ETV Bharat / state

APSC কেলেংকাৰী: SITৰ জেৰাৰ সন্মুখীন আন দুই আৰক্ষী বিষয়া নিতুমণি-ঋতুৰাজ - অসম লোকসেৱা আয়োগ

SITৰ নিৰ্দেশত বৃহস্পতিবাৰে CIDৰ কাৰ্যালয়ত উপস্থিত হ’ল টকা দি APSCৰ পৰীক্ষা উত্তীৰ্ণ হোৱা আন দুগৰাকী বিষয়া ৷ APS নিতুমণি দাস আৰু APS ঋতুৰাজ দলে নামৰ দুয়োগৰাকী বিষয়া গুৱাহাটীৰ উলুবাৰীস্থিত CIDৰ কাৰ্যালয়ত হাজিৰ হয় ।

SIT APSC Scam
APSC কেলেংকাৰী
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:45 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ : ৰাকেশ পালৰ ছত্ৰছাঁয়াত APSC ত বক্ৰপথেৰে চাকৰি লোৱা বুলি তথ্য-প্ৰমাণ লাভ কৰা একাংশ ৰাজপত্ৰিত বিষয়াৰ লাহে লাহে যেন জেলৰ ভাত খোৱাৰ সময় মুকলি হৈছে । IPS মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠিত SIT য়ে তলব কৰিছে এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক ।

বৃহস্পতিবাৰে SIT য়ে তলব কৰি জেৰা কৰে আন দুই ৰাজপত্ৰিত বিষয়াক ৷ APS নিতুমনি দাস আৰু APS ঋতুৰাজ দলে নামৰ দুয়োগৰাকী বিষয়া তলব অনুসৰি গুৱাহাটীৰ উলুবাৰীস্থিত CIDৰ কাৰ্যালয়ত হাজিৰ হয় ।

ইয়াৰে নিতুমণি দাসে বঙাইগাঁৱত আৰু ঋতুৰাজ দলেই গোৱালপাৰাত অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত আছিল । বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাবে নিযুক্ত হৈ থকা অৱৱস্থাতে নিতুমণি দাসক ইতিমধ্যে নিলম্বন কৰা হৈছে । দুয়োজনৰ বিৰুদ্ধে আছে বক্ৰপথেৰে APSCৰ চাকৰি লোৱাৰ অভিযোগ । তথ্য-প্ৰমাণৰ ভিত্তিত দুয়োজনকে বিশেষ তদন্তকাৰী দলে তলব কৰে জেৰাৰ বাবে । উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছ আই টিয়ে চলাই আছে এ পি এছ চি কেলেংকাৰীৰ তদন্ত ৷ ইতিমধ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত কেবাগৰাকী ৰাজপত্ৰিত বিষয়াক জেৰা চলাই গ্ৰেপ্তাৰ কৰাৰ লগতে বহুকেইগৰাকীক নিলম্বন কৰিছে ।

বিশেষ তদন্তকাৰী দলটোৱে দুই এ পি এছ বিষয়া ক্ৰমে নিতুমণি দাস আৰু ঋতুৰাজ দলেক চি আই ডিৰ কাৰ্যালয়ত আজি হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছিল ৷ এছআইটিয়ে জাৰি কৰা চমন অনুসৰি বৃহস্পতিবাৰে পুৱাবেলাত দুয়ো হাজিৰ হয় SITৰ সন্মুখত । ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে নম্বৰ বৃদ্ধিৰ অভিযোগত জেৰা চলোৱা হৈছে ৷

কিমান নম্বৰ বৃদ্ধি হৈছিল নিতুমণি আৰু ঋতুৰাজৰ ? দুৰ্নীতিৰ সম্ৰাট বুলি ইতিমধ্যে আখ্যা পোৱা APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ জোলোঙাৰ এই দুইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হৈছিল । তথ্য অনুসৰি লিখিত পৰীক্ষাত ইংৰাজী বিষয়ত নিতুমণি দাসে লাভ কৰিছিল মাত্ৰ ৪৮ নম্বৰ, কিন্তু ৰাকেশ পালৰ ছত্ৰছাঁয়াত এই নম্বৰ বঢ়াই ১৪৮ কৰি দিয়া হয় । ঠিক তেনেদৰে শিক্ষা বিষয়ৰ পৰীক্ষাত দাসে লাভ কৰিছিল ৪৯ নম্বৰ ৷ ১০০ নম্বৰ বৃদ্ধি কৰি সেয়া কৰা হৈছিল ১৪৯ ৷

একদৰে সমাজ বিজ্ঞান বিষয়ত নিতুমণিয়ে লাভ কৰিছিল ৭০ নম্বৰ আৰু সেয়া বৃদ্ধি কৰি কৰা হৈছিল ১০০ নম্বৰ । আনহাতে আনজন অভিযুক্ত গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰি থকা ঋতুৰাজ দলেও ধনৰ বিনিময়ত আৰক্ষী বিষয়া হৈছিল । ঋতুৰাজৰো নম্বৰ বঢ়াই পাৰ কৰা হৈছিল APSCৰ বৈতৰণী ।

শিক্ষা বিষয়ত ২০০ৰ ভিতৰত ৭৯ নম্বৰ লাভ কৰিছিল ঋতুৰাজ দলেয়ে ৷ ধনৰ বিনিময়ত নম্বৰ বঢ়াই কৰি দিয়া হৈছিল ১২২ । ঠিক তেনেদৰে ইতিহাস বিষয়ত পোৱা ১২৭ নম্বৰৰ ঠাইত বৃদ্ধি কৰি কৰি দিয়া হৈছিল ১৪৭ নম্বৰ ।

উল্লেখ্য যে, ৰাজ্যৰ অন্যতম বিয়াগোম কেলেংকাৰীটোৰ সন্দৰ্ভত ৬ গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে । বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা ১৭ গৰাকী ৰাজপত্ৰিত বিষয়াক এতিয়ালৈ SITয়ে জেৰা কৰিছে ৷

প্ৰতিবেদনখনত মুঠ ৩৪ গৰাকী বিষয়াৰ নাম উল্লেখ আছে । উক্ত ৩৪ গৰাকী লোকৰ সকলোকে কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই বুলি ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল ৰাজ্য চৰকাৰ । ইয়াৰোপৰি ন্যায়ালয়েও এই প্ৰসংগত প্ৰশ্ন কৰাৰ পিছত বাধ্য হৈ ৰাজ্য চৰকাৰে গঠন কৰিছিল বিশেষ তদন্তকাৰী দল ৷

এতিয়া লক্ষ্যণীয় হ’ব SITৰ এই তদন্তই কেলেংকাৰীত জড়িত কিমানজনক স্পৰ্শ কৰিব পাৰে !

লগতে পঢ়ক : APSC কেলেংকাৰীত নাম সাঙোৰ খোৱা নন্দ বাবু সিঙক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.