ETV Bharat / state

দুই দুধৰ্ষ মাওবাদী কেডাৰ অসম আৰক্ষীৰ জালত - অসমত মাওবাদী

অসম আৰক্ষী জালত ৩ কোটি টকা মূৰৰ মূল্যৰ দুই দুধৰ্ষ মাওবাদী কেডাৰ(Maoist arrested by Assam police) ৷ 5 মাৰ্চত অল কায়দাৰ লগত জড়িত থকাৰ সন্দেহত বৰপেটা আৰক্ষীয়ে ৫ জনকৈ লোকক আটক কৰাৰ পিছত সোমবাৰে আন দুই মাওবাদী সদস্য তথা দুধৰ্ষ কেদাৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

Maoist arrested by Assam police
দুই দুধৰ্ষ মাওবাদী কেডাৰ অসম আৰক্ষীৰ জালত
author img

By

Published : Mar 7, 2022, 8:33 PM IST

গুৱাহাটী, ৭ মাৰ্চ: দীৰ্ঘদিনে ৰাজ্যত বাহৰ পাতি থকা দুই মাওবাদী সদস্য তথা দুধৰ্ষ কেদাৰ অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ । ধৃত দুধৰ্ষ কেদাৰ দুজন ক্ৰমে মাওবাদী কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন (Maoist Kanchan Da) দা ওৰফে জ্যোতিষ ওৰফে কনক(৭২) আৰু ৰাজ্যিক কমিটিৰ সদস্য আকাশ ওৰাং ওৰফে ৰাহুল ওৰফে কাজল (Maoist leader nabbed in Assam)। দেওবাৰে সন্ধিয়া কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিছা পৰা গ্ৰেপ্তাৰ কৰা হয় এই দুই দুধৰ্ষ কেদাৰক ।

সোমবাৰে গুৱাহাটী পাণবজাৰস্থিত আৰক্ষী চাউনীত সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয়, ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত মাওবাদীয়ে বাহৰ পাতি থকাৰ খবৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ডিচেম্বৰতে জনাইছিল । সেই খবৰৰ ভিত্তিত অসম আৰক্ষীয়ে ৰাজ্যৰ সীমামূৰীয়া অঞ্চলসমূহত অভিযান চলাইছিল । শেষত দেওবাৰে কাছাৰত চলা অভিযানত মাওবাদীৰ দুই দুধৰ্ষ কেদাৰ আৰক্ষীৰ জালত পৰে । ধৃত দুধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য পৰা আৰক্ষীয়ে নগদ ৩ লাখ ৬০ হাজাৰ টকা আৰু বহু আপত্তিজনক নথিপত্ৰ, লেপটপ, মোবাইল ডিভাইচ, কিতাপ আদি জব্দ কৰে ।

দুধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্যই পশ্চিম বংগ হাওৰা নিবাসী যদিও অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৃহৎ কূটাঘাট কৰাৰ উদ্দেশ্য লৈ দীৰ্ঘদিনে ৰাজ্যত বাহৰ পাতিছিল । তদুপৰি অসমত চিপিআই মাওবাদী ৰাজ্যিক সমিতি গঠনে ঝাৰখণ্ড, চণ্ডীৰগড়, তেলংগনা, উৰিষ্যা আদি ৰাজ্যক সাঙুৰি লোৱাৰ পৰিকল্পনা কৰিছিল । তেওঁৰ বিৰুদ্ধে বিভিন্ন স্থানত প্ৰায় ২০০ টা গোচৰ ৰুজু হৈ থকা কথা আয়ুক্ত সিঙে কয় ।

আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, ধৃত মাওবাদী কেডাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য মূৰৰ মূল্য ৩ কোটি টকা ধার্য কৰা হৈছিল । ইফালে নিয়া'ৰ তদন্তৰ আওতালৈ আহিব মাওবাদী দুধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য আৰু আকাশ ওৰাং । বৰ্তমান অপৰাধ অনুসন্ধান শাখাৰ ০২/২২ গোচৰ নম্বৰত গুৱাহাটীতে জেৰা কৰি থকা হৈছে ।

উল্লেখ্য যে, শনিবাৰে অল কায়দাৰ লগত জড়িত থকাৰ সন্দেহত বৰপেটা আৰক্ষীয়ে ৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰেও বৰপেটা আৰক্ষীয়ে সোধপোচৰ বাবে আন এজনক আটক কৰে ৷ শনিবাৰে সদস্যকেইজনক আটক কৰাৰ পিছতেই বৰপেটাত অল কায়দাৰ ঘাটি পুলিয়ে পোখাই উৎখাত কৰা বুলি সংবাদমেলযোগ দাবী কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

লগতে পঢ়ক: কাৰ্বি আংলংবাসীৰ আবেগৰ লগত নেখেলিবলৈ মুখ্যমন্ত্ৰীক আহ্বান কাৰ্বি ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.