ETV Bharat / state

বিজেপিৰ দুৱাৰত টোকৰ অসমৰ দুগৰাকী বিশেষ নেতাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:16 PM IST

Updated : Dec 18, 2023, 10:33 PM IST

বিজেপিত সংস্থাপন বিচাৰি এতিয়া চিন্তাত টোপনি নোহোৱা হৈছে অসমৰ দুগৰাকী নেতাৰ ৷ বিজেপিয়ে মাতিলেই গেৰুৱা বসন পিন্ধিবলৈ ঠেং দাঙি আছে দুয়োগৰাকী নেতাই ৷ কিন্তু বিজেপিয়েহে নামাতেহে নামাতে ৷ এতিয়ালৈে সেউজ সংকেত দিয়া নাই ৷ পঢ়ক সবিশেষ...

AASU leader join BJP
Two leaders interested to join BJP

নিউজ ডেস্ক, 18 ডিচেম্বৰ: কেইদিনমান আগলৈকে বিজেপিৰ নামটোও শুনিব নোখোজা, বিজেপিৰ কাম-কাজৰ খুঁতবোৰ ৰাইজৰ আগত মুকলিকৈ ব্যাখ্যা কৰা অসমৰ দুগৰাকী নেতা এতিয়া গভীৰভাৱে উৎকণ্ঠিত ৷ সেই উৎকণ্ঠা তেওঁলোকৰ কোনো ব্যক্তিগত জীৱনৰ উৎকণ্ঠাও নহয়, পাৰিবাৰিকো নহয় ৷ উৎকণ্ঠা ভৱিষ্যৎ ৰাজনৈতিক জীৱনক লৈ ৷

সৌ সিদিনালৈকে জাতে-পাতে নিমিলা বুলি কৈ বিজেপিক 24 ঘন্টাই কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি থকাৰ পিচত এতিয়া যেন দুয়োজনৰে অংকবোৰ ক’ৰবাত নিমিলা হৈছে ৷ কথাতে কয় নহয় বোলে বয়স হৈলে আপুনি বুদ্ধি হৈব ভাল ৷ ঠিক এনেকুৱাই হৈছে দুয়োজনৰ ৷ নাম দুটা আমি ক’ব খোজা নাই, বুজাই ঠিকেই বুজিব ৷ এজন আছিল ভৰিৰ বুঢ়া আঙুলিৰ পৰা চুলিৰ আগলৈকে দুৰ্দান্ত জাতীয়তাবাদী ছাত্ৰ নেতা ৷

ভৰ বয়সলৈকে ছাত্ৰ হৈ থকা এইজন নেতাই সেই সময়ত ৰাষ্ট্ৰীয়তাবাদৰ নামেই শুনা নাছিল, বিজেপিতো দূৰৰে কথা ৷ আনকি আনক গছত তুলি দি সেই সময়ত এটা জাতীয়তাবাদী দল জন্ম দিয়াৰো আঁৰৰ মানুহজন আছিল তেঁৱেই ৷ পিচে এতিয়া সময়ো সলনি হ’ল, হয়তো তেওঁৰ বুদ্ধিও সলনি হ’ল ৷ সেয়েহে গৃহপ্ৰবেশ কৰিব খুজিছে বিজেপিত ৷ কিন্তু ভাবিলেই জানো সকলো সঁচা হয় ! পাৰিলে তেওঁ আজিয়েই বিজেপিত যোগ দিয়ে ৷ কিন্তু বিজেপিয়েহে সময় দিব খোজা নাই ৷

অহুকাণে পহুকাণে বাগৰি অহা খবৰ মতে বিজেপিত যোগদানৰ বাবে ঠেং দাঙি থকা এইজন নেতাই দুটামান চৰ্ত সাপেক্ষেহে হেনো গেৰুৱা কাপোৰজোৰ পিন্ধিব খুজিছে ৷ দলটোত যোগ দিলেই হেনো 2026 চনৰ নিৰ্বাচনত নামনি অসমৰ এটা সমষ্টি নতুবা গুৱাহাটীৰ এটা সমষ্টিত টিকট দিব লাগিব তেওঁক ৷ ইয়াতে লাগিছে গাঁঠি ৷ সেয়েহে দুখোজ আগুৱাই চাৰিখোজ পিছুৱাই থাকিব লগীয়া হৈছে এইজন প্ৰাক্তন ছাত্ৰনেতা ৷

এতিয়া আহক আনজনৰ কথালৈ ৷ ৰাইজৰ মুক্তিৰ হকে ৰাজপথত আন্দোলন কৰি ৰাজনীতিৰ কেৰিয়াৰ গঢ়াৰ ‘ভূমি পূজন’ আৰম্ভ কৰা এইজন নেতাই আকৌ যাৰ আঙুলিত ধৰি মুক্তিৰ সন্ধানত নামিছিল তেওঁকেই একাষৰীয়া কৰি নিজৰ স্বাৰ্থৰ হকে এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত গৈ যোগ দিছিল ৷ কিছুদিন থাকি তাত কাম নিসিজাত পুনৰ এৰি থৈ যোৱা ঘৰখনলৈ ঘূৰি আহিছিল ৷ অলপদিন থকাৰ পিচত পুনৰ আন এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক যোগ দিয়ে যদিও বিজেপি বিৰোধী স্থিতি কিন্তু তেওঁৰ বাহাল থাকে ৷

আজি ইটো দল কালি সিটো দল কৰি ফুৰা এইজন নেতাই এতিয়া আকৌ যোগ দিব বিচাৰিছে বিজেপিত ৷ ভিতৰি দুই এলানি কথাও চলিছে ৷ পিচে চাউল সিজা নাই ৷ নিসিজাৰেই কথা, কিয়নো তেওঁৰ ফৰিং জাঁপ দিয়া স্বভাৱটোৱে বিজেপিকো কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে ৷ সেয়েহে না প্ৰাক্তন ছাত্ৰ নেতাই বিজেপিৰ পৰা এই পৰ্যন্ত সেউজ সংকেত পাইছে, না ফৰিঙৰ দৰে জপিওৱা নেতাজনে পাইছে ৷

ইফালে আজিৰে পৰা পুহমাহ সোমাল ৷ পুহ মাহত শুভকাম নকৰে বুলি সকলোৰে এটা বিশ্বাস আছে ৷ সেই বিশ্বাস হয়তো বাজপেয়ী ভৱনতো আছে ৷ যাৰ বাবে সাতে-পাঁচে মিলি বাৰ হ’লেও হয়তো খুব সোনকালে নহ’ব ৷ সময় লাগিব ৷ তথাপিও কিন্তু চেষ্টা এৰি দিয়া নাই এই নেতাদ্বয়ে ৷ মাঘতহে যদি কিবা এটা হয় !

লগতে পঢ়ক: কংগ্ৰেছ জনসাধাৰণৰ লগত নাই, কংগ্ৰেছ এতিয়া বাংলাদেশী আগ্ৰাসী মিঞাৰ মাজত: মানৱ ডেকা

Last Updated : Dec 18, 2023, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.