ETV Bharat / state

19 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শৈক্ষিক ভাৰ্চুৱেল সন্মিলন - ফিলিপাইনছ

19 ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে 'কাউঞ্চিল ফৰ টিচাৰ এডুকেশ্বন ফাউণ্ডেচন'ৰ উদ্যোগত অনুষ্ঠিত হ'ব 34 সংখ্যক আন্তৰ্জাতিক সন্মিলন । কৰ'ণা মহামাৰীৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত হ'ব এই সন্মিলন । উপস্থিত থাকিব দেশ-বিদেশৰ বহু বিশিষ্ট ব্যক্তি ৷

two-day-academic-virtual-summit-will-be-held-from-december-19
19 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শৈক্ষিক ভাৰ্চুৱেল সন্মিলন
author img

By

Published : Dec 11, 2020, 10:58 PM IST

গুৱাহাটী, 11 ডিচেম্বৰ : 19 ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে 'কাউঞ্চিল ফৰ টিচাৰ এডুকেশ্বন ফাউণ্ডেচন'ৰ উদ্যোগত অনুষ্ঠিত হ'ব 34 সংখ্যক আন্তৰ্জাতিক সন্মিলন । শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎ উত্তৰণৰ ক্ষেত্ৰত ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত এই সন্মিলনত আলোচনা কৰা হ'ব ।

ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পোন প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত হ'ব এই সন্মিলন । জুম এপ'ৰ জৰিয়তে অনুষ্ঠিত হ'বলগীয়া শৈক্ষিক সন্মিলনত বিশ্বৰ 6 খন দেশৰ 5 শতাধিক শিক্ষক তথা শিক্ষা জগতৰ লগত জড়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷

two-day-academic-virtual-summit-will-be-held-from-december-19
19 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব শৈক্ষিক ভাৰ্চুৱেল সন্মিলন

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা জনালে 'কাউঞ্চিল ফৰ টিচাৰ এডুকেশ্বন ফাউণ্ডেচন'ৰ অসম শাখাৰ বিষয়ববীয়াই । সংবাদমেলত সংস্থাটোৱে উল্লেখ কৰা অনুসৰি, ভাৰ্চুৱেল সন্মিলনৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : ক’লা পতাকা প্ৰদৰ্শনেৰে হুংকাৰ: অসমীয়াই কা' কেইয়াও গ্ৰহণ নকৰে

সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মুম্বাইৰ এছ এন ডি টি মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰঃ শশীকলা ৱানজাৰী, ফিলিপাইনছৰ ড০ মাৰ্গাৰেট বেলেষ্টৰছ আৰু ভাৰতীয় শিক্ষা মণ্ডলৰ সাংগঠিনক সম্পাদক মুকুল কান্তিকাৰ ।

ইফালে, সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে, নতুন শিক্ষানীতি সন্দৰ্ভত এই সন্মিলনত পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব ।

লগতে পঢ়ক : 27 জানুৱাৰীত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.