ETV Bharat / state

কৰীণা এতিয়া চিৰিয়াখানাৰ নতুন আবাসী - চিৰাং জিলাৰ বেংতল আৰক্ষী চকী

চিৰিয়াখানাৰ নতুন আবাসী কৰীণা নামৰ এটা দুমহীয়া সোণালী বান্দৰৰ পোৱালি ৷ চিৰাঙৰ ফাতেমা খাতুনৰ কোলাৰ পৰা চিৰিয়াখানাৰ জাহাংগীৰ আলীৰ কোলাত আশ্ৰয় পালে পিতৃ-মাতৃহীন সোণালী বান্দৰৰ দুমহীয়া পোৱালি এটাই ৷

two-month-golden-langur-at-zoo
কৰীণা এতিয়া চিৰিয়াখানাৰ নতুন আবাসী
author img

By

Published : Jun 11, 2020, 8:01 PM IST

গুৱাহাটী,11জুনঃ চিৰাং জিলাৰ বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ আলী আহমেদৰ পত্নী ফাতেমা খাতুনৰ কোলাত মাতৃ স্নেহে বিচাৰি পোৱা পিতৃ-মাতৃহীন সোণালী বান্দৰৰ পোৱালি এটা এতিয়া আবাসী হৈছে গুৱাহাটীস্থিত অসম ৰাজ্যকি চিৰিয়াখানাৰ। বিগত ২৭ মে'ত অসমৰ ৰাজ্যিক চিৰিয়াখানাৰ বনকৰ্মীয়ে চিৰাঙৰ পৰা উদ্ধাৰ কৰি চিৰিয়াখানালৈ লৈ আহিছিল সোণালী বান্দৰৰ পোৱালিটোক । কণমানি নতুন আবাসীক পাই উৎফুল্লিত হৈ পৰিছে চিৰিয়াখানাৰ বনকর্মী সকল। নতুন আবাসীৰ চোৱা-চিতাৰ দায়িত্বত আছে জাহাংগীৰ আলী নামৰ বনকর্মী এগৰাকী। বৰ্তমান জাহাংগীৰ আলীৰ কোলাতে থাকি সময় অতিবাহিত কৰিছে সোণালী বান্দৰৰ পোৱালিটোৱে। দিনৰ ভাগত জাহাংগীৰ আলীৰ লগতে চিৰিয়াখানাত থাকি আবেলিৰ ভাগত জাহাংগীৰ আলীৰ ঘৰলৈ যায় এই কণমানি সোণালী বান্দৰৰ পোৱালিটো। নিশা জাহাংগীৰ আলীৰ লগতে শুৱে কণমানি পোৱালিটোৱে।

কৰীণা এতিয়া চিৰিয়াখানাৰ নতুন আবাসী
সোণালী বান্দৰৰ কণমানি পোৱালিটোক চিৰিয়াখানাৰ নতুন আবাসীক হিচাপে পাই চিৰিয়াখানাৰ বনকর্মীসকল উৎফুল্লিত হৈ পোৱালিটোৰ নাম দিছে কৰীণা। কৰীণা বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷চিৰিয়াখানাৰ কৰ্তৃপক্ষই বৰ্তমান কৰীণাক যোগান ধৰিছে বটলৰ গাখীৰৰ লগতে অন্যান্য কিছুমান ফল ৷

লগতে পঢ়কঃবাঘজান কাণ্ডঃ দুৰ্লভ গগৈৰ মৃত্য়ুৰ ন্যায় বিচাৰিলে পৰিয়ালৰ লোকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.