ETV Bharat / state

দুগৰাকী শিক্ষাৰ্থীয়ে উজলালে মহানগৰীৰ ছাই বিকাশ জুনিয়ৰ কলেজ

কলেজখনৰ পৰা বিজ্ঞান শাখাত তৃতীয় আৰু ষষ্ঠ স্থান দখল কৰিছে ক্ৰমে প্ৰীতপল বেজবৰুৱা আৰু আয়ুসী কাব্ৰাই।

author img

By

Published : Jun 25, 2020, 7:15 PM IST

Two rank holders from Guwahati sai bikash junior collage
দুগৰাকী শিক্ষাৰ্থীয়ে উজ্জলালে মহানগৰীৰ চাই বিকাশ জুনিয়ৰ কলেজ

গুৱাহাটী, 25 জুনঃ বৃহস্পতিবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক ২০২০ বর্ষৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিজ্ঞান শাখাত মহানগৰীৰ ছাই বিকাশ জুনিয়ৰ কজেলৰ দুগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আয়ুসী কাব্ৰা

কলেজখনৰ পৰা বিজ্ঞান শাখাত তৃতীয় আৰু ষষ্ঠ স্থান দখল কৰিছে ক্ৰমে প্ৰীতপল বেজবৰুৱা আৰু আয়ুসী কাব্ৰাই। তৃতীয় স্থান দখল কৰা প্ৰীতপল বেজবৰুৱা টিহুৰ বাসিন্দা। ষষ্ঠ স্থানৰ আয়ুসী কাব্ৰাই এগৰাকী অভিযন্তা হোৱাৰ সপোন দেখিছে আৰু সেই অনুসৰি নিজৰ অধ্যয়ন চলাই আছে। কোনো ধৰণৰ টিউচন নোলোৱাকৈয়ে আয়ুসী কাব্ৰাই স্থান দখল কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত মহানগৰী গুৱাহাটীৰ কলেজসমূহে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। দুই-এখন কলেজে স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটীত।

প্ৰীতপল বেজবৰুৱা

লগতে পঢ়কঃ টীয়কৰ জাঁজীমুখত বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.