নিউজ ডেস্ক,3 এপ্ৰিল: অৱশেষত মুক্তি লাভ কৰিলে কুইপ’ৰ অভিযন্তাই ৷ অসম-অৰুণাচল সীমান্তত মুক্তি দিয়া হৈছে কুইপ’ৰ অপহৃত বিষয়া প্ৰণৱ কুমাৰ গগৈক ৷ কোম্পানীটোত কৰ্মৰত প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰিছিল আলফাৰ পৰেশপন্থী গোটে ৷ সম্পূৰ্ণ তিনি মাহ চৈধ্য দিনৰ অন্তত মুকলি কৰা হৈছে বিষয়া গৰাকীক ৷
অপহৃত দুই বিষয়াক চৰম শাস্তি বিহাৰ কথা ঘোষণা কৰিছিল পৰেশ বৰুৱাই ৷ উল্লেখ্য যে, 21 ডিচেম্বৰত অপহৰণ কৰা হৈছিল বিষয়া দুজনক ৷ প্ৰণৱ গগৈক মুক্তি দিয়াৰ বিপৰীতে আন গৰাকী অভিযন্তা বিহাৰৰ ৰাম কুমাৰক মুকলি কৰি দিয়াৰ সম্ভাৱনা সম্পৰ্কত কোনো কথা ব্যক্ত কৰা নাই আলফা (স্বা) য়ে ৷
লগতে চাওকঃ বৰলুইতত জঁপিয়ালে এজন ব্যক্তিয়ে