLO) ।

এই বহিষ্কাৰৰ কথা জনাই সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ কৰিছে কে এল অ' প্ৰধান জীৱন সিংহই (conflict amongst KLO leasers) । বিবৃতিযোগে জীৱন সিংহই জনাইছে যে নীতিবৰ্হিভূত কাম কৰাৰ বাবেই এই বহিষ্কাৰৰ সিদ্ধান্ত লোৱা হৈছে ৷ উল্লেখ্য যে শেহতীয়াকৈ শান্তি আলোচনাৰ বাবে জীৱন সিংহৰ নেতৃত্বত কে এল অ'ৰ ১৮ জনীয়া দল এটা ম্যানমাৰৰ পৰা ওলাই আহিছিল ৷ যিটো প্ৰসংগই সমগ্ৰ অসমৰ লগতে পশ্চিমবংগত তোলপাৰ লগাইছিল ৷ চৰকাৰৰ পৃষ্ঠপোষকতাত মান্দাকাটাৰ অসম কামাণ্ডৰ শিবিৰত আশ্ৰয় লৈ আছে দলটোৱে ৷

ৰঙালী বিহুৰ বাবে কে এল অ’ৰ সকলো সদস্যকে চৰকাৰে চৰ্ত সাপেক্ষে মুক্ত বিচৰণৰ সুবিধা দিছিল ৷ সেই অনুসৰি জয় প্ৰকাশ বৰ্মন আৰু বিশ্বজিৎ কোচ দুয়ো নিজ ঘৰলৈ যায় ৷ কিন্তু তাৰ মাজতে ১৬ এপ্ৰিলত জীৱন সিংহ স্বাক্ষৰিত এক পত্ৰযোগে দুই নেতাক বহিষ্কাৰ কৰা বুলি প্ৰকাশ কৰিছে ৷ আনহাতে, এই বহিষ্কৰণৰ পিছত জীৱন সিংহক উভতি ধৰিছে কে এল অ'ৰ (Kamatapur Libaration Organisation) কেডাৰে ৷ মুকলিকৈ থকা কে এল অ’ৰ কেডাৰৰ অভিযোগ, জীৱন সিংহ এগৰাকী ৰ’ৰ এজেণ্ট ৷

ৰ’ৰ এজেণ্ট হিচাবে কাম কৰি আছে তেওঁ ৷ ভাৰত চৰকাৰৰ হাতত বিক্ৰী যোৱা এজন নেতা আখ্যা জীৱন সিংহক ৷ কে এল অ'ৰ সদস্য কমলেশ কোচ ওৰফে কৰ্ণ বৰ্মনে কোনো অজ্ঞাত স্থানৰ পৰা এক ভিডিঅ' বাৰ্তাযোগে প্ৰকাশ কৰিছে এই অভিযোগ ৷ ইয়াৰ লগে লগে শান্তি আলোচনাৰ বাবে আগবাঢ়ি অহা কে এল অ’ত যে বিভাজন ঘটিছে আৰু বিবাদ তুংগত আছে সেয়া স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক :Akhil Gogoi bail : জামিন লাভৰ পাছত কি ক'লে অখিল গগৈয়ে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.