ETV Bharat / state

Indrani Tahbildar's Death Case : দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে আৰু দুজনক গ্ৰেপ্তাৰ - বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰ

শুকুৰবাৰে দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে পুনৰ দুজন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ ৷ গ্ৰেপ্তাৰ হৈছে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী ৷

Two More Arrested in Connection With Indrani
ইন্দ্ৰাণী তবহিলদাৰৰ আত্মহত্যাৰ ঘটনা
author img

By

Published : Aug 19, 2023, 8:14 PM IST

পুনৰ দুজন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ

গুৱাহাটী, 19 আগষ্ট : ইন্দ্ৰাণী তবহিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছতে ন ন তথ্য উদঘাটন হৈছে ৷ গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন বিজেপি কৰ্মী ৷ শুকুৰবাৰে দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে পুনৰ দুজন বিজেপি কৰ্মী গ্ৰেপ্তাৰ হৈছে ৷ শনিবাৰে গ্ৰেপ্তাৰ হৈছে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী ৷

গ্ৰেপ্তাৰৰ পিছতে চান্দমাৰী আৰক্ষী থানাৰ পৰা পোনে পোনে আদালতত লৈ যোৱা হয় দ্বীবন ডেকাৰ লগতে ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক ৷ CJM আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে তিনিওকে ৷ শুকুৰবাৰে চান্দমাৰী আৰক্ষীৰ দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল দ্বীবন ডেকাক ৷ ইফালে সমগ্ৰ ঘটনাৰে নাম সাঙোৰ খাইছে বিজেপি কৰ্মী ৰিয়া দাসৰ ৷ ৰিয়া দাসকো জেৰা কৰা হৈছে ৷ যি কোনো মুহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে ৰিয়া ৷

অসীম চক্ৰৱৰ্তী আৰু দ্বীবন ডেকাৰ টিমে মিলি PNRD আৰু স্বাস্থ্য বিভাগত নিযুক্তি দিয়াৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা ৷ অসীমে ৰেখান্ত দাসক লৈ আহিছিল অনুৰাগৰ ওচৰলৈ ৷ ইন্দ্ৰাণী ভাইৰেল কাণ্ডৰ মূল অভিযুক্ত অনুৰাগ চলিহাৰ কাৰ্যালয় পৰিৱৰ্তিত হৈছিল দালালীৰ বজাৰলৈ ৷ নিজ কাৰ্যালয়ত অনুৰাগে ভাৰত মাতা, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ ফটো লগাই ৰাজনৈতিক প্ৰভাৱ দেখুৱাই বিভিন্ন লোকৰ পৰা লুটিছিল কোটি কোটি টকা ৷ বিভিন্ন চাকৰি, ৱাইন শ্বপৰ লাইচেঞ্চ আৰু ঠিকাৰ নামত ৰাজনৈতিক প্ৰভাৱৰ অপব্যৱহাৰ কৰি লুণ্ঠন কৰিছিল একাংশ নিবনুৱাক ৷

বিজেপি, RSS ৰ নাম লৈ দালালীৰ বজাৰ খোলা অনুৰাগ চলিহা ইন্দ্ৰাণীৰ মৃত্যুৰ পূৰ্বে ৰোষত পৰিছিল দলীয় কৰ্মকৰ্তাৰ ৷ টকা বিচাৰি সেই কাৰ্যালয়লৈ গৈছিল অভিমন্যু দাস আৰু দ্বীবন ডেকাও ৷ ইপিনে ঘটনাৰ আন এগৰাকী অভিযুক্ত ৰিয়া শৰ্মা যি কোনো মুহুৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানো মৌনতা অৱলম্বন কৰিছে মহানগৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ পিছতে চান্দমাৰী আৰক্ষীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ সংগী অনুৰাগ চলিহাক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লোৱাৰ পিছতে ইন্দ্ৰাণীৰ আত্মহত্যাৰ লগত নাম সাঙোৰ খোৱা দ্বীবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তীক চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে, অনুৰাগ চলিহাৰ লগত ইন্দ্ৰাণী তহবিলদাৰৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল ৷ ইয়াৰ পিছতে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল ইন্দ্ৰাণীয়ে ৷ আত্মহত্যাৰ পিছত 14 আগষ্টত আৰক্ষীয়ে অভিযান চলাই ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অনুৰাগ চলিহাক ৷ সম্প্ৰতি 7 দিনৰ আৰক্ষীৰ জিম্মাত আছে অনুৰাগ চলিহা ৷

লগতে পঢ়ক : MLA Prasanta Phukan: ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ বাহনৰ ওপৰত আক্ৰমণ ; অভিযুক্ত মদন শ্বাহক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.