Rupam Goswami controversial comment: ৰূপম গোস্বামীক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খুজিবলৈ হুংকাৰ তৃণমূল যুৱ কংগ্ৰেছৰ - Rupam Goswami controversial comment
নামনি অসমক পাকিস্তানৰ লগত তুলনা কৰি শ’লঠেকত পৰিল বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী (BJP spokesperson Rupam Goswami controversial comment) ৷ 28 ঘণ্টাৰ ভিতৰত ৰাজ্যবাসীৰ ওচৰত ক্ষমা খুজিবলৈ হুংকাৰ প্ৰদান তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ (Trinamool Youth Congress reaction)৷
গুৱাহাটী, 28 ফেব্ৰুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পিচত এইবাৰ নামনি অসমক পুনৰ পাকিস্তানৰ লগত তুলনা কৰিলে বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে (BJP spokesperson Rupam Goswami controversial comment) ৷ সোমবাৰে অৰ্থাৎ 27 ফেব্ৰুৱাৰীত এক টেলিভিছন চেনেলৰ টক শ্ব'ত বিজেপি নেতা তথা ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে "নামনি অসমলৈ গ'লে পাকিস্তান পাকিস্তান লাগে" বুলি কৰা মন্তব্যৰ পিচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
মঙলবাৰে মহানগৰীত এই মন্তব্যৰ বিৰোধিতা কৰি অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই (Trinamool Youth Congress President Bandip Dutta) এক সংবাদমেলৰ আয়োজন কৰে (Trinamool Youth Congress reaction)৷ এই সংবাদমেলত বন্দীপ দত্তই কয় যে, ৰূপম গোস্বামীৰ মন্তব্যক কটাক্ষ কৰি কয় যে যোৱা সোমবাৰে এক টেলিভিছন চেনেলৰ টক শ্ব'ত বিজেপি নেতা ৰূপম গোস্বামীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই 'নামনি অসমলৈ গ'লে পাকিস্তান পাকিস্তান লাগে' বুলি কৰা মন্তব্যৰ সমৰ্থন কৰে ৷ ৰূপম গোস্বামীয়ে মুখ্যমন্ত্ৰীৰ কথাত হয়ভৰ দি তেওঁৰো নামনি অসমলৈ পাকিস্তান পাকিস্তান লাগে বুলি বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছিল ৷ এই মন্তব্যৰে বিজেপিৰ নেতাজনে সমগ্ৰ নামনি অসমক অপমান কৰিছে ।
‘‘নামনি অসম পাকিস্তান নেকি ? নামনি অসমৰ মানুহ পাকিস্তানী নেকি ? তেওঁলোকে বাঘবৰ, জনীয়া সমষ্টিৰ উদাহৰণ দি সমগ্ৰ নামনি অসমখন সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰিছে ৷ নামনি অসম বাঘবৰ, জনীয়াতে সীমাবদ্ধ নেকি ? ৰূপম গোস্বামীয়ে ২৪ ঘণ্টাৰ ভিতৰত এই মন্তব্য উঠাই লৈ সমগ্ৰ ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজক ৷ অন্যথা অসম তৃণমূল যুৱ কংগ্ৰেছৰ ফালৰ পৰা যিমান বিজেপিৰ কাৰ্যালয় আছে সকলো কাৰ্যালয়ৰ সন্মুখত ক’লা পতাকা উৰুওৱাকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হম’’ বন্দীপ দত্তই কয় ৷ ইয়াৰ লগতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে 2022 বৰ্ষত নামনি এখনৰ সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta biswa Sarma) নামনি অসমলৈ আহিলে পাকিস্তান পাকিস্তান লাগে বুলি মন্তব্য কৰিছিল। ইয়াক লৈ অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷