ETV Bharat / state

ৰে’লৱেৰ সামগ্ৰী চুৰি কৰি ৰঙা ঘৰত আনোৱাৰ আৰু আমিনুল

author img

By

Published : May 19, 2022, 8:29 PM IST

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ট্ৰেইন ট্ৰেকৰ সামগ্ৰী চুৰি প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ ৰোষত পৰিল পাঠীমাৰীৰ আনোৱাৰ হুছেইন (22) আৰু আমিনুল ইছলাম (22) (Pragjyotishpura police arrested two thieves) ৷ লগতে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে ধৃত আনোৱাৰ আৰু আমিনুলৰ পৰা জব্দ কৰে AS 25 6323 নম্বৰৰ এখন বাহনসহ নগদ 21800 টকা ৷

Pragjyotishpura police arrested two thieves
ৰঙা ঘৰৰ আলহী হ’ল আনোৱাৰ আৰু আমিনুল

গুৱাহাটী, 19 মে’ : উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ ট্ৰেইন ট্ৰেকৰ সামগ্ৰী চুৰি কৰি প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ জালত পৰিল দুই গভাইত চোৰ (Pragjyotishpura police arrested two thieves) । ধৃত চোৰ দুটা বৰপেটা জিলাৰ পাঠীমাৰীৰ আনোৱাৰ হুছেইন (22) আৰু আমিনুল ইছলাম (22) বুলি জানিব পৰা গৈছে ।

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বুধবাৰে নিশাৰ ভাগত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ গুৱাহাটী লামডিং ডিভিজনৰ পানবাৰীৰ ষ্টেচনৰ 11 নং গেটৰ পৰা ৰে’লৰ চিৰিৰ সংযোগ স্থলৰ দুয়োফালে ব্যৱহাৰ কৰা লোহাৰ পাতিসমূহ এখন বাহনত উঠাই গুৱাহাটী অভিমুখে লৈ গৈ আছিল আটকাধীন ধৃত চোৰ দুটাই ।

চুৰি সামগ্ৰী জব্দ

তেনে সময়তে সন্দেহবসত পানবাৰী গাঁৱৰ স্থানীয় একাংশ লোকে বাহনখন ৰখাব বিচাৰিছিল । কিন্তু চোৰ দুটাই বাহনখন নাৰাখি বৰং তীব্ৰ গতিতহে আগবাঢ়ে । পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত স্থানীয় লোকে খবৰ দিয়ে প্ৰাগজ্যোতিষপুৰ আৰক্ষীক ৷ তাৰ পাচতে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে আৰম্ভ কৰে তালাচী অভিযান (Pragjyotishpura police raid against thief) ৷

এই অভিযানতে পানবাৰী গুৱাহাটী অভিমুখী পথত আৰক্ষীৰ চকুত ধৰা পৰে উক্ত বাহনখন । উক্ত চুৰি ঘটনাৰ দলত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে দুই চোৰক আৰু জব্দ কৰে AS 25 6323 নম্বৰৰ বাহনখন ৷ জব্দকৃত বাহনখনৰ পৰা প্ৰায় 70 টুকুৰা লোহাৰ সামগ্ৰীৰ সৈতে নগদ 21800 টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

বুধবাৰে দিনৰ ভাগত আটকাধীন চোৰ দুটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ 379/411/34 নং ধাৰাৰ অধীনত প্ৰাগজ্যোতিষপুৰ থানাত 56/22 নম্বৰত এটি গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰে ৷ তাৰ পিছত আদালতৰ নিৰ্দেশ মৰ্মে জেললৈ প্ৰেৰণ কৰা হয় আনোৱাৰ আৰু আমিনুলক ।

লগতে পঢ়ক : সাতগাঁও আৰক্ষীৰ জালত চুৰি সামগ্ৰীসহ দুই গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.