ETV Bharat / state

Matri Pitri vandana scheme : পিতৃ-মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ ছুটী - মাতৃ পিতৃ বন্দনা আঁচনি

মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত চৰকাৰী কৰ্মচাৰীক ছুটীৰ বাবে আবেদনৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Matri Pitri vandana by Assam Goverment) । আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে ৯ আৰু ১০ ফেব্ৰুৱাৰীৰ দিন দুটা (special leave to state employees for parents) ৷

two days special leave to state employees
পিতৃ মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ ছুটী
author img

By

Published : Feb 5, 2023, 1:43 PM IST

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : পিতৃ-মাতৃৰ লগত সময় অতিবাহিত কৰাৰ উদ্দেশ্য ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিগত বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বিশেষ ছুটীৰ । বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা "মাতৃ পিতৃ বন্দনা" আঁচনিৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলক প্ৰদান কৰা হৈছে বিশেষ ছুটী (Matri Pitri vandana by Assam Goverment) । চলিত বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত কৰ্মচাৰীসকলক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । আঁচনিখনৰ সুবিধা আদায়ৰ বাবে ৯ আৰু ১০ ফেব্ৰুৱাৰীত কৰ্মচাৰীসকলে লাভ কৰিব বিশেষ ছুটী ৷

উল্লেখনীয় বিষয় যে, এই বিশেষ দুটা দিনৰ ছুটীৰ পিচত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে পুনৰ লাভ কৰিব দুটা দিনৰ ছুটী ৷ ১১ আৰু ১২ ফেব্ৰুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব স্বাভাৱিক চৰকাৰী বন্ধ । ১১ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী কাৰ্যালয় বন্ধ থাকিব ৷ অৰ্থাৎ মুঠ চাৰিটা দিনৰ ছুটী লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে (two days special leave to state employees) ৷

মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ টা দিন বন্ধৰ সুবিধা লাভ কৰিব (special leave to state employees for parents) । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰিবলৈ তথা এই বিশেষ ছুটীৰ বাবে কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা প’ৰ্টেলযোগে আবেদন কৰিব লাগিব । উল্লেখ্য যে, এই বিশেষ ছুটী ল’ব বিচৰা কৰ্মচাৰীসকলক ৱেবছাইটৰ জৰিয়তে আবেদন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) ।

two days special leave to state employees for parents
পিতৃ মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ ৰাজ্য চৰকাৰৰ বিশেষ ছুটী

মুখ্যমন্ত্ৰী শৰ্মাই টুইটৰ জৰিয়তে কয় যে মাতৃ-পিতৃৰ সৈতে কিছু স্মৰণীয় সময় কটোৱাৰ অৰ্থে যোৱা বছৰৰ পৰা ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ‘মাতৃ-পিতৃ বন্দনা’ কাৰ্যসূচীৰ দিন এইবেলিও ধাৰ্য কৰা হৈছে । কৰ্মচাৰীসকলে matripitrivandana.assam.gov.in শীৰ্ষক ৱেবছাইটৰ জৰিয়তে বিশেষ ছুটীৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাব পাৰিব । ইয়াৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীসকলে একেলগে চাৰিটা দিনৰ ছুটী লাভ কৰিব ।

উল্লেখ্য যে, বছৰত দুটা দিন চৰকাৰী কৰ্মচাৰীসকলে যাতে নিজৰ পিতৃ-মাতৃ নাইবা শহুৰ-শাহুৰ সৈতে সময় কটাব পাৰে তাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে 2022 বৰ্ষৰে পৰা শুভাৰম্ভ কৰিছিল মাতৃ-পিতৃ বন্দনা আঁচনিৰ । বিগত বৰ্ষত কেবিনেট যোগে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্তৰ ।

লগতে পঢ়ক : Press conference of Jorhat DC : যোৰহাটৰ উন্নয়নৰ বাবে জিলাখনক মৰম কৰাৰ আহ্বান উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.